গুৱাহাটী: মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক অসম বিদ্যুৎ নিয়ামক আয়োগৰ সামান্য সকাহ । উৎকট গৰম আৰম্ভ হোৱাৰ পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগে এই সকাহ দিলে ৰাইজক । কিয়নো বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰিছে । সেই অনুসৰি শীঘ্ৰেই ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ এই নতুন নিৰিখ । এই সম্পৰ্কত গুৱাহাটীৰ ছয়মাইলস্থিত অসম বিদ্যুৎ নিয়ামক ভৱনত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই ।
সংবাদমেলত অধ্যক্ষগৰাকীয়ে জনাই, "সাধাৰণ ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল । ১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য এই নিৰিখ । বাকী সকলোধৰণৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটতত হ্ৰাস পাব ২৫ পইচাকৈ ।"
সংবাদমেলত অধ্যক্ষগৰাকীয়ে কয়, "প্ৰত্যেক বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুৎ মাচুলৰ নিৰিখ ঘোষণা কৰো । সেই অনুপাতে এইবাৰো আমি আয়োগে এটা নিৰিখ ধাৰ্য কৰিছো । সেই অনুসৰি যোৱা বছৰৰ তুলনাত এইবাৰ ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল । ঘৰুৱা গ্ৰাহক, জীৱনধাৰা আঁচনিৰ গ্ৰাহকে প্ৰতি ইউনিটত যোৱাবছৰ ৬ টকা ৩৪ পইচা দিয়াৰ বিপৰীতে এইবাৰ ৫ টকা ৩৪ পইচা দিব লাগিব । ইয়াৰোপৰি ১২০ ইউনিটৰ তলত আৰু ওপৰত দুয়োটা কেটেগৰীতে প্ৰযোজ্য হব এই নিৰিখ ।"
তেওঁ লগতে কয়, "১২০ ইউনিটৰ তলত গ্ৰাহকে পূৰ্বে ৬ টকা ৯৯ দিয়াৰ বিপৰীতে এতিয়া ৫ টকা ৯৯ পইচা দিব লাগিব । লগতে ১২০ ইউনিটৰ পৰা ২৪০ ইউনিটলৈ ৮ টকা ২৯ পইচাৰ বিপৰীতে এতিয়া ৭ টকা ২৯ পইচা দিব লাগিব । বাকী সকলোধৰণৰ গ্ৰাহক যেনে কৃষি, স্কুল, কলেজ, বাণিজ্য, কোম্পানী আদিৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব ২৫ পইচাকৈ ।"
উল্লেখ্য যে বিগত কেইটামান বছৰত বিদ্যুৎ মাচুল বৃদ্ধিয়ে সমস্যাত পেলাইছিল সাধাৰণ জনতাক । বিগত তিনিটা বছৰত পইচাৰ হিচাপত মাত্ৰ এবাৰহে বিদ্যুৎ মাচুল হ্ৰাস পাইছিল যদিও টকাৰ হিচাপত কেইবাবছৰৰ মূৰত এইবাৰ বিদ্যুৎ মাচুল হ্ৰাস পোৱাত ৰাইজে কিছু সকাহ পাব বুলি আশা কৰা হৈছে ।