ETV Bharat / state

অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী : তথাপিও হ্ৰাস পোৱা নাই অপৰাধৰ সংখ্যা - Crime in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 8:04 PM IST

Crime in Assam: ৰাজ্যত ক্ৰমান্বয়ে সংঘটিত হৈছে ডকাইতি, লুটপাত, টকাৰ বেগ কাঢ়ি নিয়া আদি অপৰাধমূলক ঘটনা । অসম আৰক্ষীয়ে এনে অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছে ৷ প্ৰয়োজন সাপেক্ষে এনকাউন্টাৰো কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীৰ গুলীত আহত হৈছে কেইবাটাও অভিযুক্ত ৷ কিন্তু ইয়াৰ পাচতো ৰাজ্যত হ্ৰাস পোৱা নাই অপৰাধমূলৰ কাৰ্যকলাপ ৷

Assam Police
অপৰাধীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী, কিন্তু হ্ৰাস পোৱা নাই অপৰাধমূলক কাৰ্যকলাপ (ETV Bharat Assam)

গুৱাহাটী,২২ জুলাই: ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ধন লুট, ডকাইতিৰ দৰে ঘটনা । অপৰাধ দমন কৰাৰ বাবে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও হ্ৰাস হোৱা নাই অপৰাধমূলক কাৰ্যকলাপ ৷ ৰাজ্যত দৈনিক সংঘটিত হৈয়ে আছে ডকাইতি, লুটপাত, টকাৰ মোনা কাঢ়ি নিয়া আদি অপৰাধমূলক ঘটনা । শেহতীয়াকৈ এনে অপৰাধৰ ঘটনা বৃদ্ধিহে পোৱা পৰিলক্ষিত হৈছে । যোৱা এটা মাহত ৰাজ্যখনত ডকাইতৰ গুলীত প্রাণ হেৰুৱাইছে দুজন ব্যৱসায়ীয়ে । আনহাতে আহত হৈছে এগৰাকী ব্যৱসায়ী ৷

  • ব্যৱসায়ীক গুলীয়াই পাঁচ লক্ষাধিক টকা লুট: নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তর্গত দমদমা পথাৰত ১৯ জুলাইত জাকিৰ হুছেইন নামৰ ব্যৱসায়ী এজনক গুলীয়াই তিনিজনীয়া ডকাইতৰ দলে লুটি নিয়ে প্ৰায় পাঁচ লাখ টকা। হুছেইনে নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলটোৱে জাকিৰ হুছেইনৰ বাওঁভৰিত গুলিয়ায় । এই ঘটনাত জড়িত দুটা ডকাইতক নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইপিনে মূল অভিযুক্ত হামিদ আলীক শনিবাৰে নিশা আৰক্ষীৰ গুলীত আহত হয় ৷

লগতে পঢ়ক: গোৱালপাৰাত গৰজিলে অসম আৰক্ষীৰ বন্দুকে; ব্যৱসায়ী অশোক গোৱেল হত্যাকাণ্ডৰ দুই অভিযুক্ত গুলীবিদ্ধ - Businessman murder in Goalpara

  • গোৱালপাৰাত ডকাইতৰ গুলীত নিহত ব্যৱসায়ী: যোৱা ১৪ জুলাইত গোৱালপাৰাৰ কল্যাণপুৰত ডকাইতৰ গুলীত প্ৰাণ হেৰুৱাই অশোক গোৱেল নামৰ ব্যৱসায়ীজনে । ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰি ডকাইতে কাঢ়ি নিয়ে প্ৰায় ৯০ হাজাৰ নগদ ধন । এই ঘটনাত জড়িত থকা অভিযোগত আৰক্ষীৰ হাতত আটক হোৱা গোৱেলৰ গাড়ী চালক আচান আলী আৰু হত্যাকাৰী দুৰ্বৃত্তৰ দলটোৰ গাড়ী চালক জাহিদুল ইছলামে পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীৰ গুলীত আহত হয় ৷

ইপিনে দেওবাৰে নিশা ব্যৱসায়ী অশোক গোৱেলক গুলীয়াই হত্যা ঘটনাৰ লগত জড়িত থকা অভিযোগত আন দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আগিয়া থানাৰ আৰক্ষীয়ে মেঘালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিমল ৰাভা আৰু ৰুস্তম ৰাভা নামৰ দুই দুৰ্বৃত্তক । আৰক্ষীয়ে লগতে হত্য়াত ব্যৱহৃত AS 01 AY 4847 নম্বৰৰ ইয়ন বাহনখনো জব্দ কৰিছে ।

  • ব্যৱসায়ীক গুলীয়াই ঘপিয়াই হত্যা: যোৱা ১ জুলাইৰ সন্ধিয়া বজালী জিলাৰ ধুমাৰকুৰৰ ব্যৱসায়ী ইব্রাহিম আলীক নিজ ঘৰতে সাত-আঠজনীয়া দুর্বৃত্তই গুলীয়াই-ঘপিয়াই হত্যা কৰে । প্রথমে এয়া ডকাইতিৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে ব্যৱসায়ীজনক ভাৰাতীয়া ঘাতকেহে হত্যা কৰিছে । বজালী আৰক্ষীয়ে এই ঘটনাত জড়িত ছজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । কিন্তু ভাৰাতীয়া ঘাতকৰ দলটোক নিয়োগ কৰা মূল অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে ।
  • কোকৰাঝাৰত বেংকত এল আই চিৰ ধন জমা দিবলৈ আহোতে লুটিলে ৩৪ লাখ: যোৱা ২৫ জুনত কোকৰাঝাৰত ভাৰতীয় জীৱন বীমা নিগমৰ ৩৪ লাখ টকা লুট কৰা ঘটনা সংঘটিত হৈছে । আৰক্ষীয়ে এই ঘটনাত জড়িত ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰি মূল অভিযুক্ত আমিৰ হুছেইনক এনকাউণ্টাৰ কৰে । ভৰিত গুলী লগা আমিৰ হুছেইন বর্তমান কাৰাগাৰত ।

লগতে পঢ়ক: নলবাৰীত ব্যৱসায়ীলৈ গুলী : দুৰ্বৃত্তই লুটি নিলে ধন - Armed robbery in Nalbari

  • ২০ লাখ টকাসহ এছ বি আইৰ এ টি মে'ৰ ভল্ট লৈ উধাও: অম্বুবাচীৰ সময়তে গুৱাহাটীৰ জালুকবাৰীৰ পৰা কেইবালাখ টকা থকা এ টি এমৰ ভল্ট লৈ উধাও হয় এটা ডকাইতৰ দল । গেছকাটাৰৰ সহায়ত এ টি এমৰ ভল্ট লৈ যায় ডকাইতৰ দলটোৱে । ২৪ জুনৰ নিশা জালুকবাৰী সুন্দৰবড়িৰ মূলপথৰ দাঁতিত থকা এছ বি আইৰ এ টি এমত সংঘটিত হয় এই ঘটনা ৷ প্ৰথমে চি চি কেমেৰাৰ সংযোগ বিচ্ছিন্ন কৰি তাৰ পাচত গেছ কাটাৰৰ সহায়ত এ টি এমৰ ভল্ট উলিয়ায় লৈ যায় ডকাইতৰ দলটোৱে ।

ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন স্থানত শেহতীয়াকৈ নিশাৰ লগতে দিনৰ ভাগতো সংঘটিত হৈছে ডকাইতি ঘটনা ৷ যি সময়ত আৰক্ষীয়ে ডকাইতিত লিপ্ত অপৰাধীক ধাবাৰাবাহিকভাৱে এনকাউন্টাৰ কৰি আছে, সেই সময়ত ডকাইতিৰ ঘটনা কিন্তু হ্রাস পোৱা নাই ।

লগতে পঢ়ক: মুকালমুৱা এনকাউন্টাৰ: আত্মৰক্ষাৰ বাবেহে নলবাৰী আৰক্ষীয়ে গুলীয়ালে ডকাইত হামিদ আলীক - POLICE FIRING IN NALBARI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.