প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বৰ পৰাই অসমত হ'ব বিক্ষোভ; টাইপাৰ সকীয়নি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ তীব্ৰ বিৰোধিতা টাই আহোম যুৱ পৰিষদৰ ৷

Published : September 4, 2025 at 9:48 AM IST
ডিব্ৰুগড় : প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল ! ফলত জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেয়া কাৰ্যকৰী নকৰাত অসমৰ ছয় জনগোষ্ঠীৰ সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদাৰ দাবী জনাই আহিছে ।
বুধবাৰে মৰাণত জনজাতিকৰণকলৈ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপায়ে অনুষ্ঠিত কৰে এক সংবাদমেল । মৰাণ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন ভৱন সংবাদমেল অনুষ্ঠিত টাইপাৰ বিষয়ববীয়াসকলে ৷
- প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ তীব্ৰ বিৰোধিতা :
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়, "টাই আহোমসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবী কৰি আহিছে । কিন্তু বিগত সময়ত অসম গণ পৰিষদ, কংগ্ৰেছ আৰু বিজেপি চৰকাৰে জনজাতিকৰণক লৈ কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে ।’’
‘‘বিগত কেইবা বছৰ ধৰি অসমৰ লগতে দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ৷ কিন্তু টাই আহোমসকলক জনজাতিকৰণক প্ৰতিশ্ৰুতি দিয়ো জনজাতিকৰণ নকৰিলে । বিজেপি চৰকাৰে প্ৰতিটো বিধানসভা আৰু লোকসভা নিৰ্বাচনত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে ।’’ বিজয় ৰাজকোঁৱৰে কয় ৷
‘‘১৩ আৰু ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভ্ৰমণ কৰি আকৌ জনগোষ্ঠীটোক নতুন নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰিব । আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকণ কৰা হ'ব বুলি ২০১৪ চনতে প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে । কিন্তু ফুটুকাৰ ফেন হ'ল । এনেকুৱা প্ৰধানমন্ত্ৰী অসমলৈ অহাটো তীব্ৰ বিৰোধিতা কৰিছো টাই আহোম যুৱ পৰিষদে ।’’ তেওঁ কয় ৷

- ১২ ছেপ্টেম্বৰৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰত বিক্ষোভ কাৰ্যসূচী :
প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে ১২ ছেপ্টেম্বৰৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰত বিক্ষোভ কাৰ্যসূচী, পথ বন্ধৰ লগতে তেওঁ অংশগ্ৰহণ কৰিব লগা জনসভাত ক'লা পতাকা প্ৰদৰ্শন কৰিব টাই আহোম যুৱ পৰিষদৰ কৰ্মীসকলে । মিছা প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু মিছা প্ৰতিশ্ৰুতি নিদিবলৈ সকীয়নি প্ৰদান কৰে টাইপা সভাপতিগৰাকীয়ে ।
লগতে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়, ‘‘২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে যোৰহাটত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ দৰে বিধানসভাত আহোম অধ্যুষিত অঞ্চলত পৰাজিত হ'বলৈ সাজু থাকক ৷’’
উল্লেখ্য যে, বুধবাৰে আয়োজিত এই সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে সংগঠনটোৰ কেইবাজনো নেতা উপস্থিত থাকে ।

