AAP ৰ কাৰ্যালয়ত হঠাৎ কিয় অসম আৰক্ষী ? - Police at AAP state office
Police deployed at AAP office: আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত আৰক্ষীৰ দল । কাৰণ নোহোৱাকৈ আপৰ মুখ্য কাৰ্যালয়ত আৰক্ষীৰ প্ৰৱেশক লৈ প্ৰতিক্ৰিয়া আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পলৰ ।

Published : March 28, 2024 at 7:34 PM IST
গুৱাহাটী,২৮ মাৰ্চ: ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ । সাজু হৈছে প্ৰতিটো শাসক-বিৰোধী ৰাজনৈতিক দল । নির্বাচনক লৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল । ইতিমধ্যে শেষ হৈছে প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব । এপ্ৰিল মাহৰ ১৯ তাৰিখে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে বিৰোধী ৰাজনৈতিক দল আম আদমি পাৰ্টীৰ ডিব্ৰুগড় আৰু শোণিতপুৰৰ দুগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ ।
পিছে ২৪ ঘণ্টা নহওতে আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত বৃহস্পতিবাৰে উপস্থিত হয় দিছপুৰ আৰক্ষীৰ দল । ৰাজ্যিক কাৰ্যালয়ত অসম আৰক্ষীৰ এটা বৃহৎ দলে পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈকে প্ৰায় ৪ ঘণ্টা সময় ধৰি অৱস্থান কৰে । হঠাৎ আৰক্ষীৰ দলটো উপস্থিত হোৱাত হাহাকাৰ লাগে কাৰ্যালয়টোত উপস্থিত নেতা-কৰ্মীসকলৰ মাজত । কি কাৰণত আৰক্ষী দলটোৰ কাৰ্যালয়টোত উপস্থিত হয় সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমানলৈ পোহৰলৈ অহা নাই ।
ইয়াৰ পিচতে আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত হঠাতে আৰক্ষী মোতায়েন কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলৰ ৰাজ্যিক নেতৃত্ব । দেশৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিচত প্ৰথমে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক EDৰ জৰিয়তে ভুৱা গোচৰত গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী সময়ত অসমতো আপৰ বিৰুদ্ধে আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ সন্দৰ্ভত দলৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু গুৰপ্ৰীত সিং উপ্পল চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।
লক্ষ্যণীয় কথাটো হ'ল এয়ে যে অসমৰ দুটাকৈ লোকসভা সমষ্টিত আপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । বুধবাৰে শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু মনোজ ধানোৱাৰে মনোনয়ন দাখিল কৰে । দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন যাত্ৰাত তেজপুৰ আৰু ডিব্ৰুগড়ত প্ৰায় ১০ সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে । মনোনয়ন দাখিলৰ ২৪ ঘন্টা অতিক্ৰম হোৱাৰ পূৰ্বেই অসম চৰকাৰে আৰক্ষীৰ হতুৱাই আপৰ নেতা-কৰ্মী, সমৰ্থক সকলক ভীতিগ্ৰস্ত কৰিবৰ বাবে এনে অপচেষ্টাত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰে দলৰ মুখপাত্ৰ গুৰপ্ৰীত সিং উপ্পলে । এখন গণতান্ত্ৰিক দেশত বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা এনে ব্যৱস্থাক স্বৈৰতান্ত্ৰিক বুলি আখ্যা দিয়ে আপ, অসমৰ নেতৃত্বই ।
লগতে পঢ়ক: 'কা'ৰ সপক্ষে সৰ্বানন্দ সোণোৱালে কৰা মন্তব্যৰ বিৰোধিতা আপৰ - AAP Assam Press Meet

