ETV Bharat / state

নিশাৰ ভিতৰতে ১৫০ৰো অধিক সন্দেহজনক লোকক আটক

বাংলাদেশীৰ সন্দেহত গুৱাহাটী, বৰপেটা আদিৰ পৰা ১৫০ৰো অধিক লোকক আৰক্ষীয়ে আটক কৰে ।

Police detained suspected citizen
সন্দেহজনক লোকক আটক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 25, 2025 at 6:46 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এইবাৰ অসম আৰক্ষীৰ অভিযান । গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১৫০ ৰো অধিক লোকক আটক আৰক্ষীৰ । বাংলাদেশীৰ সন্দেহত বৰপেটা, গুৱাহাটী আৰু উপকণ্ঠ অঞ্চল সোণাপুৰ, জলেশ্বৰ আদিৰ পৰা লোকসকলক আটক কৰা হয় । হঠাৎ আত্মীয় তথা পৰিয়ালৰ সদস্যক এনেদৰে আৰক্ষীয়ে আটক কৰাক লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । তেওঁলোকৰ মতে আটকাধীন লোকসকলৰ এনআৰচিত নাম আছে । ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু বৈধ নথি থকাৰ পিছতো বাংলাদেশীৰ সন্দেহত তেওঁলোকক আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে নিশাৰ ভিতৰতে আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ১৫০ ৰো অধিক লোকক আটক কৰে । আটকাধীন লোকসকলক গুৱাহাটীৰ বিৰুবাৰীৰ আৰক্ষী ছাউনীলৈ অনা হয় । ইফালে আটকাধীন লোকসকলৰ নথিপত্ৰ লৈ আৰক্ষী ছাউনীৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ সদস্য তথা আত্মীয় । তেওঁলোকে অভিযোগ কৰা মতে কৰোবাক যদি নিশা ৯ বজাত, কাৰোবাক আকৌ ১০ বজাত, আন কাৰোবাক আকৌ ২ বজাত আৰু পুৱতি নিশাও বিভিন্ন প্ৰৱঞ্চনাৰে আৰক্ষীক লৈ আহিছে ।

সন্দেহজনক লোকক আটক (ETV Bharat)

সংবাদ মাধ্যমৰ সন্মুখত লোকসকলে কয়,"আগতীয়াকৈ কোনো কথা নজনোৱাকৈয়ে নিশা আটক কৰি আনিছে । ভোটাৰ কাৰ্ড আৰু আন আন নথিপত্ৰ থকাৰ পিছতো আধাৰ কাৰ্ড নথকাৰ বাবে পত্নীক কটাহবাৰীৰ পৰা পুৱতি নিশা ৪ বজাত লৈ আহিছে । আৰক্ষীয়ে অনাৰ সময়ত কৈ আহিছে যিদৰে লৈ গৈছো সেইদৰে থৈ যাম । প্ৰথমে জালুকবাৰীলৈ লৈ যায়, তাৰ পিছত আইএছবিটি আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়াম আৰু তাৰ পৰা বিৰুবাৰীলৈ লৈ আহিছে ।"

আন এগৰাকী আত্মীয়ই কয়, "আমি ৩০ বছৰ ধৰি হাতীগাঁৱত আছো, নিয়মীত ভোট দি আহিছো । কোনো অপৰাধ নকৰাকৈ আৰক্ষীয়ে হেণ্ডকাফ লগাই আনিছে মোৰ ভাইটিক । বাংলাদেশী ধৰক আমি বেয়া নাপাওঁ । অসমখন সুৰক্ষিত হোৱাটো আমিও বিচাৰো কিন্তু সাধাৰণ খাটি খোৱা মানুহৰ ওপৰত হাৰাশাস্তি কৰিব নালাগে ।" ইফালে আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে নিশা আটক কৰা লোকসকলৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে ।

লগতে পঢ়ক :য'ত বনবিভাগে উচ্ছেদ কৰিব লাগে তাত নাযায় : এ কে ৰশিদ আলম - MLA A K RASHID ALAM