ETV Bharat / state

গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

Drugs Seized : এছটিএফৰ অভিযানত গুৱাহাটীৰ চানমাৰিত জব্দ বৃহৎ পৰিমণাৰ ড্ৰাগছ । ২ সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে ।

Drugs Seized
গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ (ANI)
author img

By ANI

Published : October 19, 2024 at 10:19 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান । অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চৰ (এছটিএফ) অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । জানিব পৰা মতে, বৃহস্পতিবাৰ নিশা চলা অভিযানত এছটিএফৰ দলটোৱে প্ৰায় ৫.৫ কোটি টকাৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । হেৰ'ইনখিনিৰ পৰিমাণ ৬৯১ গ্ৰাম হ'ব বুলি জানিব পৰা গৈছে ।

বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

এছটিএফৰ আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই এই অভিযান সন্দৰ্ভত কয় যে নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা এছটিএফ অসমে গুৱাহাটীৰ চানমাৰি আৰক্ষী থানাৰ অন্তৰ্গত চানমাৰি উৰণীয়া সেঁতুৰ সমীপত অভিযান চলায় । অভিযানত দলটোৱে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । এখন স্কুটিও জব্দ কৰিছে আৰক্ষীয়ে ।

পাৰ্থ সাৰথি মহন্তই কয়, "তালাচীৰ সময়ত এছটিএফ দলে তেওঁলোকৰ পৰা ৬৯১ গ্ৰাম হেৰ'ইন, দুটা ম’বাইল ফোন জব্দ কৰে । ১০ টা চাবোনৰ বাকচ আছিল হেৰ'ইনখিনি । জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫.৫ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । আটকাধীন লোককেইজন ক্ৰমে সন্দীপ সিং (৩৪) আৰু মনোজ ডেকা (৩৭) বুলি চিনাক্ত কৰা হৈছে ।"

তেওঁ উল্লেখ কৰা মতে ইতিমধ্যে প্ৰয়োজনীয় আইন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আটকাধীন সৰবৰাহকাৰীকেইটাক আৰক্ষীয়ে জেৰাও চলাই আছে ।

উল্লেখ্য যে, ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে । বিগত দিনবোৰত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে বহু সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :অনলাইন ট্ৰেডিং: তন্ন তন্নকৈ তদন্ত কৰিবলৈ আহি পালে চি বি আই