ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে যোৰহাটত ১২০ টা গোচৰ: নিৰীহ যুৱকক হত্যা কৰাৰ অভিযোগত অভিযুক্তলৈ আৰক্ষীৰ গুলী - MURDER IN JORHAT

১০০ জনক জেল হাজোতলৈ প্ৰেৰণ । কনিষ্টবলক গতিয়াই উচিত শিক্ষা পালে আব্দুল নুৰে ।

Police open fire on accused of killing youth in Jorhat
নিৰীহ যুৱকক হত্যা কৰাৰ অভিযোগত অভিযুক্তলৈ আৰক্ষীৰ গুলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 8:16 PM IST

4 Min Read

যোৰহাট: কেঁচু খান্দোতে ওলাইছে সাপ । নিৰীহ যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ তদন্তৰ পাছতেই পোহৰলৈ আহিছে যোৰহাট জিলাত ড্ৰাগছৰ অবাধ বেহাৰ প্ৰসংগ । কিয়নো আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিলে ড্ৰাগছৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা । যোৰহাটত সন্ত্ৰাস চলোৱা আৰু নিৰীহ যুৱক বেদাংগ ভুষণ বৰুৱাক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ মূল অভিযুক্তলৈ গুলী চলোৱাৰ বিষয়টোৰ সন্দৰ্ভত সম্বোধন কৰা সংবাদমেলত এই কথা প্ৰকাশ কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই ।

যোৰহাটত সন্ত্ৰাস চলাই বেদাংগ ভুষণ বৰুৱা নামৰ নিৰীহ যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ মুল অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজু আৰু ৰমজান খান বৰ্তমান আৰক্ষীৰ জালত । ইয়াৰ মাজতে আব্দুল নুৰ ওৰফে ৰিজুক যোৰহাট আৰক্ষীয়ে তদন্তৰ বাবে বুধবাৰে নিশা যোৰহাট চিনামৰা বাগানলৈ লৈ যোৱাৰ সময়ত এজন আৰক্ষী কনিষ্টবলক গতিয়াই পলাবলৈ লোৱাৰ সময়তেই আৰক্ষীয়ে নিজৰ ছাৰ্ভিচ পিষ্টলৰে আব্দুললৈ লক্ষ্য কৰি গুলী চলাই আৰু সেই গুলীত আব্দুল নুৰ ওৰফে ৰিজুৰ বাওঁভৰি আঘাতপ্ৰাপ্ত হয় ।

নিৰীহ যুৱকক হত্যা কৰাৰ অভিযোগত অভিযুক্তলৈ আৰক্ষীৰ গুলী (ETV Bharat Assam)

বৰ্তমান অভিযুক্ত নুৰ যোৰহাট চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই কথা জানিবলৈ দিয়ে যোৰহাট আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই । লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বেদাংগ ভুষণ বৰুৱাৰ হত্যাৰ লগত জড়িতৰ অভিযোগত ১০ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে ৮ জনক জেল হাজতোলৈ প্ৰেৰণ কৰা হৈছে ।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "২১ তাৰিখে নিশা ১১ বজাত আমি এখন FIR লাভ কৰিছিলো যে চন্দন নগৰৰ বেদান্ত ভূষণ বৰুৱা নামৰ এজন ল'ৰাক দলবদ্ধভাৱে আক্ৰমণ কৰাত তেওঁ আঘাতপ্ৰাপ্ত হৈ মিছনেৰী হাস্পতালত চিকিৎসাধীন হৈ আছে । আমি লগে লগে গোচৰটো পঞ্জীয়ন কৰি FIR ত নাম থকা আব্দুল নুৰ ওৰফে ৰিজু, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁক থানালৈ অনা হৈছিল । পিছদিনা পুৱা আমি খবৰ পালো যে যিগৰাকী ভুক্তভোগী আছিল তেওঁৰ হাস্পতালত মৃত্যু হ'ল ।"

আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "চিচি টিভি ফুটেজ চাই আমি গম পালো যে এইটো দলবদ্ধ আক্ৰমণ চলিছিলে । ১০জন বা ১২ জন যুৱকৰ দল আছিলে । যিজন মানুহক আমি প্ৰথম গ্ৰেপ্তাৰ কৰিছিলো ৰিজু তেওঁৰ স্বীকাৰোক্তি আৰু চিচি টিভি ফুটেজৰ ভিত্তিত ১০জনক গ্ৰেপ্তাৰ কৰা হৈছে । এটা গোচৰ ৰুজু কৰি তেওঁলোকক জেল হাজোতলৈ পঠোৱা হৈছে আৰু দুজনক আমি জিম্মাত ল'লো, ৰিজু আৰু ৰমজান খান । ৰিজুৰ ওপৰত অভিযোগ আছিল যে তেওঁ চোকা অস্ত্ৰ লৈ প্ৰহাৰ কৰিছিল । সেয়ে চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ চিনামৰা চাহ বাগানলৈ নিশা লৈ যোৱা হৈছিল । তেতিয়া তেওঁ ইফালে সিফালে আমাক বহুত ঘূৰাই ফুৰিলে । তাৰ পিছত এজন কনিষ্টবলক ঠেলা মাৰি পলাবলৈ চেষ্টা কৰিছিল । তেতিয়া তেওঁক ধৰিবলৈ আমাৰ টীমৰ ছাৰ্ভিচ পিষ্টলৰে গুলী চলাই আৰু তেওঁ আঘাতপ্ৰাপ্ত হয় । লগে লগে তেওঁক জে এম চি এইচলৈ লৈ যোৱা হয় ।"

ইয়াৰোপৰি সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে যোৰহাট জিলাত ড্ৰাগছৰ বিৰুদ্ধে চলি থকা গোচৰ সন্দৰ্ভতো প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । তেওঁ কয়, "ড্ৰাগছৰ বিৰুদ্ধে ২০২৩ বৰ্ষত ৪৮ টা আৰু ২০২৪ ত ৭২ টা গোচৰ ৰজু কৰা হৈছিল আৰু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা প্ৰায় ১০০ জনৰো অধিক লোকক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে অভিযান তীব্রতৰ কৰাৰ সমান্তৰালভাৱে আই পিলৰ জুৱাৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে । আই পি এল জুৱাত জড়িত থকা কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।" ইফালে বিভিন্ন অসামাজিক কাৰ্যালপৰ বাবে আৰক্ষী অধীক্ষকে নিজৰ নম্বৰ ৰাইজলৈ মুকলি কৰিছে ৷ 6026900৭৬২ নম্বৰত ৰাইজে পোনপটীয়াকৈ আৰক্ষী অধীক্ষকক এই বিষয়ে জনাব পাৰিব ।

লগতে পঢ়ক: প্ৰাতঃভ্ৰমণেই শেষ যাত্ৰা হ'ল শ্ৰীনিবাসৰ - MURDER IN NAGAON

উৰুখা পঁজাত লাখ লাখ চাহ শ্ৰমিকৰ জীৱন-মৰণৰ যুঁজ: চাওঁতা কোনো নাই - ASSAM TEA WORKERS PROBLEMS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.