POCSO আদালতত শিশু নিৰ্যাতনৰ গোচৰ : শুনানিৰ পিছতে মূৰ্চ্ছা গ’ল বিতৰ্কিত চিকিৎসক ৱালিউল ইছলাম - Child Abuse Case in Guwahati
Sangeeta Dutta And Waliul Islam: কামৰূপ জিলা পকছ’ আইনৰ অধীনষ্ঠ বিশেষ আদালতে বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামসহ মুঠ 5 অভিযুক্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে চাৰ্জফ্ৰেম কৰিছে । বিতৰ্কিত চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্ছ’ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাৰ অধীনত চলিব বিচাৰ প্ৰক্ৰিয়া ৷ শুনানিৰ অন্তত আদালততে মূৰ্চ্ছা যায় ৱালিউল ইছলাম ৷

Published : June 28, 2024 at 7:39 AM IST
গুৱাহাটী, 27 জুন: শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে কি কি ধাৰাৰ অধীনত গোচৰ চলিব সেয়া নিশ্চিত হৈছে । কামৰূপ জিলা পক্ছ’ বিশেষ আদালতে চিকিৎসক দম্পতীসহ মুঠ 5 অভিযুক্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে চাৰ্জফ্ৰেম কৰিছে ।

পক্ছ’ আইনৰ 6 নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ 376 (ক) আৰু (খ) ধাৰাৰ অধীনত চিকিৎসক দম্পতীৰ বিৰুদ্ধে কামৰূপ জিলা পক্ছ’ বিশেষ আদালতত বিচাৰ চলিব ।
উল্লেখ্য যে, পক্ছ’ আইনৰ 6 নং ধাৰাৰ অধীনত আৰু ভাৰতীয় দণ্ডবিধিৰ 376 (ক) আৰু (খ) ধাৰাৰ অধীনত চিকিৎসক দম্পতীৰ বিৰুদ্ধে কামৰূপ জিলা POCSO বিশেষ আদালতত বিচাৰ চলে ৷ শুনানিৰ অন্তত আদালততে মূৰ্চ্ছা যায় অভিযুক্ত ৱালিউল ইছলাম । সুস্থ হোৱাৰ পিছত ইছলামক কাৰাগাৰলৈ নিয়া হয় । নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে চিকিৎসক দম্পতীৰ বিৰুদ্ধে যোৱা বছৰৰ 4 জুলাইত গুৱাহাটীস্থ পক্ছ’ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।
লগতে পঢ়ক: Guwahati Doctor Couple case : শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
ইপিনে কামৰূপ জিলা পক্ছ’ বিশেষ আদালতত চিকিৎসক দম্পতীৰ বনকৰা মহিলা লক্ষী আৰু কাব্যৰ বিৰুদ্ধে POCSO আইনৰ 21 নং ধাৰাৰ অধীনত বিচাৰ চলিব । আকৌ শিশু যোগান ধৰোতা উৎপলা বসুৰ বিৰুদ্ধে J J আইনৰ 80/81 75 নং ধাৰাৰ অধীনত বিচাৰ চলিব ।
উল্লেখ্য যে, শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছে । সম্প্ৰতি অভিযুক্ত চিকিৎসক দম্পতী গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে ৷
লগতে পঢ়ক: Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক
2023 বৰ্ষৰ 5 মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 6 মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত চলা অনুসন্ধানত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা সন্তান দুটিৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ পোহৰলৈ আহিছিল ।
মন কৰিবলগীয়া যে, দুই চিকিৎসক দম্পতীয়ে কেবাবাৰো আদালতত জামিন আবেদন জনাই আহিছিল যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰিছে ।

