ETV Bharat / state

আপুনিও আহকচোন এবাৰ চিয়াং-লালীৰ পাৰলৈ...

দ্বিতীয় পবা মহোৎসৱৰ প্ৰস্তুতি তুংগত ।৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ চলিব এই মহোৎসৱ ।

Poba Mahotsav to be held in Jonai with a three-day programme
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পবা মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 4:37 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: অসম-অৰুণাচল সীমান্তৱর্তী তথা জোনাই সদৰৰ নিকটৱৰ্তী চিয়াং-লালী নৈৰ পাৰত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে সুশোভিত বৰ্ষাৰণ্য পবা বনাঞ্চলে ইতিমধ্যে সগৌৰৱেৰে গৰকিবলৈ সক্ষম হৈছে এটা শতিকা ।

এনে সময়তে বৰ্ষাৰণ্য পবা বনাঞ্চলক কেন্দ্ৰ কৰি গ্রাম্য পৰ্যটন আৰু ইক' টুৰিজম গঢ়ি তোলাৰ লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ ।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পবা মহোৎসৱ (ETV Bharat Assam)

অহা ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দ্বিতীয় সংখ্যক পবা মহোৎসৱ । এই উপলক্ষে তিনিমাইল ঘাটৰ বালি চাপৰিত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি । উল্লেখ্য যে, ১৯২৪ চনত ব্ৰিটিছ শাসনৰ সময়তে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বৰ্ষাৰণ্যক ২০২৪ চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় ।

মূল্যবান উদ্ভিদ, দুষ্প্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগ, বিভিন্ন প্রজাতিৰ ঔষধি গছ-লতা, জলাশয় আদিৰে সমৃদ্ধ হোৱাৰ লগতে নৈসর্গিক বৈভৱেৰে ভৰপূৰ পবা বনাঞ্চলখন জোনাই অঞ্চলৰ আয়ুসৰেখা স্বৰূপ । ইক' টুৰিজম, জাংগল ট্রেকিং, বনভোজস্থলী, পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্র পবা বৰ্ষাৰণ্যক পৰ্যটকৰ মাজত আকর্ষণ সৃষ্টি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলগীয়া দ্বিতীয় সংখ্যক পবা মহোৎসৱত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে ।

ইফালে দ্বিতীয় সংখ্যক পবা মহোৎসৱ উদযাপনস্থলীত প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ ল'বলৈ তিনিমাইল ঘাটৰ বালি চাপৰিত উপস্থিত হৈ বিভিন্ন দল-সংগঠন তথা ৰাইজৰ স'তে পবা মহোৎসৱ উদযাপন সম্পৰ্কে আলোচনা কৰে পবা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ।

দ্বিতীয় সংখ্যক পবা মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে এগৰাকী উদ্যোক্তাই কয়, "পবা মহোৎসৱলৈ আৰু বেছিদিন নাই । আমাৰ প্ৰস্তুতি জোৰদাৰ চলি আছে । আমি এইবাৰ এই মহোৎসৱৰ সৈতে ছাত্ৰ-ছাত্ৰীক জড়িত কৰিব খুজিছোঁ । এই মহোৎসৱত আমি পবাক সুৰক্ষিত কৰিবৰ বাবে কথা পাতিম । এইবাৰ খাদ্যমেলাত ৩০ টা ফুড ষ্ট'ল আমি ৰাখিছোঁ ।"

লগতে পঢ়ক: মিছা কথা ক'বলৈহে জাপানলৈ গৈছে মুখ্যমন্ত্ৰী: গৌৰৱ গগৈ - MP GAURAV GOGOI

ভৰিত আঘাত লৈ ফুৰা লালিৰ আৰ্তনাদে কন্দুৱাইছে বীৰকুচিবাসীক - WILD ELEPHANT LALI