ETV Bharat / state

মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

GU Cash for marks Scam : মাৰ্কশ্বীট কেলেংকাৰীয়ে উত্তাল কৰিছে ছাত্ৰ সমাজক ৷ সোমবাৰে বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাই এই কেলেংকাৰীৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ চাওক বিতং খবৰ...

MARKSHEET SCAM
সোমবাৰে সাব্যস্ত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2024 at 4:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 1 জুলাই: বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সোমবাৰে বিশ্ববিদ্যালয় চৌহদত সাব্যস্ত কৰে উত্তাল‌ প্ৰতিবাদ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নেতৃত্বতো পৃথক আন্দোলন হোৱা দেখা যায় ৷

মাৰ্কশ্বীট কেলেংকাৰীক লৈ উত্তাল ছাত্ৰ সমাজ (ETV Bharat Assam)

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ আইন মহাবিদ্যালয় আছু গোটৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা সমদল‌ কৰি প্ৰশাসনিক ভৱনৰ সম্মুখলৈ আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ প্ৰৱেশদ্বাৰত তলা লগোৱা দেখা যায় ৷

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰী APSC কেলেংকাৰীৰ সমপৰ্যায়ৰ : আছু - GU Cash for marks Scam

নগদ ধনৰ বিনিময়ত নম্বৰ বঢ়োৱা এই কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ নেতৃত্বই‌ কয়- এই কেলেংকাৰী সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে ৷ কেলেংকাৰীৰ সৈতে যদি কোনো বৰমূৰীয়া জড়িত হৈ থকা বুলি প্ৰমাণিত হয়, তেন্তে তেওঁলোককো দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীক বৃহৎ কেলেংকাৰী আখ্যা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ - Minister Ranjeet Kumar Dass

এখন বিশ্ববিদ্যালয়ত টকা দি পৰীক্ষাৰ নম্বৰ বঢ়াব পাৰি, ইয়াতকৈ দুর্ভাগ্যজনক কথা আৰু কি থাকিব পাৰে বুলিও প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰে ৷ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এক ক'লা অধ্যায়ৰূপে পৰিচিত হৈছে এই মাৰ্কশ্বীট কেলেংকাৰীৰ বিষয় ৷

এতিয়ালৈকে মুঠতে ১০ জনক গ্ৰেপ্তাৰ :

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অপৰাধত গুৱাহাটী, বৰপেটা, কলগাছিয়া, ধুবুৰী, দৰং আদি ঠাইৰ পৰা মুঠতে ৯ জন অভিযুক্তক বৰপেটা আৰক্ষী আৰু চি আই ডিয়ে যুটীয়া অভিযান চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দেওবাৰে পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক: মই সদায় জীয়াই নাথাকো, জাতিটো জীয়াই থাকিব লাগিব : মুখ্যমন্ত্ৰী - Assam CM on marksheet scam

চি আই ডিৰ সহযোগত এই কেলেংকাৰীৰ তদন্ত অব্যাহত ৰখা বৰপেটা জিলাৰ আৰক্ষীৰ এটা দলে দেওবাৰে দৰং জিলাৰ দলগাঁৱৰ পৰা জাভেদ আখতাৰ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰৰ পিছতে অধিক জেৰাৰ বাবে আখতাৰক নিয়া হয় বৰপেটালৈ ৷ পেছাত এগৰাকী অধিবক্তা ধৃত জাভেদ আখতাৰ মাৰ্কশ্বীট কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত ৷

লগতে পঢ়ক: চি আই ডি-আৰক্ষীৰ যুটীয়া অভিযান : মাৰ্কশ্বীট কেলেংকাৰীৰ 8 অভিযুক্তক গ্ৰেপ্তাৰ - marksheet scam

ইতিপূৰ্বে বৰপেটা আৰক্ষীৰ নেতৃত্বত বৰপেটাৰোড আৰু হাউলী আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজন হৈছে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই টি আই নামৰ কোম্পানীটোৰ কৰ্মচাৰী বিহাৰৰ সমষ্টিপুৰৰ কৃষ্ণ‍ কৃষ্ণমূৰ্তি, বৰপেটাৰোডৰ জি এল চি কলেজৰ ছাত্ৰ আজিজুল হক, বৰপেটা জিলাৰ কলগাছিয়াৰ ইছমাইল হুছেইন, বৰপেটা জিলাৰ কলগাছিয়া আমগুৰিৰ আলমগীৰ খান, কলগাছিয়া বৰদাৰ মইনুল হক, নগাঁৱৰ হামেজ উদ্দিন, লাংলা মহাবিদ্যালয়ৰ আমিনুল ইছলাম, ধুবুৰী আইন মহাবিদ্যালয়ৰ শিৱতোষ মাহাতো আৰু কলগাছিয়া লাংলাৰ আবুল বাচে ৷

এই ১০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ স্বাৰ্থত এই মুহূৰ্তলৈকে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই কোনো মন্তব্য ৷

লগতে পঢ়ক: মাৰ্কশ্বীট কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ, আৰক্ষীৰ জালত আঠটা অভিযুক্ত - Marksheet Scam