কংগ্ৰেছে দশক দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলক আওকাণ কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ
PM Modi Visit Assam : অসমবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে বিজেপি চৰকাৰৰ দিনত অসমত কৰা উন্নয়নৰ খতিয়ান ৷ ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে বুলি কয় তেওঁ ৷ ভাষণত বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Published : March 9, 2024 at 4:56 PM IST
গুৱাহাটী, 9 মাৰ্চ : দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোৰহাটৰ হোলোঙাপাৰৰ এখন বিশাল জনসভাত 17,500 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু শিলন্যাস কৰে ৷ শিলন্যাস আৰু উদ্বোধনৰ পিচতেই প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়ায় নিজৰ ভাষণ ৷
"ভালে-কুশলে আছে আপোনালোক"- বুলি স্বভাৱসিদ্ধভাৱে অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- "অসমৰ মানুহৰ এই প্ৰেম আৰু স্নেহ মোৰ পুঁজি ৷"
অসমত 17,500 কোটি টকাৰ প্ৰকল্প উন্মোচন আৰু আধাৰশিলা কৰাৰ পাচত নিজৰ ভাষণত বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কংগ্ৰেছে উত্তৰ-পূবৰ উন্নয়নক আওকাণ কৰিছিল বুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘বিকশিত ভাৰত’ৰ উদ্দেশ্য পূৰণ কৰিবলৈ উত্তৰ-পূবৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ ৷ কংগ্ৰেছে দশক দশক ধৰি অঞ্চলটোক আওকাণ কৰাৰ অভিযোগো উত্থাপন কৰে মোদীয়ে ৷
যোৰহাটৰ মেলেং মেটেলি পথাৰত জনসভাত ভাষণ দি তেওঁ লগতে অভিযোগ কৰে যে কংগ্ৰেছ চৰকাৰৰ অসংবেদনশীল আৰু অপৰিকল্পিত সংৰক্ষণ কৌশলৰ ফলত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ সৃষ্টি হৈছিল ৷ আজি পুৱা বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ জৈৱ-বৈচিত্ৰক ভূয়সী প্ৰশংসা কৰে জনসভাত ৷ নিজৰ কাজিৰঙা ভ্ৰমণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ভ্ৰমণৰ অনুভৱেই সুকীয়া ৷ বিগত চৰকাৰৰ অৱহেলাত 2013 চনত মাত্ৰ এটা বছৰতে 27 টাকৈ গঁড় নিহত হৈছিল কাজিৰঙাত ৷ কিন্তু গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা বিজেপি চৰকাৰৰ দিনত এই সংখ্যা শূন্য হৈছে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যক স্মৰণ কৰি প্ৰণাম জনায় ৷
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আয়োজিত এই বিশাল জনসভাত প্ৰধানমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে ৷ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত অসম উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰ হৈ উঠিছে ৷ আনহাতে এচিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰকে ধৰি 4 টাকৈ তেল শোধনাগাৰৰ উৎপাদন দুগুণ কৰাৰ বাবে চৰকাৰে সকলো প্ৰয়াস অব্যাহত ৰখাৰ কথাও অসমবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে আাজি ৰাজ্যখনৰ নৱনিৰ্মিত 55,5,555 টা ঘৰ হিতাধিকাৰীসকললৈ উচৰ্গা কৰে ৷ উচৰ্গা কৰি তেওঁ কয় যে ৰাজ্যখনৰ 5.5 লাখ লোকক পকী ঘৰ দিয়া হৈছে ৷ লগতে দিয়া হৈছে বিজুলী আৰু পানীৰ সুব্যৱস্থা ৷ মুঠ 18 লাখ লোকক পি এম এ ৱাই আঁচনিৰ জৰিয়তে ঘৰ দিয়া হৈছে ৷ ৰাজ্যখনত 50 লাখ ঘৰক জল জীৱন মিছনৰ জৰিয়তে পানী দিয়া হৈছে ৷ 3000 অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে বুলি কয় প্ৰধানমন্ত্ৰীজনে ৷ তদুপৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতা ৰমণে তেওঁৰ অন্তৱৰ্তীকালীন বাজেট ভাষণত উল্লেখ কৰা 'লাখপতি দিদি’ৰ প্ৰসংগতো মোদীয়ে কয় যে, দেশজুৰি 3 কোটি মহিলাক লাখপতি বাইদেও কৰাৰ প্ৰয়াস কৰা হৈছে ৷
লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় অসমৰ 2.5 লাখ থলুৱা লোকক ভূমিৰ অধিকাৰ দিছে বিজেপি চৰকাকে ৷ ৰাজ্যখনৰ 8 লাখ চাহ বাগানৰ লোকক বেংকিং ব্যৱস্থাৰে সংযুক্ত কৰা আদি প্ৰসংগইয়ো স্থান লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ ভাষণত ৷ আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি অবিহনে বিকশিত ভাৰতৰ কল্পনা অসম্ভৱ বুলি উল্লেখ কৰি 'সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই মোৰ পৰিবাৰ' বুলি উল্লেখ কৰে মোদীয়ে ৷
অসমত বিজেপি চৰকাৰৰ দিনত কি কি উন্নয়ন হ’ল তাৰ বিস্তৰ খতিয়ান দাঙি ধৰি তেওঁ শৰাইঘাটৰ ওপৰত নতুনকৈ দুখন দলং, ধলা-শদিয়া, বগীবিল দলং বিজেপি চৰকাৰৰ দিনতেই নিৰ্মাণ কৰি দেশক উৰ্চগা কৰা হৈছে বুলি কয় ৷ তেওঁ কয়- বিজেপিৰ দিনতে বৰাক উপত্যকালৈ ৰে’ল যোগাযোগ ব্যৱস্থা সম্প্ৰসাৰণ কৰা হৈছে ৷ 2014 চনৰ পাচত অসমত ভালেমান উন্নয়নমূলক প্ৰকল্প হাতত লৈ যোগীঘোপাত মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণ, ব্ৰহ্মপুত্ৰ ওপৰত আন দুখন নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱক অনুমোদন জনোৱা আদি প্ৰসংগই স্থানলাভ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণত ৷ যোৰহাটৰ এই জনসভাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ শিলিগুৰিলৈ আন এখন জনসভাত ভাগ লোৱাৰ উদ্দেশ্যৰে উৰা মাৰে ৷
লগতে পঢ়ক : গজৰাজক খাদ্য খুৱাই আনন্দিত প্ৰধানমন্ত্ৰী মোদী

