কেনেকৈ মৃত্যু হৈছিল কাৰ্বি আংলঙৰ জনজাতীয় যুৱতীৰ ! সম্ভেদ বিচাৰি ঘটনাৰ পুনৰ দৃশ্যায়ন আৰক্ষীৰ
জনজাতীয় যুৱতীৰ হত্যাৰ অভিযুক্তক লৈ ক্ৰাইম চিনৰ পুনৰ দৃশ্যায়ন নগাঁও আৰক্ষীৰ । আৰক্ষীক হত্যাৰ চাঞ্চল্যকৰ বিৱৰণ অভিযুক্ত ছাদ্দাম হুছেইনৰ ।

Published : July 24, 2025 at 3:51 PM IST
নগাঁও: কাৰ্বি আংলঙৰ যুৱতীৰ হত্যাকাণ্ডক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে নগাঁৱৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত । বিগত ১৬ জুনত সংঘটিত হোৱা হত্যাকাণ্ডৰ তথ্য এমাহৰ অন্তত পোহৰলৈ অহাৰ পাছতেই কাৰ্বি আংলঙৰ জাতীয় সংগঠনৰ লগতে নগাঁৱৰ সচেতন লোকসকলো জাঙুৰ খাই উঠিছে ।
কাৰ্বি আংলঙৰ যুৱতীগৰাকীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁৱৰ ছাদ্দাম হুছেইন নামৰ এজন গাড়ী চালককো আটক কৰে নগাঁও আৰক্ষীয়ে । বিগত ১৬ জুনত ঘৰৰ পৰা ওলাই অহা যুৱতীগৰাকীক নগাঁৱৰ বৰঘাট বাইপাছত লগ পোৱা গাড়ী চালক ছাদ্দাম হুছেইনৰ সৈতে যোৱাৰ পাছতেই ১৭ জুনৰ পুৱাই উদ্ধাৰ হৈছিল মৃতদেহ ।
১৭ জুনত প্ৰথমে অচিনাক্ত হিচাপে উদ্ধাৰ হোৱা মৃতদেহটো ৰহাৰ এটা পৰিয়ালৰ বুলি দাবী কৰি পৰিয়ালটোৱে সৎকাৰ কৰিছিল যুৱতীগৰাকীৰ মৃতদেহটো । পৰৱৰ্তী সময়ত ৰহাৰ পৰিয়ালটোৰ নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীক নগাঁও আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা ।
সৎকাৰ কৰা মৃতদেহটো কাৰ্বি আংলং জিলাৰ যুৱতীগৰাকীৰ বুলি নগাঁও আৰক্ষী নিশ্চিত হোৱাৰ পাছতেই হত্যাৰ তথ্যও পোহৰলৈ আনিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত নগাঁৱৰ মৰঙিয়ালৰ ছাদ্দাম হুছেইনক যুৱতীগৰাকীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাৰ সময়ত ছাদ্দামে ব্যৱহাৰ কৰা বাহনখনো জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।
১৮ জুলাইত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হত্যাৰ গোচৰত অভিযুক্ত ছাদ্দাম হুছেইনক নগাঁও আদালতত হাজিৰ কৰি অধিক জেৰাৰ বাবে পুনৰ জিম্মাত লৈছিল নগাঁও আৰক্ষীয়ে । বৃহস্পতিবাৰে অভিযুক্ত ছাদ্দাম হুছেইনক লগত লৈ দণ্ডাধীশৰ উপস্থিতিত নগাঁৱৰ ডিফলুত উপস্থিত হৈ ক্ৰাইম চিন পুনৰ দৃশ্যায়ন কৰে নগাঁও আৰক্ষীয়ে ।
ক্ৰাইম চিন পুনৰ দৃশ্যায়নৰ সময়ত অভিযুক্ত ছাদ্দাম হুছেইনে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীৰ সন্মুখত দিয়ে যুৱতীগৰাকীক হত্যা কৰাৰ ভয়ংকৰ স্বীকাৰোক্তি । যুৱতীগৰাকীক কিদৰে হত্যা কৰি নিশা ৰাজপথৰ দাঁতিত পেলাই থোৱা হৈছিল সেয়াও আৰক্ষীক দেখুৱালে অভিযুক্ত ছাদ্দাম হুছেইনে । অভিযুক্ত ছাদ্দাম হুছেইনক আৰক্ষীয়ে যুৱতীগৰাকীৰ হত্যা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে যদিও কিয় কি অৱস্থাত যুৱতীগৰাকীক হত্যা কৰা হৈছে সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই ।
এই ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসে কয়,"ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰা হৈছে এতিয়া । আমাৰ দণ্ডাধীশ, জ্যেষ্ঠ আৰক্ষী বিষয়া আছিল, সাক্ষী আছিল । সকলোৱে মিলি ক্ৰাইম চিনটো ৰিক্ৰিয়েট কৰি দিলে । সি হত্যা কেনেকৈ কৰিছিল সম্পূৰ্ণৰূপে দেখুৱাই দিছে । যিটোৱে আমাৰ তদন্তত সহায় কৰিছে ।"

