জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উদ্ভণ্ডালি কৰা তিনি যুৱকৰ সন্ধানত আৰক্ষী
যুৱক তিনিজনৰ সন্ধান পালে ৬০২৬৯-০০৫৫২ ফোন নম্বৰত জনাবলৈ বা সেই নম্বৰতে হোৱাটছ এপ কৰিবলৈ ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিছে আৰক্ষীয়ে ।

Published : September 24, 2025 at 10:40 PM IST
গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি আই ডিয়ে তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে CID ৰ চাৰিজনীয়া এটা দল ৷ এক সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে । জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত চি আই ডিত ১৮/২০২৫ নম্বৰৰ গোচৰ ৰুজু হোৱাৰ পিছতেই তদন্ত আৰম্ভ কৰিছে চি আই ডিয়ে ।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই ৰাজ্যৰ বিভিন্ন স্থানত এজাহাৰ দাখিল হৈছে হাৰ্টথ্র’ব জুবিনৰ মৃত্যুৰ ঘটনাত অভিযোগত ব্যক্তিগত লাভালাভৰ বাবে নর্থ-ইষ্ট ফেষ্টিভেল আয়োজন কৰি অহা ব্যৱসায়ী শ্যামকানু মহন্তৰ লগতে জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ৷ এই গোচৰবোৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে বুলি সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল ।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উদ্ভণ্ডালি কৰা তিনি যুৱকৰ সন্ধানত আৰক্ষী
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত উদ্ভণ্ডালি কৰা যুৱকৰ সন্ধান বিচাৰি আৰক্ষীৰ গোহাৰি প্ৰকাশ । অসম আৰক্ষীয়ে তিনি যুৱকৰ ফটো প্ৰকাশ কৰি সন্ধান বিচাৰি ৰাইজক উদ্দেশ্যি এই গোহাৰি প্ৰকাশ কৰিছে । এই যুৱক তিনিজনৰ সন্ধান পালে ৬০২৬৯-০০৫৫২ ফোন নম্বৰত জনাবলৈ বা সেই নম্বৰতে হোৱাটছ এপ কৰিবলৈ ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিছে আৰক্ষীয়ে ।

গোহাৰিখনত আৰক্ষীয়ে উল্লেখ কৰিছে, ‘‘অসমৰ ৰাইজৰ হিয়াৰ আমঠু, মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত তিনিজন যুৱকে সেই পবিত্ৰ অনুষ্ঠানটোত উপস্থিত থকা অসমৰ শিল্পী সমাজ আৰু সাংস্কৃতিক-সামাজিক অনুষ্ঠানৰ বিষয়ববীয়াকে ধৰি ৰাজ্যৰ সুধী সমাজৰ একাংশ সন্মানীয় ব্যক্তিক অপ্ৰৰোচিতভাৱে অপদস্থ কৰাৰ লগতে উদ্ভণ্ডালি কৰি সেই মহান অনুষ্ঠানটিৰ পবিত্ৰতা নষ্ট কৰাৰ অপচেষ্টা কৰিছিল । যুৱক কেইজনৰ সন্ধান পালে ৬০২৬৯-০০৫৫২ ফোন নম্বৰত জনাওক ।’’
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল
জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা আকস্মিক মৃত্যুৰ তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন । অধিবক্তা সন্দীপ ছমৰীয়াই (Advocate Sandeep Chamaria) দাখিল কৰা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানি ১০ নৱেম্বৰত হ’ব । অধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চি আই ডিৰ পৰা চি বি আইলৈ হস্তান্তৰ কৰিবলৈ আৰু সমগ্ৰ ঘটনাৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ক পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন দাখিল কৰে ।
লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT গঠন

