ETV Bharat / state

অৱশেষত আৰক্ষীৰ জালত গেলাবিল কাণ্ডৰ পলাতক দুই অভিযুক্ত

গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্য়া চাৰি লৈ বৃদ্ধি ।

GOLAGHAT GELABIL MORAL POLICING
গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰ দুই অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 6, 2025 at 10:50 AM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট : অৱশেষত আৰক্ষীৰ জালত গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰ অন্য়তম অভিযুক্ত । ঘটনাটো সংঘটিত হোৱাৰ পিচতেই চৌদিশে প্ৰতিবাদৰ ঢৌ উঠাত পলায়ন কৰিছিল অভিযুক্তই । বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ হোৱা বাবে অভিযুক্তক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তেই গ্ৰেপ্তাৰ হ'ল আন দুই অভিযুক্ত ।

বৰপথাৰৰ গেলাবিলকাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠই বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল যদিও আন দুই অভিযুক্ত তথা ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠই পলাই আছিল । নাবালকক অত্যাচাৰ কৰা দুই পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে স্থানীয় লোকে বৰপথাৰ আৰক্ষী থানা উত্তাল কৰাৰ পিচতো গ্ৰেপ্তাৰ কৰা নাছিল ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক ।

গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰ দুই অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ (ETV Bharat Assam)

এই তীব্ৰ প্ৰতিবাদৰ মাজতেই মৰেল পুলিচিঙৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে । মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে ৷ সোমবাৰে নিশা আৰক্ষীয়ে হেমন্ত বৰাৰ লগতে দুগৰাকী মহিলাক আটক কৰাৰ পিছতেই মঙলবাৰে নিশা মূল অভিযুক্ত দুটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ দুয়োকে স্বাস্থ্য পৰীক্ষা কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইফালে, এই মৰেল পুলিচঙৰ বলি হোৱা কিশোৰজন বৰ্তমান গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । নিৰ্মমভাৱে প্ৰহাৰ কৰা বাবে প্ৰচণ্ড বুকুৰ বিষ হোৱা বুলি উল্লেখ কৰি ভুক্তভোগীজনে কয়, "মই খুৰাৰ নাওখন লৈ যাবলৈ ধৰোতে নোমল কোঁৱৰ নামৰ এজন ব্যক্তিয়ে মোক নাওখন ক'ত চুৰ কৰি লৈ যাও বুলি কৈ ভিডিঅ' বনালে । তাৰ পাছতে মোক মাৰপিট কৰি গৰু ছাগলী বন্ধাৰ দৰে বান্ধি লৈ গ'ল । তাৰ পাছত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠই মোক মাৰপিট কৰি নিমখ, জলকীয়া, গৰম পানী ঢালি দিছে । উক্ত স্থানত আৰক্ষী গৈছিল; কিন্তু ৰাজু শ্ৰেষ্ঠই আৰক্ষীকেই গতিয়াই দিছে । বৰ্তমান মোৰ বুকুৰ বিষ হৈ আছে । আমাৰ লগত যিয়ে এনে কাম কৰিছে তেওঁলোকে শাস্তি পাব লাগে।"

লগতে পঢ়ক:এক শ্ৰেষ্ঠ আৰক্ষীৰ জালত, বাকী দুই শ্ৰেষ্ঠ ক'ত, ৰাইজৰ প্ৰতিবাদ - ONE ARRESTED IN GELABIL

আৰক্ষীৰ জালত মৰেল পুলিচিঙৰ ঘটনাৰ আন এক অভিযুক্ত, পুনৰ চিকিৎসাধীন ভুক্তভোগী - GELABIL MORAL POLICING