ETV Bharat / state

বনকৰ্মীৰে সংঘৰ্ষত ধৰাশায়ী গঁড় চিকাৰ কৰিবলৈ অহা চোৰাং চিকাৰী - POACHER KILLED IN KAZIRANGA

চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰু কঠোৰ হোৱাৰ ইংগিত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙৰ ।

Poacher killed in a clash between forest guard and poachers
বনকৰ্মী আৰু চোৰাং চিকাৰীৰ সংঘৰ্ষত ধৰাশায়ী চোৰাং চিকাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 4:58 PM IST

3 Min Read

গোলাঘাট: বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গঁড়ৰ অস্তিত্বক সংকটত পেলাবলৈ চোৰাং চিকাৰীয়ে চলোৱা অপচেষ্টাৰ সফল প্ৰত্যুত্তৰ দিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত বুধবাৰে এক সূত্ৰৰ আঁত ধৰি পুৱাই বন বিভাগ আৰু আৰক্ষীৰ এক যৌথ অভিযানত নিহত হয় এটা চোৰাং চিকাৰী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আগৰাতলী বনাঞ্চলৰ দুৰামাৰী বন শিবিৰ এলেকাত সংঘটিত হয় এই ঘটনা ।

দিনৰ প্ৰায় ১২:৪৫ বজাত ২/৩ জনীয়া চোৰাং চিকাৰীৰ দলক বনকৰ্মীয়ে প্ৰত্যক্ষ কৰাৰ পাছত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয় । সংঘৰ্ষত ধৰাশায়ী হয় এটা চোৰাং চিকাৰী । বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত চোৰাং চিকাৰীৰ পৰিচয় । ঘটনাস্থলীৰ পৰা এটা ৩০৩ ৰাইফল, এখন মোনা আৰু এখন কুঠাৰ উদ্ধাৰ হয় । বোকাখাত আৰক্ষী আৰু সমজিলাৰ দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হয় চোৰাং চিকাৰীটোৰ মৃতদেহ ।

বনকৰ্মী আৰু চোৰাং চিকাৰীৰ সংঘৰ্ষত ধৰাশায়ী চোৰাং চিকাৰী (ETV Bharat Assam)

মৃত চোৰাং চিকাৰীটোৰ লগত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ, মোনা আৰু কুঠাৰলৈ চাই গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ উদ্দেশ্যে চোৰাং চিকাৰীৰ দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে । আনহাতে পলাই যোৱা চিকাৰীৰ সন্ধানত আৰক্ষী আৰু বন বিভাগে ইতিমধ্যে ক'ম্বিং অপাৰেশ্যন অব্যাহত ৰাখিছে ।

ইয়াৰ পাছতে কঠোৰ স্থিতি গ্ৰহণৰ কথা সদৰী কৰি আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, "মই টাস্ক ফ'ৰ্চৰ লগত দুবছৰৰ পৰা জড়িত হৈ আছোঁ । আজি আমি সকলোৱে একগোট হৈ বৰ্তমানলৈকে কি অগ্ৰগতি হৈছে তাৰ বিষয়ে আলোচনা কৰা হ'ল । দেৰগাঁৱত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষক সন্মিলনত পৰিৱেশ সংৰক্ষণৰ বাবে কি কি কাম কৰা হৈছে সেই সকলো প্ৰস্তুত কৰা হৈছে । বিগত বৰ্ষত অপাৰেশ্যন ফেলকন চলি আছে য'ত আমি ৪২ জন গড় চিকাৰীক গ্ৰেপ্তাৰ কৰিছোঁ আৰু কিছুমান মাৰাণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে কাজিৰঙাক সামৰি ।"

তেওঁ লগতে কয়, "ইয়াৰ উপৰিও বিগত তেৰ মাহত আঠটা গঁড় হত্যাৰ চেষ্টা কৰা বন্ধ কৰা হৈছে । লগতে কিছুদিনৰ পূৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী হত্যা কৰা হৈছিল, তাৰ লগত জড়িত থকাসকলৰ ভিতৰত দহজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সাতটা মাৰাণাস্ত্ৰ উদ্ধাৰ হৈছে । আমাৰ আৰক্ষী আৰু বন বিভাগে যৌথভাৱে যি কাম কৰি আছে, আমাৰ লক্ষ্য এটাই- যিকোনো প্ৰকাৰে গঁড় হত্যা বন্ধ কৰিব লাগে । সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজলৈ এটা আহ্বান যে কিবা তথ্য যদি লাভ কৰে মোক অৱগত কৰিব । বন্যপ্ৰাণী হত্যা কৰা মানে জীৱ হত্যা কৰা ।"

লগতে পঢ়ক: হৰমীত সিঙক পদোন্নতিসহ আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব - HARMEET SINGH APPOINTED AS DGP

অসম আৰক্ষীৰ অপাৰেশ্যন 'ঘোষ্ট ছীম'ত জালত পৰিল ৭ - ASSAM POLICE OPERATION GHOST SIM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.