ETV Bharat / state

মই মাঘৰ বিহু পাতিম, মই কংগ্ৰেছ কৰিম তাত আপুনি ক'বলগীয়া কি আছে: ভূপেন বৰা

ৰাজনৈতিক মেৰপেচত সোমাব নেকি মিচিং সমাজৰ প্ৰাণৰ উৎসৱ আলি আয়ে লৃগাং ?

Accused of playing politics over Ali Aye Ligang at Dhakuakhana
আলি আয়ে লৃগাঙক লৈ ৰাজনীতি কৰাৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 8, 2025 at 3:35 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: মিচিংসকলৰ প্ৰাণৰ উৎসৱসমূহৰ অন্যতম হ'ল আলি-আয়ে-লৃগাং । এই লৃগাং উৎসৱ সমাগত । সম্প্রতি লৃগাঙক লৈ সৃষ্টি হৈছে এক বিতৰ্কৰ । ৰাজনীতিৰ মেৰপেচত সোমাব নেকি আলি-আয়ে-লৃগাং ? দলীয় সাংগঠনিক স্থিতি মজবুত কৰাৰ আহিলাৰূপে ব্যৱহাৰ কৰা হ'ব পাৰে নেকি এই উৎসৱক ? সম্প্রতি এনেবোৰ প্ৰশ্নই দোলা দিছে ।

উল্লেখ্য যে প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত অহা ১৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয়ভাৱে ঢকুৱাখনা বকুলগুৰিত আলি-আয়ে-লৃগাং উদযাপন কৰিবলৈ লোৱা বুলি খবৰ ওলাইছে । সেয়ে এই সিদ্ধান্তক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে মিচিং জাতীয় সংগঠন বানৌ কৗবাঙ অথবা মিচিং জাতীয় সভাই । শুকুৰবাৰে দুপৰীয়াৰ ঢকুৱাখনা বকুলগুৰিত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কোনো ৰাজনৈতিক দলৰ উদ্যোগত আলি-আয়ে-লৃগাং উদযাপন কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে ।

আলি আয়ে লৃগাঙক লৈ ৰাজনীতি কৰাৰ অভিযোগ (ETV Bharat Assam)

লগতে মিচিং সমাজৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিব দিয়া নহয় বুলি মন্তব্য কৰি আগন্তুক দিনত কংগ্ৰেছ দলে উদযাপন কৰিবলগীয়া আলি-আয়ে-লৃগাং উদযাপন কৰিবলৈ দিয়া নহ'ব বুলি সভাই সকীয়াই দিয়ে । উল্লেখযোগ্য যে মিচিং জাতীয় সংগঠনৰ সাংস্কৃতিক সংগঠন বানৌ কৗবাঙৰ কৰ্মসূচী আৰু নিৰ্দেশনাত উল্লেখ থকা অনুসৰি কোনো ৰাজনৈতিক দল অথবা সংগঠনে নিজ ইচ্ছামতে আলি-আয়ে-লৃগাং উদযাপন কৰিব নোৱাৰিব ।

আনফালে ঢকুৱাখনা ঘিলামৰাত জয় বাপু, জয় ভীম, জয় সংবিধান শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছ সভাপতি ভূপেন বৰাই মিচিং জাতীয় সংগঠন বানৌ কৗবাঙৰ কথা মানি লোৱা নহ'ব আৰু তেওঁলোকে এই উৎসৱ উদযাপন কৰিব বুলি উল্লেখ কৰাৰ লগতে মিচিং স্বায়ত্ত শাসিত পৰিষদক বিজেপিৰ ভনীজোঁৱাই বুলি তাচ্ছিল্য কৰে ।

এ পি চি চিৰ সভাপতিগৰাকীয়ে কয়, "মই ভূপেন বৰা, মই মাঘৰ বিহু পাতিম, মই কংগ্ৰেছ কৰিম তাত আপুনি ক'বলগীয়া কি আছে ? আমাৰ ইয়াত আছে সুৰজিৎ দলে, দলেৰ নিজৰ বিহু আলি-আয়ে-লৃগাং, দলে কংগ্ৰেছ, দলেই কংগ্ৰেছ কৰে বাবে আপুনি ক'ব নেকি যে দলেই আলি-আয়ে-লৃগাং পাতিব নোৱাৰিব ? গতিকে বিহুক লৈ অনাহকত বিতৰ্ক কৰিব নালাগে ।"

লগতে পঢ়ক: লৃগাঙলৈ বেছিপৰ নাই, তাঁতশালত ব্যস্ত মিচিং গাভৰু - ALI AYE LIGANG

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ গ্ৰন্থ বিপণিত বিৰ দি বাট নোপোৱা অৱস্থা - SANKARADEVA SANGHA JORHAT SESSION