ETV Bharat / state

তিনিচুকীয়া পৌৰসভাত ক্ষমতাকেন্দ্ৰিক যুঁজ: গেঁঠেলা মাৰিলে উন্নয়নে

মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে তিনিচুকীয়া পৌৰসভাই । ক্ষমতাকেন্দ্ৰিক যুঁজৰ বাবে উন্নয়নত হেঙাৰ হৈছে বাণিজ্যিক চহৰ তিনিচুকীয়াৰ ৷

Tinsukia Municipality controversy
তিনিচুকীয়া পৌৰসভাত ক্ষমতাকেন্দ্ৰিক যুঁজ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 5, 2024 at 5:30 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : উজনি অসমৰ অন্যতম বাণিজ্যিক চহৰ তিনিচুকীয়াত বিগত কিছুমাহৰ পৰা স্থবিৰ হৈ পৰিছে উন্নয়নৰ গতি । কিয়নো ক্ষমতাকেন্দ্ৰিক যুঁজৰ বাবে অচল হৈ আছে তিনিচুকীয়া পৌৰসভা । ১৫ টা ৱাৰ্ডেৰে গঠিত তিনিচুকীয়া পৌৰসভাত চলি থকা ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অঁৰিৰ বাবেই চহৰখনৰ উন্নয়নৰ গতি স্থবিৰ হৈ পৰিছে ।

কিন্তু ১৫ টা ৱাৰ্ডৰ ১৫ টা ৱাৰ্ডেই বিজেপিৰ দখলত থকাৰ পাছতো তিনিচুকীয়া পৌৰসভাৰ একাংশ ৱাৰ্ড কমিছনাৰে পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ফলত বহুদিন ধৰি পৌৰসভাৰ কাম-কাজ স্থবিৰ হৈ আছে ।

তিনিচুকীয়া পৌৰসভাত ক্ষমতাকেন্দ্ৰিক যুঁজ (ETV Bharat Assam)

বিজেপিৰ দখলত থকা ৭৭ খন পৌৰসভাৰ কোনো কোনো পৌৰসভাত দেখা দিয়া এনে অচলাৱস্থাৰ পৰিপ্ৰেক্ষিততে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জুলাই মাহৰ মাজভাগতে পৌৰসভাত কোনো ৱাৰ্ড কমিছনাৰৰ অসন্তুষ্টি থাকিলেও অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল । অসন্তুষ্টি থাকিলে দলীয় মঞ্চত আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিছিল ।

কিন্তু তিনিচুকীয়াত অধিকাংশ ৱাৰ্ড কমিছনাৰে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশক অংগুষ্ঠ প্ৰদৰ্শন কৰি পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে অনাস্থা আনিছে । ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে অনাস্থা অনাসকলৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰা বুলি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও হুমকি দিছিল । কিন্তু তিনিচুকীয়াৰ এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা ৰাইজে নেদেখিলে ৷ এক কথাত ক’বলৈ গ’লে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে তিনিচুকীয়া পৌৰসভাই ।

আনহাতে, তিনিচুকীয়া পৌৰসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কন্দল নিষ্পত্তিৰ বাবে হোৱা বৈঠকত সন্মুখতে অগ্ৰাহ্য কৰিছিল ১০ গৰাকী ৱাৰ্ড কমিছনাৰে । ইফালে আভ্যন্তৰীণ কন্দল আৰু ক্ষমতাকেন্দ্ৰিক যুঁজত বিধ্বস্ত হৈ পৰিছে তিনিচুকীয়া পৌৰসভা ৷ পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে ৱাৰ্ড কমিছনাৰ ক্ৰমে অশোক কুমাৰ আগৰৱাল, বাবুল সেন, মমতা কালুৱাৰ, ধিৰাজ সিং, পায়ল শৰ্মা, পুলক চেতিয়া, তৰুণ প্ৰতাপ সিং, পুষ্প সিং, প্ৰদীপ দাস আৰু ইন্দ্ৰ ৰয়ে ১৪ অক্টোবৰত আনিছিল অনাস্থা প্ৰস্তাৱ ।

ইফালে এই সমগ্ৰ ক্ষমতাকেন্দ্ৰিক যুঁজখনৰ ভুক্তভোগী হৈ সৰৱ হৈ পৰিছে তিনিচুকীয়াৰ সাধাৰণ জনতা, বিভিন্ন দল-সংগঠন ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জয়কান্ত মৰাণে অতি সোনকালে এই যুঁজৰ পৰিসমাপ্তি ঘটাই তিনিচুকীয়াৰ উন্নয়নৰ কাৰণে সকলোকে কাম কৰিবলৈ আহ্বান জনাইছে । লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো কামনা কৰিছে ।

লগতে পঢ়ক :উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী; বৰাকৰ পৰা আৰম্ভ কৰিলে অভিযান
লগতে পঢ়ক :উচ্চস্তৰীয় সমিতিৰ তালিকা সাহিত্য সভাৰ বাবে অশনি সংকেত: ডঃ অনিল শইকীয়া