বিৰোধী নহয় ৰাজপথত প্ৰতিবাদ শাসকীয় বিজেপিৰ; কিন্তু কিয় ?
গুৱাহাটীৰ ভঙাগড়ত বিজেপিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী সমদলত অংশগ্ৰহণ ৫ শতাধিক নেতা-কৰ্মীৰ ।

Published : August 31, 2025 at 6:49 PM IST
গুৱাহাটী : বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল শাসকীয় বিজেপি । গুৱাহাটীৰ ভঙাগড়ৰ পৰা ৰাজীৱ ভৱনলৈ ৫ শতাধিক বিজেপি নেতা-কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰাহুল গান্ধী মুৰ্দাবাদ, মল্লিকাৰ্জুন খাৰ্গে মুৰ্দাবাদ, কংগ্ৰেছ হায় হায় আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ।
ভঙাগড়ৰ উৰণ সেতুৰ তলৰ পৰা ৰাজীৱ ভৱনৰ দিশে আগবঢ়া প্ৰতিবাদী সমদলটোক আৰক্ষীয়ে বেৰিকেড লগাই বাধা প্ৰদান কৰাৰ চেষ্টা কৰে যদিও একাংশ প্ৰতিবাদকাৰীয়ে বেৰিকেড পাৰ হৈ ৰাজীৱ ভৱনৰ সন্মুখত উপস্থিত হয় । প্ৰতিবাদকাৰীয়ে তাত থকা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেৰ পোষ্টাৰত ক'লা ৰং সানি দিয়াৰ লগতে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু বিজেপিৰ এই প্ৰতিবাদ কিয় ?
উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত বিহাৰত চলি আছে ভোটাৰ অধিকাৰ যাত্ৰা । বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে এই যাত্ৰাৰ । কিন্তু এই যাত্ৰা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত শেহতীয়াকৈ একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ।
ৰাহুল গান্ধীসহ একাংশ শীৰ্ষ নেতা উপস্থিত থকা সভাত দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে এনেধৰণৰ অপশব্দ ব্যৱহাৰ কৰাক লৈ বিজেপিৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে । যাৰ বাবে শাসকীয় দলটোৱে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । তাৰ অংশ হিচাপে অসম ৰাজ্যিক বিজেপিয়েও গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদত অংশ লৈ অসম ৰাজ্যিক বিজেপিৰ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৃত মাতৃক লৈ যি মন্তব্য কৰিছে তাক তীব্ৰ গৰিহণা দিছো, ধিক্কাৰ জনাইছো । ভাৰতবৰ্ষৰ মানুহে মাতৃক সৰ্বোচ্চ সন্মান দিয়ে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতাক পূজা কৰি আহিছে । 'মা' শব্দটোৱে সুকীয়া । কংগ্ৰেছে যিদৰে অপমান কৰিলে সেয়া গ্ৰহণযোগ্য নহয় । সেয়ে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ । কংগ্ৰেছ দলটো আজিৰ দিনত ফ্ৰাষ্টেটেড দল । ক্ষমতাৰ স্বাৰ্থত যিকোনো উপায়েৰে ক্ষমতালৈ অহাটোৱে মূল উদ্দেশ্য । সেইটো কেতিয়াও সফল নহয় । পুনৰ মাতৃক অপমান কৰাৰ আগতে ১০ বাৰ ভাবিব লাগিব ।"

বিজেপিৰ মিডিয়া পেনেলিষ্ট প্ৰণৱ জ্যোতি লহকৰে কয়, "ভাৰতবাসীৰ বাবে লজ্জাজনক কথা । কংগ্ৰেছৰ দায়িত্বশীল বিষয়ববীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক অপমানসূচক মন্তব্য কৰিছে । কংগ্ৰেছৰ ইতিহাসে কয় কংগ্ৰেছৰ নেতৃত্বই আমাৰ নেতাৰ মাতৃৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি আহিছে । আজি ভাৰতৰ প্ৰতিগৰাকী নাৰী লজ্জিত হৈছে ।"
প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপি নেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে কয়, "প্ৰধানমন্ত্ৰীৰ মাতৃ সম্পৰ্কত যি অশ্রাৱ্য মন্তব্য কৰিছে । দেশবাসী দুখ পাইছে । আমি লজ্জিত হৈছো । প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ যি মন্তব্য কৰিছে তাত আমি ক্ষোভিত হৈছো । কিন্তু কংগ্ৰেছ নেতৃত্বই ক্ষমা খোজা নাই । আমি আজি এই মন্তব্যৰ প্ৰতি উত্তৰ দিবলৈ ওলাই আহিছো ।"

ইফালে একাংশ বিজেপি কৰ্মীয়ে বেৰিকেড পাৰ হৈ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ সময়ত আৰক্ষীৰে হতাহতি হয় । ৰাজীৱ ভৱনৰ ভিতৰত থকা একাংশ কংগ্ৰেছ নেতা-কৰ্মীও বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল'গান দিয়ে ।

