ETV Bharat / state

আৰক্ষীৰ জালত মৰেল পুলিচিঙৰ ঘটনাৰ আন এক অভিযুক্ত, পুনৰ চিকিৎসাধীন ভুক্তভোগী

গুৰুতৰভাৱে আহত কিশোৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল যদিও নিশাই আহিল চিকিৎসালয়লৈ ।

GELABIL MORAL POLICING ACCUSED ARRESTED
আৰক্ষীৰ জালত মৰেল পুলিচিঙৰ ঘটনাৰ অভিযুক্ত কৃপাল বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 4, 2025 at 1:42 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : গোলাঘাট জিলাৰ গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আৰক্ষীৰ জালত আন এজন অভিযুক্ত । ছাত্ৰ নেতা আৰু বিজেপি নেতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল যদিও পুনৰ চিকিৎসালয়লৈ আহিবলগীয়া হ'ল । ঘৰলৈ যোৱাৰ পিচত কিশোৰজনে খাদ্য়গ্ৰহণত অসুবিধা পোৱাত পুনৰ চিকিৎসালয়লৈ অনা হয় ।

দেওবাৰে দিনত স্বাস্থ্যৰ উন্নতি হোৱাত ঘৰলৈ যাবলৈ দিয়া হৈছিল কিশোৰজনক; কিন্তু ঘৰলৈ যোৱাৰ পিছতেই ভাত খোৱাত পুনৰ বুকুৰ বিষ আৰম্ভ হয় । সেয়েহে নিশাই তেওঁক সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় । শ্বাস-প্ৰশ্বাসজনিত সমস্য়াত ভোগা বাবে সৰুপথাৰৰ চিকিৎসালয়লৈ অনাত চিকিৎসকে তেওঁৰ স্বাস্থ্য় পৰীক্ষা কৰি উন্নত চিকিৎসাৰ বাবে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

পুনৰ চিকিৎসালয়ত মৰেল পুলিচিঙৰ ঘটনাত আহত কিশোৰ (ETV Bharat Assam)

আনহাতে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে বৰপথাৰৰ গেলাবিলকাণ্ডৰ মূল তিনি অভিযুক্তৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । গেলাবিলকাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠই বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিচত এই ঘটনাৰে জড়িত কৃপাল বৰা নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত লোকজনৰ ঘৰ দৈয়াংপাৰত বুলি জানিব পৰা গৈছে । ইপিনে,এতিয়াও মুকলি আকাশৰ তলত ঘটনাৰ সৈতে জড়িত অন্য়তম অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাঙ্ক শ্ৰেষ্ঠ।

GELABIL MORAL POLICING ACCUSED ARRESTED
আৰক্ষীৰ জালত মৰেল পুলিচিঙৰ ঘটনাৰ অভিযুক্ত কৃপাল বৰা (ETV Bharat Assam)

গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত জড়িত কৃপাল বৰাক দেওবাৰে নিশা আত্মগোপন কৰি থকা অৱস্থাত বৰপথাৰ আৰক্ষীয়ে কৰায়ত্ত কৰে যদিও এতিয়া ঘটনাত জড়িত মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । কৃপাল বৰা নামৰ লোকজনক বৰপথাৰ থানাত ৰুজু হোৱা Case No -41/25, u/s- 120(2)/123/308(2)/3(5) BNS অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।

এই বৰ্বৰ ঘটনাৰ ভুক্তভোগী কিশোৰজনে কয়,"মই মেডিকেলৰ পৰা ঘৰলৈ গলো। তাৰ পিছতেই খানা খাব লৈছিলো,তেতিয়াই বুকু ইমান জোৰকৈ বিষালে যে ভাত খাব নোৱাৰিলো । পুনৰ হাস্পতাললৈ আহিলো। বুকুৰ লগতে হাতখনো বিষাইছে। বেজি দিয়াৰ পিছত ভালেই থাকো; কিন্তু অলপ পিছতেই পুনৰ বিষায় । আমাক অত্যাচাৰ কৰা এজনক গ্ৰেপ্তাৰ কৰিছে, বাকী কেইজনকনো সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে।" ইপিনে, ভুক্তভোগীৰ মাতৃসহ স্থানীয় লোকেও অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে ।

গেলাবিলৰ মহিলাসকলৰ লগতে স্থানীয় দল-সংগঠনে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি ঘেৰাও কৰে বৰপথাৰ আৰক্ষী থানা । ইতিমধ্যে এই কাণ্ডৰ লগত জড়িত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিছে যদিও অভিযুক্ত দুজনক এতিয়াও গ্ৰেপ্তাৰ কৰিব নোৱৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দেওবাৰেও ৰাইজৰ লগতে স্থানীয় দল-সংগঠনে উত্তাল হৈ কৰে বৰপথাৰ আৰক্ষী থানা ।

লগতে পঢ়ক:এক শ্ৰেষ্ঠ আৰক্ষীৰ জালত, বাকী দুই শ্ৰেষ্ঠ ক'ত, ৰাইজৰ প্ৰতিবাদ - ONE ARRESTED IN GELABIL

কিদৰে নাবালকৰ ওপৰত বিজেপি নেতা, ছাত্ৰ নেতাই চলাইছিল আক্ৰমণ, নাবালকৰ বিস্ফোৰক ভাষ্য - GELABIL MORAL POLICING