ETV Bharat / state

সাৱধান ! পথৰ কাষৰ এই বিষাক্ত উদ্ভিদে মাতিব পাৰে জীৱনলৈ বিপদ

লমালমে বগাকৈ ফুলি থকা ফুলে বিপদ মাতিব পাৰে আপোনাৰ জীৱনলৈ ! ৰাজ্যত ছানি ধৰিছে বিষাক্ত পাৰ্থেনিয়ামে । শংকিত ৰাইজ ।

awareness on Parthenium
সাৱধান ! পথৰ কাষৰ এই বিষাক্ত উদ্ভিদে মাতিব পাৰে জীৱনলৈ বিপদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 9:36 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : সাৱধান, ফুল দেখি ভোল নাযাব ! লমালমে বগাকৈ ফুলি থকা ফুলবোৰে বিপদ মাতিব পাৰে আপোনাৰ জীৱনলৈ ! দেখাত ধুনীয়া এবিধ বিষাক্ত ফুলে মৃত্যুমুখলৈ ঠেলি দিব পাৰে আপোনাক !

পাৰ্থেনিয়াম নামৰ এইবিধ বিষাক্ত উদ্ভিদে ছানি ধৰিছে ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ তিতাবৰতে । তিতাবৰৰ মেলামাটি বিৰিণাশায়েকৰ মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত ভয়ানকভাৱে বৃদ্ধি পাইছে পাৰ্থেনিয়াম । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জনস্বাস্থ্যৰ প্ৰতি এইবিধ বিষাক্ত উদ্ভিদে কঢ়িয়াই আনিছে ভাবুকি ।

সাৱধান ! পথৰ কাষৰ এই বিষাক্ত উদ্ভিদে মাতিব পাৰে জীৱনলৈ বিপদ (ETV Bharat Assam)

এইজোপা বিষাক্ত উদ্ভিদনো কেনেকুৱা, কিমান ভয়ংকৰ হ'ব পাৰে, সকলোতে কেনেদৰে আধিপত্য বিস্তাৰ কৰে এই উদ্ভিদে এই বিষয়বোৰক লৈ মঙলবাৰে তিতাবৰৰ এখন বিদ্যালয় চৌহদত স্থানীয় সচেতন ব্যক্তিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে বিষাক্ত উদ্ভিদবোৰ ঔষধ দি ধ্বংস কৰাৰ কাম আৰম্ভ কৰে ।

এই সন্দৰ্ভত সচেতন ব্যক্তিয়ে কয়, "সাধাৰণতে পথৰ দাঁতিৰ লগতে বিভিন্ন ঠাইত লহপহকৈ বগা ফুলেৰে মন উন্মনা কৰিব পৰা এইবিধ গছ মানুহ বা পক্ষীকুলৰ বাবে অতিকৈ ভয়াৱহ । বৰ্তমান অসমৰ বিভিন্ন ঠাইত প্ৰসাৰিত হৈ পৰা এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম হৈছে Parthenium hysterophorus । এই বিষাক্ত উদ্ভিদ সাধাৰণতে ১-১.৫ মিটাৰ ওখ হয় ।"

awareness on Parthenium
বিষাক্ত পাৰ্থেনিয়াম (ETV Bharat Assam)

তেওঁলোকে লগতে কয়, "সাধাৰণতে পাৰ্থেনিয়ামবোৰ দেখাত হাইব্ৰিড ধানৰ গছৰ দৰে । পথৰ কাষে কাষে বা বিদ্যালয়, খেলপথাৰ আদি ঠাইত মনোমুগ্ধ ৰূপত ফুলি থাকে এই উদ্ভিদবোৰ । আধিপত্যবাদী এই উদ্ভিদে এলাৰ্জীৰ সৃষ্টি কৰে । পাৰ্থেনিয়াম অপতৃণ হাতেৰে স্পৰ্শ কৰিলে বা থেতেলিয়াই দিলে সৰুৰ পৰা ডাঙৰ ৰোগ হোৱাৰ লগতে মানুহৰ শৰীৰত হাঁপানী, ব্ৰংকাইটিছ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন ৰোগে ক্ৰিয়া কৰাৰ সম্ভাৱনা থাকে । পাৰ্থেনিয়ামে মহৰ বংশবৃদ্ধি কৰাত সহায় কৰে ।"

awareness on Parthenium
পাৰ্থেনিয়াম সন্দৰ্ভত সজাগতা সৃষ্টি (ETV Bharat Assam)

সেয়ে এই বিষাক্ত পাৰ্থেনিয়াম ধংস কৰাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় সচেতন ৰাইজে ।

লগতে পঢ়ক :মাকৈৰ খেতিৰে বছৰত ৯-১০ লাখ উপাৰ্জন: জোনাইৰ এজন যুৱকৰ কৃষি বিপ্লৱ - MAIZE CULTIVATION IN JONAI
লগতে পঢ়ক :আৰক্ষীৰ অৱস্থা 'ঢোল'ৰ দৰে হৈছে, দুই ফালৰ পৰা 'বাঁহ' দিয়া হয় আৰক্ষীক: মুখ্যমন্ত্রী - ILLEGAL FOREIGNERS