এক শ্ৰেষ্ঠ আৰক্ষীৰ জালত, বাকী দুই শ্ৰেষ্ঠ ক'ত, ৰাইজৰ প্ৰতিবাদ
মৰেল পুলিচিঙৰ ঘটনাৰ লগত জড়িত এজন অভিযুক্তক আটক কৰে আৰক্ষীয় । বৰ্তমানো পলাতক আন দুই অভিযুক্ত ।

Published : August 3, 2025 at 12:00 PM IST
|Updated : August 3, 2025 at 3:42 PM IST
সৰুপথাৰ: গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাক লৈ বৰ্তমানো ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত । চিকিৎসালয়ত চিকিৎসাধীন ছাত্ৰ নেতা, বিজেপি নেতাৰ আক্ৰমণত ধৰাশায়ী নাবালক । আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । ইয়াৰ মাজতে বৰপথাৰৰ গেলাবিলকাণ্ডৰ মূল তিনিটা অভিযুক্তৰ এটাক আটক কৰে আৰক্ষীয়ে । গেলাবিলকাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠই আত্মসমৰ্পণ কৰে বৰপথাৰ আৰক্ষী থানাত ।
শনিবাৰে নিশা ২ বজাত বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে গেলাবিলকাণ্ডৰ অভিযুক্তটোৱে । ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰে গেলাবিলকাণ্ডৰ খলনায়কটোক । বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই গেলাবিলকাণ্ডৰ আন দুই মূল অভিযুক্ত তথা ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক ।
ইফালে নাবালকক অত্যাচাৰ কৰা দুই পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে দেওবাৰে স্থানীয় লোকে উত্তাল কৰে বৰপথাৰ আৰক্ষী থানা । শনিবাৰে নিশা ৰাজুশ্ৰেষ্ঠই আত্মসমৰ্পণ কৰে যদিও গেলাবিলকাণ্ডৰ আন দুই মূল অভিযুক্ত তথা ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল হৈ পৰে বৰপথাৰ । অভিযুক্তক গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবীত বৰপথাৰ থানাৰ চৌহদ কঁপালে প্ৰতিবাদী জনতাই ।

বহু সংখ্যক মহিলাকে ধৰি কেইবাটাও দল-সংগঠনৰ সদস্যৰ উত্তাল প্ৰতিবাদত উত্তপ্ত হৈ পৰে বৰপথাৰ থানাৰ চৌহদ । ৰাজু শ্ৰেষ্ঠৰ লগতে আন দুই অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবী জনালে দল-সংগঠন আৰু ৰাইজে । অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ বান্ধি দিলে ১২ ঘন্টাৰ সময়সীমা ।

এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি আকাশ দাৱে কয়, "গেলাবিলত যি নাৰকীয়কাণ্ড সংঘটিত হৈছিল তাৰ যিজন মূল কালপিট তেখেতে আহি বৰপথাৰ থানাত আত্মসমৰ্পণ কৰিছে । বৰ্তমানেও ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ পলাতক অৱস্থাত আছে । সৰুপথাৰৰ নিচিনা এখন শান্তিপ্ৰিয় ঠাইত য'ত কুশল কোঁৱৰৰ দৰে শ্বহীদৰ ত্যাগেৰে মহীয়ান, সেই ঠাইত এজন বিজেপি নেতাই যি জঘন্যকাণ্ড সংঘটিত কৰিলে, সেয়াই আমাক লজ্জানত কৰিছে ।"
তেওঁ লগতে কয়, "আমাৰ আইন আৰু আদালতৰ ওপৰত বিশ্বাস আছে যে ৰাজু শ্ৰেষ্ঠসহ যিসকল লোক এই মৰেল পুলিচিঙৰ কাণ্ডত জড়িত সেইসকলে কঠোৰতকৈ কঠোৰতম শাস্তি পাব । আমি অসম আৰক্ষীৰ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক গৰাকীক দাবী জনাইছো যে যিসকলে দুই নাবালিকক অত্যাচাৰ কৰি, ভোট জলকীয়া সানিছে, গৰম পানী ঢালিছে, নিমখ ঢালিছে, তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰক ।"

উল্লেখ্য যে, গেলাবিলৰ নাবালকক অত্যাচাৰৰ ঘটনাই সমগ্ৰ অসমতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও শনিবাৰে এই কাণ্ডক লৈ মন্তব্য প্ৰকাশ কৰে । দোষীয়ে শাস্তি পাব বুলিও মন্তব্য কৰে । ইতিমধ্যেই গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা শশাংক শ্ৰেষ্ঠক অব্যাহতি দিছে । লগতে ভাতৃ ৰাজু শ্ৰেষ্ঠক বৰপথাৰ মণ্ডল বিজেপিৰ পৰা অব্যাহতি দিয়া হৈছে ।
জানিব পৰা মতে ৰাজু শ্ৰেষ্ঠ অসম গোৰ্খা সন্মিলনৰ দায়িত্বতো আছিল । আন অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ শাৰিৰীক চৰ্চাৰ শিক্ষক, বৰ্তমানো পলাতক ৰাজু শ্ৰেষ্ঠ । দুজন কিশোৰক ভোট জলকীয়া, নিমখ সানি অত্যাচাৰ কৰিছিল আছু নেতাসহ বিজেপি নেতাই ।

সৰুপথাৰ সমষ্টিৰ বৰপথাৰৰ গেলাবিলত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল । দুজন অসমীয়া যুৱকক চুৰিৰ অভিযোগত সৰুপথাৰ সম-জিলাৰ আছুৰ বিষয়ববীয়া শশাংক শ্ৰেষ্ঠ আৰু তেওঁৰ ভাতৃ বিজেপি বৰপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ আৰু ৰণজিৎ শ্ৰেষ্ঠৰ নেতৃত্বত মৰেল পুলিচিঙৰ দৰে কাণ্ড সংঘটিত কৰে । মাৰপিট কৰি নিমখ, ভোট জলকীয়া লগাই নিৰ্যাতন চলাই এইকেইজন তথাকথিত নেতাই ।

