ETV Bharat / state

মন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন প্ৰশান্ত ফুকনৰ

মন্ত্ৰী হিচাপে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি আনন্দিত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন ।

Republic Day 2025
মন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন প্ৰশান্ত ফুকনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 26, 2025 at 1:07 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিলে প্ৰশান্ত ফুকনে । ডিব্ৰুগড়ৰ বিধায়ক তথা অসম চৰকাৰৰ শক্তি, দক্ষতা, নিয়োগ উদ্যমিতা আৰু চিকিৎসা শিক্ষা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে গণৰাজ্য দিৱস উপলক্ষে তিনিচুকীয়াত পতাকা উন্মোচন কৰে ।

তিনিচুকীয়াত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন প্ৰশান্ত ফুকনৰ

প্ৰথমবাৰলৈ মন্ত্ৰী হিচাপে পতাকা উন্মোচন কৰি আনন্দিত মন্ত্ৰীগৰাকী । এই ঐতিহাসিক মুহূৰ্ত সন্দৰ্ভত তেওঁ কয়, "আজি তিনিচুকীয়াত আহি মোৰো ৰাজনৈতিক জীৱন সফল বুলি ক’ব খুজিছো । দীঘল পৰিক্ৰমাৰ পিছত আজি প্ৰথমবাৰৰ কাৰণ পতাকা উন্মোচন কৰিব পাৰিছো । ২০ বছৰ ৰাজনীতিত থকাৰ পিছত । সেই কাৰণে তিনিচুকীয়াবাসীক মই বিশেষভাৱে সম্বোধন কৰিছো আৰু তেখেতসকলৰ পৰা মই উন্নয়নৰ গতি সহায় বিচাৰিছো ।"

মন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন প্ৰশান্ত ফুকনৰ (ETV Bharat)

উল্লেখ্য যে তিনিচুকীয়াৰ বৰগুৰিস্থিত আইটিআই খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উন্মোচন কৰি অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পেৰেডৰ মুঠ ২৭ টা দলৰ অভিবাদন গ্ৰহণ কৰে শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে ।

ইফালে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ বাবে গৌৰৱান্বিত বুলিও সদৰি কৰে ডিব্ৰুগড়ৰ বিধায়ক তথা শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে । সমান্তৰালকৈ শক্তি বিভাগটো ক্ৰমান্বয়ে শক্তিশালী কৰি লৈ যোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সদৰি কৰে শক্তি মন্ত্ৰীগৰাকীয়ে ।

আইইডি বিস্ফোৰণ সম্পৰ্কে প্ৰতিক্ৰিয়া

গুৱাহাটীৰ কেইবাটাও স্থানত আইইডি বিস্ফোৰণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনে । তেওঁ কয়, "কিছুমান সংগঠনে এনেকুৱা ধৰণৰ কাম কেতিয়াবা কৰে । পৰিচয় আৰু অস্তিত্বৰ বাবে তেওঁলোকে এনেকুৱা কাম কৰে । তাৰ কাৰণে আমাৰ আৰক্ষী, প্ৰশাসনে তৎপৰতাৰে কাম কৰিছে । ২৪x৭ তেওঁলোকে কৰ্ম সম্পাদন কৰিছে । তাৰ কাৰণে হয়টো সমগ্ৰ অসমত ক'ৰবাত সৰু সৰু বিক্ষিপ্ত ঘটনা হৈছে কিন্তু ডাঙৰ কোনো ঘটনা এই মুহূৰ্তলৈ হোৱা নাই । সেই কাৰণে মই আৰক্ষী প্ৰশাসনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো ।"

তিনিচুকীয়াত আয়োজিত গণৰাজ্য দিৱসত শক্তিমন্ত্ৰীগৰাকীৰ লগতে জিলা আয়ুক্ত স্বপ্নীল পাল, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপসহ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী অতুল বৰাই - REPUBLIC DAY 2025