"এডভাণ্টেজ আছাম" অসমৰ সম্ভাৱনা আৰু বিকাশৰ এক মহা অভিযান: প্ৰধানমন্ত্ৰী
দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এডভাণ্টেজ আছাম ২.০ মঙলবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

Published : February 25, 2025 at 2:33 PM IST
গুৱাহাটী : মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম চৰকাৰৰ বিনিয়োগৰ সহা সন্মিলন এডভাণ্টেজ আছাম ২.০ । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, কেইবাখনো দেশৰ অৰ্ধশতাধিক ৰাষ্ট্ৰদূত, দেশ-বিদেশৰ উদ্যোগপতি তথা ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত ২০১৮ চনৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত প্ৰথমবাৰ অসমত এডভাণ্টেজ আছামৰ আৰম্ভ হৈছিল । সেই সময়ত প্ৰধানমন্ত্ৰীজীৰ আশীৰ্বাদত নুমলীগড় ৰিফাইনাৰীক ২৬ হাজাৰ কোটিৰ বিনিয়োগেৰে ৯ মিলিয়ন মেট্ৰিকটনলৈ সম্প্ৰসাৰণ কৰা হয় । প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ক্ৰুড পাইপলাইন স্থাপন কৰা হয় । এই পাইপলাইনৰ দৈৰ্ঘ হৈছে ১৬৪০ কিঃমিঃ । অসমক গ্ৰেছ গ্ৰীডৰ সৈতে সংযুক্ত কৰা হয় । আৰু প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত এই সময়ছোৱাতে টাটাৰ দ্বাৰা ছেমিকণ্ডাক্টৰৰ আৰম্ভণি অসমত কৰা হয় ।"

শেহতীয়া কেন্দ্ৰীয় বাজেটত অসমৰ বাবে পুঁজি যোগানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰধানমন্ত্ৰীয়ে শেহতীয়াভাৱে ভাৰত চৰকাৰৰ বাজেটত আমাৰ নামৰূপত এক গ্ৰীণ ফিল্ড ফাৰ্টিলাইজাৰ প্লাণ্টৰো তেওঁ ঘোষণা কৰিছে, যিটো ১২ লাখ মেট্ৰিকটনৰ হ'ব ।"
অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ ইতিহাস টানি আনি মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিয়েলাইজেনৰ ইতিহাস আৰম্ভ হৈছে ১৮৩৯ চনত । আজি অসমৰ চাহ উদ্যোগে দুশ বছৰ অতিক্ৰম কৰিলে । আমাৰ ডিগবৈ ৰিফাইনেৰী ১৯০১ চনত স্থাপন হৈছিল । ১৮৪৭ চনৰ পৰা আমাৰ কয়লাৰ অন্বেষণ আৰম্ভ হৈছে ।"

অসমৰ অৰ্থনীতিৰ বিকাশ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "ভাৰতৰ স্বাধীনতাৰ সময়ত আমাৰ জনমূৰি আয় ভাৰততকৈ ৪ শতাংশ অধিক আছিল । কিন্তু যেতিয়া দেশ বিভাজন হৈছিল তেতিয়া আমাৰ যি পৰম্পৰাগত বাণিজ্য সংযোগ আছিল সেয়া আমি হেৰুৱালোঁ । আমাৰ ৰাজ্যখন পাঁচবাৰ বিভাজন হৈছে । দেশৰ সৈতে আমাৰ যি সংযোগ সেয়া চিকেন নেকৰ জৰিয়তে ২২ কিঃমিঃ, চিকেন নেকেৰে আৰম্ভ হয় । ডাঙৰ ভূমিকম্প আহিল আৰু অসম কেইবা দশক ধৰি অস্থিৰ আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ সন্মুখীন হ'বলগা হয় । যাৰ বাবে বিকাশ স্থবিৰ হৈ পৰে ।"

প্ৰধানমন্ত্ৰীৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয়, "২০১৪ চনৰ পিছত অসমৰ পুনৰ জন্ম হৈছে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসম এখন শান্তিৰ ৰাজ্য হৈছে । আজি মই এই কথা সজোৰে দাবী কৰি ক'ব পাৰোঁ যে এখন ৰাজ্য যিখন এটা সময়ত দেশৰ ভিতৰতে আটাইতকৈ অশান্তিত থকা ৰাজ্য আছিল, আজি সেইখন ৰাজ্য দেশৰ সকলোতকৈ শান্তিপূৰ্ণ ৰাজ্য হৈ পৰিছে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমাৰ ৰাজ্যত ২০২৪ চনৰ পিছত ২,৩২৪ কিঃমিঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে । ৬০০ কিঃমিঃ মিটাৰগজক ব্ৰডগজ কৰা হৈছে ।"

তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ২০০ কিঃমিঃ ৰে'লৱেৰ দ্বৈত ট্ৰেক স্থাপন হৈছে । আমাৰ গুৱাহাটী বিমানবন্দৰ ভাৰতৰ সপ্তম ব্যস্ততম বিমানবন্দৰ হয় । ২০১৩-১৪ চনত আমাৰ বাৰ্ষিক জিডিপি ২৯ বিলিয়ন ডলাৰ আছিল । কিন্তু ২০২৩ চনত আমাৰ ৰাজ্যখনৰ জিডিপি ৬৮.৭ বিলিয়ন ডলাৰত উপনীত হৈছে । আমি সম্পূৰ্ণ দশকটোত ১৩ শতাংশ বিকাশ কৰিছোঁ । এই বছৰ আমাৰ জিডিপিৰ বিকাশ ১৫.২ শতাংশ হ'ব আৰু ২০৩০ চনত ১৪৩ বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হ'ম ।"

আনহাতে, এডভাণ্টেজ আছাম ২.০ উদ্বোধন কৰি দিয়া ভাষণত প্ৰদানমন্ত্ৰীয়ে কয়, "পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি আজি এক নতুন ভৱিষ্যতৰ আৰম্ভণি কৰিবলৈ আগবাঢ়িছে । এডভাণ্টেজ আছামে সম্পূৰ্ণ বিশ্বক অসমৰ সম্ভাৱনা আৰু বিকাশৰ এক মহা অভিযান হিচাপে দেখুৱাইছে । ইতিহাস সাক্ষী আছে যে পূৰ্বতেও ভাৰতৰ বিকাশত পূব ভাৰতৰ এক বিৰাট ভূমিকা আছিল । আজি যেতিয়া ভাৰত বিকাশৰ পথত অগ্ৰসৰ হৈছে তেনে সময়ত পুনৰ এবাৰ পূব ভাৰত, আমাৰ এই উত্তৰ-পূৰ্বাঞ্চলে নিজৰ সামৰ্থ্য প্ৰকাশ কৰিবলৈ গৈ আছে । এডভাণ্টেজ আছামক মই এই উৎসাহৰ ৰূপ হিচাপে প্ৰত্যক্ষ কৰিছোঁ । মই অসম চৰকাৰক, হিমন্তৰ সম্পূৰ্ণ দলটোক এই মহা আয়োজনৰ বাবে বহুত শুভেচ্ছা জনাইছোঁ ।"
উল্লেখ্য যে প্ৰধানমন্ত্ৰীক অনুষ্ঠানত এখন ফুলাম গামোচা, এটা গঁড় আৰু কামাখ্যা মন্দিৰৰ ছবিৰ এটাকৈ স্মাৰকেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে । এই অনুষ্ঠানত অংশগ্ৰহণকাৰী দেশৰ প্ৰখ্যাত উদ্যোগসমূহৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, আদানি গ্ৰুপ, টাটা গ্ৰুপ, জে এছ ডব্লিউ গ্ৰুপ আদিৰ কৰ্ণধাৰসকলে বক্তব্য ৰাখে । আনহাতে, অসমৰ প্ৰখ্যাত উদ্যোগ এছ আৰ ডি গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক অনুপম ডেকায়ো বক্তব্য ৰাখে ।
আনহাতে, এডভাণ্টেজ আছাম ২.০ সন্দৰ্ভত এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয় ।

