ETV Bharat / state

সম্পৰ্কত মনোমালিন্য নে ডাবল মাৰ্ডাৰ - কিহৰ বলি হ’ল 19 বছৰীয়া কৃষ্ণা? - Deadbody recovered in Mangaldoi

Darrang SP press meet: ৰহস্যঘন কৃষ্ণামণি ডেকাৰ মৃত্যু সন্দৰ্ভত দৰং আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ ঘটনাৰ সৈতে জড়িত বহু তথ্য লাভ কৰিছে বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷ সংবাদমেল সম্বোধন কৰি কি ক’লে জিলাখনৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে ৷

Police suspect boyfriend killed his girlfriend Krishnamani Deka Darrang SP said in press meet
শীঘ্ৰেই ফাদিল হ’বকৃষ্ণামণি ডেকাৰ মৃত্যুৰ ৰহস্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 31, 2024 at 7:34 AM IST

|

Updated : July 31, 2024 at 9:20 AM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ, ৩১ জুলাই: অৱশেষত পোহৰলৈ আহিল ৰহস্যঘন কৃষ্ণামণি ডেকাৰ মৃত্যুৰ ৰহস্য । আৰক্ষীয়ে চলোৱা প্ৰাথমিক তদন্তত কৃষ্ণামণি ডেকা সমগ্ৰ ঘটনাৰ সৈতে জড়িত বুলি মঙলবাৰে এক সংবাদমেলযোগে জনায় দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে ৷ মৃত প্ৰেমিক চিণ্টুমণি নাথেই কৃষ্ণামণি ডেকাক হত্যা কৰা বুলি আৰক্ষীয়ে তথ্য প্ৰমাণ লাভ কৰিছে বুলিও জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে । ৰহস্যঘন দুটাকৈ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে থানালৈ সোধ-পোছৰ বাবে মাতি আনিছিল মৃত কৃষ্ণামণি ডেকাৰ আন এগৰাকী যুৱ বন্ধুক । ইয়াৰ পাচতে আৰক্ষী নিশ্চিত হয় দোষী সন্দৰ্ভত ৷ দৰং আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰাৰ পিছতে ওলাই পৰিল কৃষ্ণামণি হত্যাৰ ঘটনাৰ ৰহস্য ।

আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ সংবাদমেল (ETV Bharat Assam)

ঘাতক প্ৰেমিক

আত্মহত্যা কৰা প্ৰেমিক চিন্টুমণি নাথেই কৃষ্ণামণিক হত্যা কৰিছিল বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ । দৰং আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিছে এই কথা । চিণ্টুমণি নাথে মঙলদৈৰ নিকতৱৰ্তী পকাবাঙিপাৰাত থকা তেওঁৰ বায়েকৰ ঘৰলৈ কৃষ্ণামণি ডেকাক লৈ আহি হত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

সংঘাতপূৰ্ণ প্ৰেমৰ সম্পৰ্ক

প্ৰেমৰ সম্পৰ্কত সংঘাতে দেখা দিছিল চিন্টু আৰু কৃষ্ণাৰ মাজত । আৰক্ষীয়ে জনোৱা অনুসৰি কৃষ্ণাৰ কৰ্মকাণ্ডক লৈ বহুদিনৰ পৰা অসন্তুষ্ট হৈছিল চিন্টু ৷ দৰঙৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা তদন্তকাৰী দলটোৱে চিন্টুমণি নাথ আৰু কৃষ্ণামণি ডেকাৰ ফোনৰ ৰেকৰ্ডিং আৰু আন এগৰাকী যুৱকৰ ফোনৰ ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি ঘটনাৰ ৰহস্যভেদ কৰিবলৈ সক্ষম হৈছে বুলি জনায় ।

আত্মহত্যা কৰাৰ পূৰ্বে চিন্টুৱে এটি নম্বৰলৈ ভইচ মেচেজ প্ৰেৰণ কৰে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে । চিন্টুৱে উক্ত ভইচ মেচেজত কৃষ্ণাৰ সৈতে কিহৰ কাৰণে সম্পৰ্ক বেয়া হৈছে উল্লেখ কৰাৰ লগতে এমাহৰ পৰা চিন্টু মানসিকভাবে অস্থিৰ হৈ আছিল তথা ভাত-পানী খাব পৰা নাই বুলি উল্লেখ কৰে ৷ মানসিক অশান্তি দূৰ কৰিবৰ বাবে মদ্যপানৰ সহায় লৈছিল । লগতে সম্পৰ্কটো বেয়া হোৱাৰ বাবেও আক্ষেপ প্ৰকাশ কৰিছিল ৷ ইয়াৰ লগতে কৃষ্ণাই প্ৰতৰণা কৰাৰ কথাও উল্লেখ আছে ভইচ মেচেজটোত ।

হত্যাকাণ্ডৰ সময়

শাওন মাহ উপলক্ষে সোমবাৰে ছিপাঝাৰৰ নাৰিকলি মন্দিৰত সেৱা ল’বলৈ গৈছিল চিন্টু আৰু কৃষ্ণাই । তাৰ পৰা বিয়লি সমীপৰ পকাবাঙিপাৰাত থকা বায়েকৰ ঘৰলৈ কৃষ্ণামণিক লৈ যায় চিন্টুয়ে আৰু তাতেই নিশা হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তদন্ত চলাই আছে বুলি জনায় দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে ।

উল্লেখযোগ্য যে চিন্টুমণি নাথে কৃষ্ণাক হত্যা কৰা বুলি সন্দেহ কৰা স্থানত নাৰিকলি মন্দিৰৰ প্ৰসাদ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰাৰ উপৰিও কিছু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । ইয়াৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

ইফালে হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা চিন্টুৱে মঙলবাৰে সোণাপুৰৰ নিজ গৃহৰ সমীপত আত্মহত্যা কৰে ।

লগতে পঢ়ক: কৃষ্ণামণি ডেকা হত্যাকাণ্ডত নাম সাঙোৰ খোৱাৰ পিচতে আত্মহত্যা ছিপাঝাৰৰ যুৱকৰ - Boyfriend commits suicide

মঙলদৈৰ বৰ আঠিয়াবাৰী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered in Mangaldoi

Last Updated : July 31, 2024 at 9:20 AM IST