ETV Bharat / state

গুৱাহাটীৰ নৃশংস হত্য়াকাণ্ডত জড়িত ৮ অভিযুক্তক গ্ৰেপ্তাৰ

হত্য়াকাণ্ডৰ ঘটনা লুকুৱাবলৈ চেষ্টা পূজা কমিটীৰ ।

GUWAHATI SENSATIONAL MURDER CASE
জুবিন গাৰ্গৰ সৈতে গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 8:26 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বিজয়া দশমীত মহানগৰীৰ ৰে’লৱে কলনীৰ কালীবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজাত জুবিন গাৰ্গৰ গান বজাব কোৱাক লৈ সংঘটিত হৈছিল এক নৃশংস হত্য়াকাণ্ড । দুৰ্গা পূজাৰ আনন্দ-উলাহৰ মাজতেই সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডত প্ৰাণ হেৰুৱাইছিল অবিনাশ ৰজক (২৬) নামৰ যুৱকজনে । এই ঘটনাৰে জড়িত ৮ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন কেইবাজনো পলাতক অৱস্থাত আছে ।

গুৱাহাটী মহানগৰীৰ বামুনীমৈদামত সংঘটিত এই হত্যাকাণ্ড সন্দৰ্ভত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে মধ্য় গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে । এই বিষয়ে উল্লেখ কৰি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "কালীবাৰী পূজাথলীত কাজিয়া হৈছিল । তাতেই অবিনাশ ৰজকক কিছুমান লোকে আঘাত কৰে । তাৰ পিছত তেওঁক হাস্পতাললৈ অনা হয় যদিও ইয়াৰ পূৰ্বেই অবিনাশৰ মৃত্য়ু হয় । গীতানগৰ থানাই চানমাৰি থানালৈ প্ৰেৰণ কৰে । পূজা মণ্ডপৰ ওচৰত তেওঁ এখন দোকান দিছিল । তাৰ পৰা নিজৰ ঘৰলৈ অহাৰ সময়তে কেইজনমান মদ্য়পান কৰা লোকে লগ পোৱাত কাজিয়াৰ সূত্ৰপাত হয় । এই ঘটনা সন্দৰ্ভত ইতিমধ্য়ে ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।"

মহানগৰীৰ ৰে’লৱে কলনীৰ কালীবাৰীৰ হত্য়াকাণ্ড সন্দৰ্ভত সংবাদমেল (ETV Bharat Assam)

মধ্য় গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে, হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনৰে পৰাই পলাতক আছিল অভিযুক্তকেইজন । ইপিনে, পূজা কমিটীৰ সকলো সদস্যই ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰিছিল । প্ৰায় সকলোৱে মদ্যপান কৰি আছিল । ঘটনাটোৰ তথ্য প্ৰমাণ নষ্ট কৰা আৰু লুকুওৱাৰ চেষ্টা কৰিছিল । আনকি মণ্ডপৰ চিচি টিভি আঁতৰাই দিছিল । উদ্ধাৰ হোৱা এটা চিচি টিভি ভিজুৱেল নষ্ট কৰিছে কমিটীয়ে । আন ১০ অভিযুক্তই এতিয়াও পলায়ন কৰি আছে । সেই সকলকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব বুলি কয় উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে ।

হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰাজু দত্ত, গোপাল দাস, বসন্ত বাছফৰ ওৰফে ৰাজা, বিশাল চক্ৰৱৰ্তী, বিজু শীল, ৰমেন দাকোৱা, শুভেন্দ্ৰ শেখৰ ৰয়, বৰণ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে । ভাৰতীয় ন্য়ায় সংহিতাৰ 103(2) ধাৰাত 239/25 নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:জুবিনৰ গান বজাবলৈ কোৱাটোৱেই হ’ল অপৰাধ ! গণপ্ৰহাৰত প্ৰাণ গ'ল যুৱকৰ