ETV Bharat / state

ছাত্ৰ-ছাত্ৰী আছে, নাই শিক্ষক: বন্ধ হ'ব নেকি পি এম শ্ৰী বিদ্যালয় ? - PM SRI HS SCHOOL

চৰকাৰী শিক্ষাখণ্ডৰ এখন বিদ্যালয়ৰ এতিয়া মৃতপ্ৰায় অৱস্থা । ছাত্ৰ-ছাত্ৰীৰ অনুপাতে নাই শিক্ষক । চিন্তিত অভিভাৱক তথা বিদ্যালয় কৰ্তৃপক্ষ ।

PM Sri Kaziranga National Park Higher Secondary School does not have enough teachers
চৰকাৰী শিক্ষাখণ্ডৰ এখন বিদ্যালয়ৰ এতিয়া মৃতপ্ৰায় অৱস্থা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 6:43 PM IST

3 Min Read

কাজিৰঙা: ৰাজ্যৰ শিক্ষাবিভাগে শিক্ষাব্যৱস্থাৰ উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে শিক্ষকৰ অভাৱত কাজিৰঙাত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে এখন বিদ্যালয় । বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা পি এম শ্ৰী কাজিৰঙা নেচনেল পাৰ্ক উচ্চ মাধ্যমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক । 'ক' শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে এঘাৰটা শ্ৰেণী থকাৰ বিপৰীতে মাত্ৰ পাঁচগৰাকী শিক্ষক আছে ।

এই সন্দৰ্ভত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ দায়েৰী প্ৰসাদ উপাধ্যায়ে কয়, "চৰকাৰে বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে । কিন্তু, শেহতীয়া ছমাহত পি এম শ্ৰী কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ পৰা ছগৰাকীকৈ শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পাছতো বিদ্যালয়খনত হোৱা নাই শিক্ষক নিযুক্তি । যাৰ বাবে একপ্ৰকাৰ বন্ধ হোৱাৰ উপক্ৰম ঘটিছে বিদ্যালয়খন ।"

চৰকাৰী শিক্ষাখণ্ডৰ এখন বিদ্যালয়ৰ এতিয়া মৃতপ্ৰায় অৱস্থা (ETV Bharat Assam)

উল্লেখ্য যে চাৰিটা দশক পুৰণি কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত সম্প্ৰতি শিক্ষকৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিগত বৰ্ষৰ পৰিসংখ্যা অনুসৰি ৪৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বৰ্তমান মাত্ৰ ৫ জন স্থায়ী শিক্ষকক লৈ নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদানসূচীক লৈ বিমোৰত পৰা বুলি উল্লেখ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।

বিদ্যালয় কৰ্তৃপক্ষই জনাই যে কিছুবছৰ পূৰ্বে ২০১৩ চনত প্ৰাদেশীকৃত কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলক ১৯৩২ চনত স্থাপিত কহঁৰা বনুৱা প্ৰাথমিক বিদ্যালয় আৰু ১৯৮৫ চনত স্থাপিত কহঁৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হয় । আনহাতে, বিগত ২০২৩ বৰ্ষত কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলক পি এম শ্ৰীৰ অধীনত লোৱা হয় । পি এম শ্ৰীৰ অধীনত অহাৰ সমান্তৰালকৈ বিদ্যালয়খনত অত্যাধুনিক শ্ৰেণী কোঠা, অন্যান্য শিক্ষাৰ সা-সুবিধাৰ লগতে আন্তঃগাঁথনিৰ উন্নয়ন কৰা হয় ।

২০২৩ বৰ্ষত পি এম শ্ৰী হোৱাৰ সময়ত বিদ্যালয়খনত তিনিগৰাকী টেট শিক্ষক আৰু ৯ গৰাকী স্থায়ী শিক্ষকসহ মুঠ ১২ গৰাকী শিক্ষকে শ্ৰেণীসমূহত পাঠদান চলাই আহিছিল । কিন্তু, বিগত বৰ্ষৰ শেষৰ ফালে টেট শিক্ষক কেইগৰাকীৰ স্থায়ী হোৱাৰ লগে লগে অন্য বিদ্যালয়ত বিভাগীয়ভাৱে নিযুক্তি দিয়া হয় । ফলত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা হঠাৎ কমি যোৱাত বিভাগক জনোৱাত উক্ত তিনিগৰাকী স্থায়ী টেট শিক্ষকৰ দুগৰাকী শিক্ষকক সংলগ্ন কৰি বিদ্যালয়খনত পুনৰ পাঠদানৰ ব্যৱস্থা কৰা হয় ।

সমান্তৰালকৈ বিদ্যালয়খনৰ ৯ গৰাকী স্থায়ী শিক্ষকৰ ৬ গৰাকী শিক্ষকে অলপতে অগা-পিছাকৈ অৱসৰ গ্ৰহণ কৰে । যাৰ ফলত বৰ্তমান কেৱল পাঁচগৰাকী স্থায়ী শিক্ষক আৰু ২ গৰাকী টেট শিক্ষকসহ নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি কৰিবলৈ সমস্যাৰ সৃষ্টি হৈছে বুলি বিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে । আনহাতে, এই সমস্যা সন্দৰ্ভত জিলা শিক্ষা বিষয়াক অৱগত কৰা হৈছে বুলি জনাই বিদ্যালয় কৰ্তৃপক্ষই । ইপিনে, বৰ্তমান বিদ্যালয়খনত নতুনকৈ শিক্ষক নিযুক্তিৰ ব্যৱস্থা নাই বুলি শিক্ষা বিষয়াই জানিবলৈ দিয়ে । এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ পৰিমাণ হ্ৰাস হোৱাত বৰ্তমান অভিভাৱকসকল ভীষণ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: দিছপুৰত ইছৰ'ৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰে অসম চৰকাৰৰ বৈঠক - ISRO CHAIRMAN IN ASSAM

দহগৰাকীক লুটিলে ! প্ৰৱঞ্চকৰ টাৰ্গেট এইবাৰ বিবাহ বিচ্ছেদিত মহিলা - CHEATING WITH DIVORCED WOMAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.