ETV Bharat / state

আৰক্ষীৰ তীক্ষ্ণ নিৰীক্ষণত জমিয়ত নেতাৰ গোৱালপাৰা ভ্ৰমণ: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গোৱালপাৰা জিলাত জমিয়ত উলেমা-ই-হিন্দৰ সাতজনীয়া প্ৰতিনিধি দলৰ ভ্ৰমণ আৰক্ষীৰ কঠোৰ নিৰীক্ষণত থাকিব ।

Assam CM on Jamiat
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI File Photo)
author img

By ANI

Published : September 2, 2025 at 1:26 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: শেহতীয়াভাৱে ৰাজ্যৰ ৰাজনীতি জমিয়ত উলেমা-ই-হিন্দৰ প্ৰসংগই উত্তাল কৰি ৰাখিছে । তাৰ মাজতে এইবাৰ গোৱালপাৰা ভ্ৰমণ কৰিছে জমিয়তৰ এটা প্ৰতিনিধি দলে । তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গোৱালপাৰা জিলাত জমিয়ত উলেমা-ই-হিন্দৰ সাতজনীয়া প্ৰতিনিধি দলৰ ভ্ৰমণ আৰক্ষীৰ তীক্ষ্ণ নিৰীক্ষণত থাকিব ।

সোমবাৰে এটা X পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, "বৰ্তমান জমিয়ত উলেমা-ই-হিন্দৰ এটা প্ৰতিনিধি দলে অসমৰ গোৱালপাৰা জিলা ভ্ৰমণ কৰি আছে । আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'নৰ (বি টি আৰ) নিৰ্বাচন আৰু জিলাখনৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে শান্তি আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিব ।"

মুখ্যমন্ত্ৰীয়ে লগতে জিলাখন ভ্ৰমণ কৰা প্ৰতিনিধি দলটোৰ সদস্যসকলৰ নামো প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সদস্যসকলৰ নাম উল্লেখ কৰি পোষ্টটোত লিখিছে, "মৌলানা মেহমুদ মাদানী - সভাপতি, জমিয়ত উলেমা-ই-হিন্দ, মৌলানা হাকিমুদ্দিন কাছিমী - সাধাৰণ সম্পাদক, জমিয়ত উলেমা-ই-হিন্দ, মুফতি জাৱেদ ইকবাল কাছমি - সভাপতি, জমিয়ত উলেমা বিহাৰ, মৌলানা খালিদ আনোৱাৰ - সাধাৰণ সম্পাদক, জমিয়ত উলেমা কিষাণগঞ্জ, কাৰী নৌছাদ আদিল -সংগঠক, জমিয়ত উলেমা-ই-হিন্দ, মৌলানা নাৱেদ আলম কাছমি - সদস্য, জমিয়ত উলেমা-ই-হিন্দ, মৌলানা ছলমান - সংগঠক, জমিয়ত উলেমা-ই-হিন্দ ।"

আনহাতে, মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ মাজত শান্তি-শৃংখলা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনো সম্পূৰ্ণ সজাগ হৈ আছে ।

ইফালে, অসম ৰাজ্যিক বিজেপিয়ে দেওবাৰে আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত ৪০টা সমষ্টিৰ ভিতৰত ২৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে ।

২২ ছেপ্টেম্বৰত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ এই ৫ খন জিলাত বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২৬ আগষ্টত জাৰি কৰা অধিসূচনা অনুসৰি ২৬ ছেপ্টেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব ।

নিৰ্বাচনৰ সময়সূচী অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২ ​​ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে । আনহাতে, ৪ ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষা কৰা হ'ব আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৬ ছেপ্টেম্বৰ ।

লগতে পঢ়ক :অসমীয়া হিন্দু-বঙালী হিন্দু সকলো এক : গৰিষ্ঠসংখ্যক বঙালী হিন্দুৰ বাসভূমি বৰাকত মুখ্যমন্ত্ৰীৰ ঘোষণা - CM ON HINDU BENGALI
লগতে পঢ়ক :প্ৰতিবাদত অথন্তৰ; বিজেপি কৰ্মীয়ে জ্বলালে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মাতৃৰ ফটো - BJP PROTEST