ETV Bharat / state

বাপ্টিষ্ট ইন গেষ্ট হাউছ কাণ্ডত পুনৰ এজনক গ্ৰেপ্তাৰ

নিশাৰ মাতাল মহানগৰীত নাৰীদেহৰ ৰমৰমীয়া বেহা । গ্ৰাহকে ফোনত কেনেদৰে কৰে যোগাযোগ ?

GUWAHATI SEX RACKET ACCUSED
নলবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 6:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: মহানগৰীৰ জয়ানগৰৰ গেষ্ট হাউছত চলা নাৰীদেহৰ ৰমৰমীয়া বেহাত জড়িত থকাৰ অভিযোগত এজনৰ পিচত আন এজন অভিযুক্ত পৰিছে আৰক্ষীৰ জালত । ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মহানগৰীৰ বাপ্টিষ্ট ইন গেষ্ট হাউছ কাণ্ডত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে । নলবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চন্দন দাস নামৰ লোকজনক ।

এই সন্দৰ্ভত পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই জনোৱা অনুসৰি ধৃত চন্দন দাসে গেষ্ট হাউছটোত বহু যুৱতী যোগান ধৰিছিল । তদুপৰি যুৱতী আৰু গ্ৰাহকৰ মাজত মধ্য়স্থতাকাৰী হিচাপেও কাম কৰি তেওঁলোকৰ সু-ব্যৱস্থা কৰি দিছিল চন্দন দাসে ।

নলবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত (ETV Bharat Assam)

এই সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "কালি নলবাৰীৰ চন্দন দাসক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু আগৰ যিকেইজন অভিযুক্ত আমি ধৰিছিলো তেওঁলোকৰ বেংক একাউণ্টসমূহ জব্দ কৰাৰ ব্যৱস্থা কৰিছো । এতিয়া আমাৰ তদন্ত চলি আছে ।"

GUWAHATI SEX RACKET ACCUSED
নলবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "চন্দন দাসে গেষ্ট হাউছটোত বহু যুৱতী যোগান ধৰিছিল । কাৰোবাক যদি সেই সুবিধাটো লাগে চন্দন দাসক যোগাযোগ কৰে । চন্দন দাসে যাক যোগাযোগ কৰিব লাগে তেনেদৰে যোগাযোগ কৰি সু-ব্যৱস্থা কৰি দিয়ে ।" উল্লেখ্য যে শেহতীয়াকৈ ভাইৰেল হোৱা এটা ফোন ৰেকৰ্ডিঙৰ পিছতে পোহৰলৈ আহিছিল গুৱাহাটীৰ অন্ধকাৰ জগতৰ নিষিদ্ধ নাৰীদেহৰ বেহা । প্ৰথমে গ্ৰাহকে ফোনত কৰিছিল যোগাযোগ । তাৰ পিছত হোৱাট এপছৰ জৰিয়তে হৈছিল যুৱতীৰ ফটোৰ প্ৰদান । ফটো প্ৰদানৰ মাজত নিশাৰ অভিসাৰৰ বাবে চলিছিল যুৱতীৰ দৰ-দাম । ইয়াৰ পিছতে মঙলবাৰে মহানগৰীৰ জয়ানগৰস্থিত গেষ্ট হাউছত পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাৰ নেতৃত্ব অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে বাপ্তি হাজৰিকাৰ লগতে তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে ৷

GUWAHATI SEX RACKET
মহানগৰীত নাৰী দেহৰ ৰমৰমীয়া বেহাৰ কেন্দ্ৰটো (ETV Bharat Assam)

পৰৱৰ্তী সময়ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হয় দক্ষিণ শালমাৰাত লেন্সনায়ক হিচাপে কৰ্মৰত জিয়াৰুল ৰহমান । জয়ানগৰৰ গেষ্ট হাউছৰ এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ তদন্তত আৰক্ষী জোৱানজন জড়িত থকাৰ কথা পোহৰলৈ আহিছিল । ইয়াৰ পিছতে বুধবাৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱানজনক । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে ৩৯৯/২৫ নম্বৰত এক নিজাববীয়া গোচৰ ৰুজু কৰি বুধবাৰে আদালতত হাজিৰ কৰোৱায় আটাইকেইজন অভিযুক্তক ।

GUWAHATI SEX RACKET ACCUSED
নাৰী দেহৰ ৰমৰমীয়া বেহাত জড়িত বাপ্তি হাজৰিকা (ETV Bharat Assam)

ইয়াৰে বাপ্তি হাজৰিকা আৰু অন্যতম সহযোগী এগৰাকীক চাৰিদিনৰ আৰক্ষীৰ জিম্মাত লৈ আন অভিযুক্তসকলক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ । ইফালে গেষ্ট হাউছত নাৰীদেহৰ ব্যৱসায়ত গ্ৰেপ্তাৰ হোৱা বাপ্তি হাজৰিকাই বাস কৰিছিল মহানগৰীৰ বেলতলা ওৱাৰলেছত । ইতিমধ্যে ভাইৰেল কল ৰেকৰ্ডিংটোত যুৱতীগৰাকীয়েও উল্লেখ কৰিছিল বেলতলা ওৱাৰলেছত থকাৰ কথা । ওৱাৰলেছৰ বশিষ্ঠপুৰ-১ ৰ গৃহ নম্বৰ ১৭ ত দুই প্ৰেয়সীৰ সৈতে ভাৰাতীয়া হিচাপে আছিল বাপ্তি হাজৰিকা ।

GUWAHATI SEX RACKET ACCUSED
নাৰী দেহৰ ৰমৰমীয়া বেহাত জড়িত জীয়াৰুল ৰহমান (ETV Bharat Assam)

মালিক নথকা এই ভাৰাঘৰতে প্ৰতিদিনে আহ-যাহ হৈছিল বিভিন্ন যুৱতীৰ । এক মোটা অংকৰ ধন দি মালিক নথকা এই ভাৰাঘৰ লৈছিল হাজৰিকাই । দিনৰ ভাগত এই ভাৰাঘৰতে ৰাখি প্ৰতি নিশাই লৈ গৈছিল নীলা ৰঙৰ এখন চাৰিচকীয়া বাহনত । অভিযোগ অনুসৰি পূৰ্বেও এই ভাৰাঘৰত এই প্ৰবৃত্তিৰ কিছু তৃতীয় লিংগৰ লোক আছিল । পিছত স্থানীয় লোকৰ অভিযোগত ঘৰ খালী কৰাইছিল ভাৰাঘৰটোৰ স্বত্বাধিকাৰীয়ে ।

লগতে পঢ়ক:আভিজাত্যৰ মহানগৰীত নাৰী দেহৰ ৰমৰমীয়া বেহা; আৰক্ষীৰ জালত চাৰি অভিযুক্ত - GUWAHATI SEX RACKET BUSTED