চৰম অৱহেলা ! ১৫ বছৰেই মুকলি নহ'ল উপ-পশু চিকিৎসা কেন্দ্ৰ
ব্যৱহাৰৰ পূৰ্বেই ভূত বাংলাত পৰিণত উপ-পশু চিকিৎসা কেন্দ্ৰ । দীৰ্ঘদিনেই নাই চিকিৎসক । হাহাকাৰ পশুপালকৰ ।

Published : June 21, 2025 at 2:25 PM IST
জোনাই : প্ৰায় ১৫ বছৰ পূৰ্বেই লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল এটা উপ-পশু চিকিৎসা কেন্দ্ৰ । এই উপ-পশু চিকিৎসা কেন্দ্ৰটো নিৰ্মাণ কৰাত এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে পশুধনৰ চিকিৎসাৰ সমস্য়াৰ সমাধান হ'ব বুলি আশা কৰিছিল । পিছে কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজৰ সেই আশা আজিও মনতেই থাকি গ'ল । কাৰণ এতিয়া ভূত বাংলালৈ পৰিণত হৈছে এই উপ-পশু চিকিৎসা কেন্দ্ৰটো ৷
জংঘলে আৱৰি ধৰিছে উপ-পশু চিকিৎসা কেন্দ্ৰ :
বিগত ১৫ বছৰেই নাই চিকিৎসক ৷ ফলত জীয়াতু ভুগিব লগাত পৰিছে পশুপালকসকল ৷ উপ-পশু চিকিৎসা কেন্দ্ৰটো ঘন জংঘলে আৱৰি ধৰাত এফালৰ পৰা জহি-খহি গৈছে । পশু চিকিৎসা বিভাগ তথা অসম চৰকাৰৰ চৰম হেমাহিৰ বাবেই আজি অঞ্চলটোৰ ৰাইজে পশুধনৰ চিকিৎসাৰ বাবে দূৰণিলৈকে যাবলগীয়া হোৱাত পশুপালকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।
এই ভূত বাংলালৈ পৰিণত হোৱা উপ-পশু চিকিৎসা কেন্দ্ৰটো আছে জোনাই সমজিলাৰ অন্তৰ্গত তথা বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত অকলেণ্ডত । প্ৰায় ১৫ বছৰ পূৰ্বেই লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰতনপুৰ উপ-পশু চিকিৎসা কেন্দ্ৰটো জহিখহি গ’ল ব্যৱহাৰৰ পূৰ্বেই ৷
এই পশু চিকিৎসা কেন্দ্ৰটোলৈ কোনোদিনেই অহা নাই চিকিৎসক কিম্বা কৰ্মচাৰী । ফলত পশু চিকিৎসা কেন্দ্ৰটোৰ লগতে চিকিৎসক তথা কৰ্মচাৰীৰ বাবে নিৰ্মাণ কৰা চৰকাৰী আবাস বোৰৰো দুৱাৰ-খিৰিকি আদি জহিখহি গৈছে । লগতে হাবি- জংগলে আৱৰি পৰিণত হ’লগৈ ভূত বাংলালৈ ৷

বেৰা চাপৰিৰ পশুপালকৰ ক্ষোভ :
উল্লেখ্য যে জোনাইৰ বান বিধ্বস্ত বেৰা চাপৰি অঞ্চলৰ তথা ৯৯ শতাংশ লোকে কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰা বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ একমাত্ৰ পশু চিকিৎসা কেন্দ্ৰটোৰ এনে দুৰৱস্থা হোৱাত কৃষিজীৱী ৰাইজৰ গৰু-ছাগলী, হাঁহ-কুঁকুৰা, গাহৰি আদিৰ বেমাৰ হ'লেও উপযুক্ত চিকিৎসা নোপোৱা বা জোনাইলৈ আহি চিকিৎসা কৰিব নোৱাৰাত বহু সময়ত মৃত্যু হয় পশুধনৰ ৷ এই কেন্দ্ৰটো মেৰামতি কৰি চিকিৎসক-কৰ্মচাৰী নিয়োগৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আবেদন-নিবেদন কৰি অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে অঞ্চলটোৰ কৃষিজীৱী ৰাইজে ৷

এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্য়ক্তিয়ে পশু পালন বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, "বিগত ১৫ বছৰেই মুকলি নহ'ল এই উপ-পশু চিকিৎসা কেন্দ্ৰটো । গৰু-ম'হ আদিৰ বেমাৰ হ'লে ইয়াতেই যদি চিকিৎসা পাওঁ তেতিয়াহ'লে ভাল হয় ।... ১৫ বছৰ আগতেই চিকিৎসক আছিল । এই কেন্দ্ৰটো আজিলৈকে মুকলি নহ'ল । এনেকৈয়েই থাকি গ'ল ।"
সেয়ে জোনাইৰ অকলেণ্ডত থকা জৰাজীৰ্ণ ৰতনপুৰ উপ-পশু চিকিৎসা কেন্দ্ৰটো শীঘ্ৰে মেৰামতি কৰাৰ লগতে চিকিৎসক-কৰ্মচাৰী নিয়োগ কৰি পশুধনৰ চিকিৎসাৰ বাবে উপযুক্ত কৰি তুলিবলৈ কৃষিজীৱী ৰাইজে দাবী জনাইছে ।

