মাটিৰ পৰা খাকীলৈ, শিৰাই শিৰাই যেন আছিল জুবিন...
প্রিয় শিল্পীৰ শেষ বিদায়ৰ মুহূৰ্তত এক হৃদয়স্পৰ্শী দৃশ্য নগাঁৱত । প্ৰজেক্টৰৰ সহায়ত সৎকাৰৰ দৃশ্য চাই হিয়াঢাকুৰি কান্দিলে কৰ্তব্যৰত আৰক্ষীয়েও । বাকৰুদ্ধ সকলো ।

Published : September 23, 2025 at 4:58 PM IST
নগাঁও: অসমৰ হিয়াৰ আমঠু, সুৰৰ যাদুকৰ, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণে শোকৰ সাগৰত পেলাইছে সমগ্ৰ ৰাজ্যবাসীক । মহানায়কৰ মহাপ্ৰস্থানৰ সময়ত নগাঁৱতো দেখা গৈছে হৃদয়স্পৰ্শী দৃশ্য । নগাঁও চহৰৰ মাজমজিয়াৰ ক্লক টাৱাৰৰ সমীপত প্ৰজেক্টৰৰ সহায়ত প্রিয় শিল্পীগৰাকীৰ শেষ বিদায়ৰ দৃশ্য চোৱাৰ ব্যৱস্থা কৰা হৈছে । য’ত নগাঁৱৰ অগণন লোকৰ সমাগম হয় ।
পুৱাৰ পৰা বহু লোকে ভিৰ কৰা নগাঁও চহৰৰ ক্লক টাৱাৰৰ সমীপতে প্রিয় শিল্পীগৰাকীৰ শেষ বিদায়ৰ দৃশ্য চাই থকাৰ সময়তেই সেমেকি উঠিল সকলোৰে দুচকু । শিশু, পুৰুষ, মহিলা, যুৱতী সকলোৱে সেমেকা চকুৰে জুবিন গাৰ্গৰ শেষ বিদায়ৰ দৃশ্য প্ৰত্যক্ষ কৰে ।
চিতাত প্ৰাণৰ শিল্পীগৰাকীক দেখি কেৱল সাধাৰণ মানুহেই নহয়, চকুপানী ধৰি ৰাখিব নোৱাৰিলে কৰ্তব্যৰত আৰক্ষীয়েও । প্ৰিয় শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হোৱাৰ দৃশ্য দেখি সহ্য নহ'ল আৰক্ষীৰো । হিয়াঢাকুৰি কান্দি কান্দি কৰ্তব্য পালনৰ লগতে চাই ৰ'ল হিয়াৰ আমঠু জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ পঞ্চভূতত বিলীন হোৱা, কাহানিও চাব নোখোজা দৃশ্য ।

কৰ্তব্যৰত আৰক্ষীৰ চকুপানী আৰু হিয়াঢাকুৰি কন্দা সেই দৃশ্যই প্ৰমাণ কৰিছিল যে জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নাছিল, তেওঁ আছিল অসমৰ ৰাইজৰ হৃদয়ৰ এক অবিচ্ছেদ্য অংশ । তেওঁৰ সুৰে, তেওঁৰ গানে আৰু তেওঁৰ মানৱতাবাদী কৰ্মই প্ৰতিজন অসমীয়াৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।
মহিলা আৰক্ষী দলৰ প্ৰতিগৰাকীয়েই কান্দোনত ভাগি পৰে প্রিয় শিল্পীগৰাকীৰ বিদায়ৰ মুহূৰ্তত । এগৰাকী পুৰুষ আৰক্ষীয়েও হৃদয়ৰ শিল্পীৰ শেষ বিদায়ৰ দৃশ্য সহ্য কৰিব নোৱাৰি বাহনৰ ওচৰত গৈ হুকহুকাই কান্দি থাকিল । একমাত্ৰ জুবিনৰ বাবেই কৰ্তব্যক পাহৰাই কেৱল চকুপানী মচি থাকিবলগীয়া হ’ল আৰক্ষীৰ ।
ইফালে নগাঁও চহৰৰ ক্লক টাৱাৰৰ সমীপত প্ৰজেক্টৰৰ সহায়ত প্রিয় শিল্পীগৰাকীৰ শেষ বিদায়ৰ দৃশ্য দেখুৱাই থকাৰ সময়ত শিশুৰ পৰা প্ৰতিগৰাকী লোকৰ চকুত দেখা গ’ল কেৱল চকুপানী । জুবিন গাৰ্গৰ ইচ্ছা অনুসৰিয়ে বিদায় পৰত থোকাথুকি মাতেৰে গুণগুণালে 'মায়াবিনী ৰাতিৰ বুকুত...' ।
হুইল চেয়াৰত বহি উচুপিলে আবেদ আলীয়ে:
সোণাপুৰত সম্পন্ন হোৱা জুবিন গাৰ্গৰ শেষকৃত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ মাজতে দেখা গ'ল আন এক হৃদয়স্পৰ্শী দৃশ্য । নগাঁৱৰ ক্লক টাৱাৰৰ সমীপত প্ৰজেক্টৰৰ সহায়ত পোনপটীয়া সম্প্ৰচাৰযোগে জুবিন গাৰ্গৰ অন্তিম বিদায়ৰ দৃশ্য চাই নীৰৱে উচুপিলে এজন বিশেষ ব্যক্তিয়েও ।
তেওঁ আছিল আবেদ আলী, যি হুইল চেয়াৰত বহি নিজৰ প্রিয় শিল্পীৰ শেষ যাত্ৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি নীৰৱে টুকিলে চকুলো । আবেদ আলীৰ পুত্ৰ ইজাজুল ইছলামে পিতৃ আবেদ আলীক হুইল চেয়াৰত বহুৱাই ক্লক টাৱাৰৰ সমীপলৈ লৈ আহিছিল পিতৃৰ মনৰ আশা পূৰণৰ বাবে । বিশেষভাবে সক্ষম আবেদ আলীয়ে জুবিন গাৰ্গৰ শেষকৃত্যৰ দৃশ্য চোৱাৰ ব্যৱস্থা কৰাৰ কথা অৱগত হোৱাৰ পাছতেই পুত্ৰক লৈ আহিবলৈ অনুৰোধ কৰিছিল ।
পুত্ৰ ইজাজুলৰো প্রিয় শিল্পী আছিল মানৱদৰদী শিল্পী জুবিন গাৰ্গ । অসহায় লোকৰো সহায়ৰ হাত হিচাপে থকা শিল্পীগৰাকীৰ শেষ বিদায়ৰ মুহূৰ্তটো প্ৰজেক্টৰৰ সহায়ত হ'লেও চাবলৈ ক্লক টাৱাৰৰ সমীপত পিতৃক হুইল চেয়াৰ ঠেলি ঠেলি আনি উপস্থিত হয় পুত্ৰ ।

উল্লেখযোগ্য যে, কেইদিন পূৰ্বে ইজাজুলে নিজৰ বিশেষভাবে সক্ষম পিতৃ আবেদ আলীক কান্ধত বহন কৰি চিকিৎসাৰ বাবে সহায়ৰ সন্ধানত ঘূৰি ফুৰিছিল । পিতৃৰ স্বাস্থ্যৰ যত্ন লোৱাৰ দায়িত্বই তেওঁক কঠিন পৰিস্থিতিৰ মাজলৈ ঠেলি দিছিল, কিন্তু তাৰ মাজতো ইজাজুলৰ দৃঢ়তা আৰু পিতৃৰ প্ৰতি তেওঁৰ নিষ্ঠা কেতিয়াও কমা নাছিল । এই পৰিস্থিতিতো তেওঁ নিজৰ পিতৃৰ ইচ্ছা পূৰণৰ বাবে তেওঁক জুবিনৰ শেষকৃত্যৰ দৃশ্য চোৱাৰ সুযোগ প্ৰদান কৰিলে ।
শাৰীৰিক বাধাকো নেওচি নগাঁৱৰ ক্লক টাৱাৰৰ সমীপত উপস্থিত হৈ জুবিনৰ প্ৰতি দেখুওৱা মৰম-ভালপোৱাৰ দৃশ্য অসমৰ ইতিহাসত স্মৃতি হৈ ৰ’ব, যিয়ে শাৰীৰিক বাধাৰ উপৰিও আৰ্থিক অসুবিধাৰ মাজতো মানুহৰ মনৰ শক্তি আৰু ভালপোৱাৰ জয়ৰ প্ৰমাণ কৰিছে ।

