ETV Bharat / state

নিশা হ'লেই কি চলে মহানগৰীৰ ফুটব্ৰীজত ? অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত যুৱতীসহ গ্ৰেপ্তাৰ ১৮

অনৈতিক কাৰ্যৰ ঘাটিলৈ পৰ্যবসিত মহানগৰীৰ সদাব্য়স্ত পথৰ ফুটব্ৰীজ । নিশা ইয়ালৈ আহে কোন ?

arrested for immoral activities in Guwahati
অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 8:05 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : পশ্চিম আকাশত বেলি ডুব যোৱাৰ লগে লগে ৰঙীন হৈ পৰে মহানগৰী । এই ৰঙীন মহানগৰীতেই নিশা আৰম্ভ হয় মায়াজাল । মহানগৰীৰ ৰঙীন পৃথিৱীখনতেই এজাক মানুহ আৱদ্ধ হয় এই মায়াজালত । তেওঁলোকৰ বাবে এই সময়খিনিয়েই অপৰাধজনিত কাৰ্য সম্পাদন কৰাৰ উপযুক্ত সময় । ৰ'বলৈ নাই আহৰি । নিশাৰ ৰঙীন মহানগৰীত কি চলে আপুনি জানেনে ? শুনিলে আপুনিও হ'ব আচৰিত !

এইবাৰ এনে অপৰাধমূলক কাৰ্য প্ৰতিৰোধৰ বাবে আৰক্ষীয়ে লজ, হোমষ্টে,পাৰ্লাৰ বা স্পাত নহয়, মহানগৰীৰ ফুটব্ৰীজত চলাইছে অভিযান । নিশা হ'লেই মহানগৰীৰ ফুটব্ৰীজত কি চলে তাকে উদঙালে মহানগৰ আৰক্ষীৰ অভিযানে । মহানগৰীৰ একাংশই ফুটব্ৰীজক যেন অপকাৰ্যৰ ঘাটিলৈ পৰ্যবসিত কৰিছে । মহানগৰীৰ গণেশগুৰিৰ ফুটব্ৰীজত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত ১৮ গৰাকীক কৰায়ত্ত কৰে ।

অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ (ETV Bharat Assam)

নিশা উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাৰ নেতৃত্বত গণেশগুৰিত চলা এই অভিযানত ৬ যুৱক,৬ যুৱতী আৰু ৬ তৃতীয় লিংগসহ মুঠ ১৮ গৰাকীক গ্ৰেপ্তাৰ হৈছে । এই বিষয়টো সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "গণেশগুৰীৰ অনৈতিক কাৰ্য সন্দৰ্ভত পূৰ্বৰ পৰাই বহু অভিযোগ আছিল । একাংশই বাহিৰৰ পৰা অহা বহু লোকৰ পৰা ধন লুটপাট কৰাৰ অভিযোগ আছিল । একাংশ ল'ৰা-ছোৱালীয়ে তাত অসংযত অৱস্থাত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।"

উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে পুনৰ কয়, "সেই অভিযোগৰ ভিত্তিতে দেওবাৰে নিশা ১২ বজাৰ পিছত গণেশগুৰিত অভিযান চলোৱা হয় । এই অভিযানত গণেশগুৰি ফুট ব্ৰীজৰ পৰা যুৱক-যুৱতী আৰু তৃতীয়লিংগসহ ১৮গৰাকীক কৰায়ত্ত কৰা হৈছে ।"

তেওঁ লগতে কয়, "এই অভিযান পৰ্যায় ক্ৰমে গণেশগুৰিত চলি থাকিব । এনে অনৈতিক কাৰ্য চলিবলৈ দিয়া নহ'ব । গণেশগুৰিখন পৰিষ্কাৰ কৰিব লাগিব । মহানগৰীৰ গণেশগুৰিৰৰ লগতে বিভিন্ন স্থানত নিশা হ'লে চলা এনে অনৈতিক কাৰ্যকলাপ আৰক্ষীয়ে বন্ধ কৰিব পাৰিব নে নাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:চোৰ-ডকাইতৰ নতুন কায়দা: চাইকেলেৰে অহা ব্যৱসায়ীক গাড়ীৰে অপহৰণ - CRIME IN GUWAHATI

হোম ষ্টে'ত হাহাকাৰ, ৰূমে ৰূমে অসংযত অৱস্থাত ল'ৰা-ছোৱালী - UNETHICAL ACTIVITIES IN GUWAHATI