ETV Bharat / state

আজি প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিব লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

Lachit Barphukan Statue In Jorhat:আজি যোৰহাটত মুকলি কৰা হ’ব লাচিত বৰফুকনৰ 125 ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ৷ উন্মোচন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ যুদ্ধংদেহী ৰূপত সাজু হৈছে প্ৰশাসন যন্ত্ৰ লগতে আটক ধুনীয়াকৈ সজাই তোলা হৈছে যোৰহাট নগৰ আৰু সমীপৱৰ্তী অঞ্চলসমূহ ।

PM Modi To Inaugurate Statue Of Lachit Borphukan In Assam’s Jorhat Today
আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি
author img

By ETV Bharat Assamese Team

Published : March 9, 2024 at 10:25 AM IST

|

Updated : March 9, 2024 at 10:48 AM IST

2 Min Read
Choose ETV Bharat
আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

যোৰহাট, 9 মাৰ্চ: অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবৰ বাবে যোৰহাট মেলেং হোলোঙাপাৰস্থিত লাচিত মৈদামত নিৰ্মাণ কৰি উলিওৱা লাচিত বৰফুকনৰ 125 ফুট দৈৰ্ঘৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব শনিবাৰে ৷ আজি দেশবাসীৰ বাবে উক্ত প্ৰতিমূৰ্তিটো উৰ্চগা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সেই উদ্দেশ্যে আগত ৰাখিয়ে 12.05 বজাত হোলোঙোপাৰৰ হেলিপেডত অৱতৰণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ হোলোঙোপাৰৰ লাচিত মৈদামত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি 175 কোটিটকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷

লাচিত বৰফুকনৰ মহান গৌৰৱময় গাঁথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মৈদাম তৰ্পণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । উক্ত কাৰ্যসূচী শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে হোলোঙোপাৰাৰ লাচিত মৈদামৰ পৰা 12.30 বজাত পদপথৰে মেলেং মেটেলি ৰাজহুৱা সভালৈ ৰাওনা হ'ব আৰু 12.40 বজাত যোৰহাটৰ টীয়ক মেলেং মেটেলি ৰাজহুৱা সভাত উপস্থিত হ'ব । 12.45 বজাৰ পৰাৰ 1.25 বজালৈ উক্ত ৰাজহুৱা সভাৰ পৰাই অসম তথা দেশবাসীৰ বাবে কেইবাটাও প্ৰকল্প, আঁচনিৰ আধাৰশিলা মুকলি কৰাৰ লগতে উপস্থিত ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে ।

দুদিনীয়া কাজিৰঙা আৰু যোৰহাট ভ্ৰমণ সামৰি দিনৰ প্ৰায় 2 বজাত যোৰহাট ৰৰৈয়া বিমান বন্দৰৰ পৰা বিশেষ বিমানযোগে কলকাতালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী । উল্লেখ্য যে, 2022 বৰ্ষত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰ্চুৱেলি লাচিত মৈদামৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প স্থাপনৰ কামৰ আধাৰশিলা কৰিছিল । উক্ত প্ৰকল্পৰ বাবে 49 বিঘা 2 কঠা 17 লেচা মাটি অধিগ্ৰহণ কৰা হৈছিল ।

উক্ত প্ৰকল্পত লাচিত বৰফুকনৰ 125 ফুট দৈৰ্ঘৰ প্ৰতিমূৰ্তিৰ লগতে ভিজুৱেল ছিষ্টেম, পানীৰ ফোঁৱাৰা আৰু আৱাসিক ব্লককে ধৰি বহু আন্তঃগাঁথনিৰ কাম সন্নিৱিষ্ট হৈ আছে ।তাৎপৰ্যপূৰ্ণ যে, লাচিত বৰফুকনক দেশ তথা বিশ্বদৰবাত প্ৰতিষ্ঠা কৰাৰ বাবে বিগত বৰ্ষত অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী নতুন দিল্লীত উদযাপন কৰিছে ।

উল্লেখ্য যে, যোৰহাটত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ এই ৰাজহুৱা সভালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 10 হাজাৰ লাখপতি বাইদেউৰ লগতে অন্যান্য বহু লোক উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ নেপথ্যৰ ভাস্কৰ্য শিল্পীজন কোন ?

Last Updated : March 9, 2024 at 10:48 AM IST