সাৰমেয় কুটীৰ: গোলাঘাটত কুকুৰৰ আশ্ৰয়গৃহ
প্ৰাপ্তি ফাউণ্ডেচৰ উদ্যোগত গোলাঘাটত স্থাপন কৰা হৈছে কুকুৰৰ আশ্ৰয়গৃহ ।

Published : March 16, 2025 at 2:13 PM IST
গোলাঘাট : আপুনি হয়তো মহিলাৰ বাবে আশ্ৰয়গৃহ, বৃদ্ধৰ বাবে বৃদ্ধাশ্ৰম নাইবা শিশুৰ বাবে শিশুগৃহ স্থাপন কৰাৰ কথা শুনি বা দেখি আহিছে । কিন্তু মানৱতাৰ অন্যতম নিদৰ্শন দাঙি ধৰি গোলাঘাটত স্থাপন কৰা হৈছে গৰাকী বিহীন কুকুৰৰ বাবে সাৰমেয় কুটীৰ নামৰ আশ্ৰম । গোলাঘাট জিলাৰ নৱগঠিত খুমটাই সমষ্টিৰ অন্তৰ্গত ন-পমুৱা গাঁৱত স্থাপন কৰা হৈছে এই কুকুৰৰ বিশেষ আশ্ৰয়গৃহ । য'ত পদপথৰ কুকুৰৰ লগতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কুকুৰৰ চিকিৎসা কৰি সুন্দৰকৈ প্ৰতিপালন কৰা হয় । এনে কামৰ বাবে এতিয়া সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ জিলাৰ এগৰাকী অগ্ৰণী মহিলা ড৹ প্ৰাপ্তি বৰঠাকুৰ ।
'সাৰমেয় কুটীৰ'-কুকুৰৰ আশ্ৰয়গৃহ
সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, সাহিত্যিক, সমাজকৰ্মী ড৹ প্ৰাপ্তি বৰঠাকুৰে ৮ বছৰ পূৰ্বে জন্ম দিয়া প্ৰাপ্তি ফাউণ্ডেচন নামৰ এটা সংস্থাৰ জৰিয়তে তেওঁ নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে । ফাউণ্ডেচনৰ জৰিয়তে দীৰ্ঘদিন ধৰি জীৱ-জন্তুক খাদ্য যোগান, চিকিৎসাৰ ব্যৱস্থাৰ লগতে নিৰাশ্ৰয়, ৰোগীয়া জীৱ-জন্তুৰ আশ্ৰয়ৰ ব্যৱস্থাৰে মহৎ পদক্ষেপ গ্ৰহণ কৰি অহাৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত কুকুৰক কেম'থেৰাপীৰ জৰিয়তে সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে ।
এনে মহান উদ্দেশ্য আগত ৰাখি গোলাঘাট জিলাৰ ন-পমুৱা গাঁৱত প্ৰাপ্তি ফাউণ্ডেচনৰ উদ্যোগত সাৰমেয় কুটিৰ নামৰ কুকুৰৰ স্থায়ী আশ্ৰয়গৃহ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে ।
পশুপালন মন্ত্ৰীৰ প্ৰশংসা
এই আশ্ৰয়গৃহ উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে কয়,"গোলাঘাট জিলাত প্ৰাপ্তি ফাউণ্ডেচনে বিগত ৮ বছৰ ধৰি পদপথৰ কুকুৰৰ খাদ্য যোগান ধৰি আহিছে । আজি তেখেতে কুকুৰৰ বাবে এটা স্থায়ী আশ্ৰয়গৃহ মুকলি কৰিছে য'ত জিলাখনৰ বিভিন্ন প্ৰান্তত আঘাতপ্ৰাপ্ত আৰু আৰক্ষীয়ে উদ্ধাৰ কৰা কুকুৰবোৰ এই ফাউণ্ডেচনক হস্তান্তৰ কৰে আৰু তেওঁলোকে কুকুৰবোৰৰ খাদ্যৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰি আহিছে যাৰ বাবে মই পশুপালন মন্ত্ৰী হিচাপে বহুত ধন্যবাদ জ্ঞাপন কৰিছো । বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাক পশুপালন বিভাগৰ দায়িত্ব দিয়াৰ বাবে । স্বামী বিবেকানন্দই কৈছিল জীৱ সেৱা কৰিলে ঈশ্বৰৰ সেৱা হ'ব গতিকে এনে মহান কামৰ লগত মুখ্যমন্ত্ৰী আৰু আমাৰ চৰকাৰ সদায় থাকিব আৰু অসমত এনেধৰণৰ কাম যদি কোনোবাই হাতত লয় তেওঁলোকৰ লগত আমাৰ চৰকাৰ থাকিব ।"

আনহাতে এই সম্পৰ্কে প্ৰাপ্তি ফাউণ্ডেচনৰ সভাপতি ড৹ প্ৰাপ্তি বৰঠাকুৰে কয়, "২০১৭ চনৰ পৰা আমি এই কামৰ লগত জড়িত হৈ আছিলো, তেতিয়া আমাৰ সীমিত আছিল । প্ৰথম অৱস্থাত আমি পদপথৰ কুকুৰক খাদ্য যোগান ধৰিছিলো কিন্তু পিছত মন কৰিলো নিৰাশ্ৰয়, আঘাতপ্ৰাপ্ত কুকুৰবোৰ তেনেকৈ পৰি থাকি মৃত্যু হয় । পাছলৈ সেই কুকুৰবোৰ আমি লৈ অহাৰ ব্যৱস্থা কৰিলো আৰু তেতিয়া আমাক এটা আশ্ৰয় গৃহৰ প্ৰয়োজন অনুভৱ কৰিছিলো আৰু বিগত বৰ্ষত কাম আৰম্ভ কৰিলো । এতিয়া কুকুৰৰ বাবে সাৰমেয় কুটীৰ স্থায়ীভাৱে নিৰ্মাণ কৰা হ'ল ।"

তেওঁ লগতে, "গোলাঘাটৰ পৰা বিভিন্ন সময়ত কুকুৰৰ এক চোৰাং ব্যৱসায় চলি থাকে আৰু সেই কুকুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি আমাক দিয়ে । বৰ্তমান ইয়াত ৩৫ টা কুকুৰ আছে । ইয়াৰ পূৰ্বে ৭৫ টা আছিল । আমি বিপদত পৰা জীৱ-জন্তু লৈ আহো আৰু আমাৰ সাধ্য অনুসৰি চিকিৎসা কৰো ।" অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ মহাপ্ৰবন্ধক মিন্টু সন্দিকৈ, যুৱ নেতা প্ৰিয়ংদীপ কাকতি, বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ চুতীয়াকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক :হোলীগীতৰ লহৰ-সত্ৰীয়া পৰম্পৰাৰে উখল-মাখল বৰপেটা সত্ৰ - BARPETA HOLI FESTIVAL

