ETV Bharat / state

প্ৰথমে উচ্ছেদ হ’ল, এইবাৰ উৰিয়ামঘাটৰ সেউজী ধৰণী ধুনীয়া হ’ব

৬০ হেক্টৰ ভূমিত উৰিয়াম পুলি ৰোপণ । উচ্ছেদৰ পিছতেই ৰেংমা সংৰক্ষিত বনাঞ্চলত বৃহৎ পদক্ষেপ ।

Plantation program has started in encroachment-free Rengma reserved forest
ৰেংমা সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 6:49 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: সেউজীয়া হ'ব বুলড'জাৰে ধ্বংসস্তুপত পৰিণত কৰা ৰেংমা সংৰক্ষিত বনাঞ্চল । উচ্ছেদ চলোৱা ৬০ হেক্টৰ ভূমিত এতিয়া চলিছে সেউজীকৰণ অভিযান । শনিবাৰে উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সোণাৰীবিলত ৰূপায়ণ হ'ল বন বিভাগৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী । ৬০ হেক্টৰ ভূমিত ৰোপণ কৰা হয় উৰিয়াম পুলি । উচ্ছেদৰ পিছত বনানীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ ।

বেদখলকৃত ভূমি বেদখলমুক্ত কৰি সামাজিক বনানীকৰণৰ বাবে ৰোপণ কৰা হৈছে গছপুলি । পুনৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল গঢ়ি তুলিবলৈ গ্ৰহণ কৰিছে গছপুলি ৰোপণ কাৰ্যসূচী । অসম চৰকাৰৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত থাকে ।

ৰেংমা সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী (ETV Bharat Assam)

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ বিশেষ মুখ্য সচিব এম কে যাদৱে কয়, "সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ যে গছপুলি ৰোপণ কাৰ্যসূচীত সহযোগ কৰিছে । আজি ৰাখী বন্ধন, এটা সুন্দৰ দিন । এই দিনটোতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা উচ্ছেদিত ভূমিত গছপুলি ৰোপণ কৰা হৈছে । ১৫,০০০ উৰিয়াম পুলি ইয়াত ৰোপণ কৰা হৈছে ।"

Plantation program has started in encroachment-free Rengma reserved forest
গছপুলি ৰোপণ কাৰ্যসূচীত সহযোগ স্থানীয় লোকৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "যিহেতু উৰিয়ামঘাটক উৰিয়াম গছৰ বাবেই জনা যায় । উৰিয়াম গছৰেই পুলি ৰোপণেৰে শুভাৰম্ভ কৰা হৈছে । এই অনুষ্ঠান চলি যাব । গছপুলি ৰোপণৰ বাবে আমি ভূমি বেদখলমুমক্ত কৰি যাম । এই বনানীকৰণ প্ৰক্ৰিয়া ২৩ ছেপ্তেম্বৰলৈ চলাই যাম, অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত পুনৰ এই কাৰ্যসূচী গ্ৰহণ কৰিম ।"

Plantation program has started in encroachment-free Rengma reserved forest
উৰিয়াম গছৰেই পুলি ৰোপণেৰে শুভাৰম্ভ (ETV Bharat Assam)

মুখ্য সচিবগৰাকীয়ে আৰু কয়, "এই কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপ আৰু দৃঢ় প্ৰতিজ্ঞা আছিল যে ৰেংমা সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰিব লাগিব আৰু এটা নতুন ৰূপ দিব লাগিব । গতিকে বন বিভাগে মুখ্যমন্ত্ৰীৰ শলাগ লৈছোঁ । অসম চৰকাৰৰ পদক্ষেপত নাগালেণ্ড চৰকাৰেও সহযোগ কৰিছে সেইটো অভূতপূৰ্ব । উচ্ছেদ অভিযানৰ সময়ত নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশ, আৰক্ষী প্ৰশাসনৰ লোকসকলো আহিছিল ।"

Plantation program has started in encroachment-free Rengma reserved forest
মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিছে গছপুলি ৰোপণ কাৰ্যসূচী (ETV Bharat Assam)

শেষত তেওঁ কয়, "অসম-নাগালেণ্ড সীমান্তৱৰ্তী ঠাইত প্ৰাকৃতিক সৌন্দৰ্যই বিৰাজ কৰা মনোমোহা ঠাই আছে । এই স্থানসমূহত সুন্দৰকৈ বৃক্ষৰোপণ কৰিব পাৰিম । পৰ্যটনৰ ক্ষেত্ৰ হিচাপেও ইয়ালৈ মানুহ আহিব পাৰিব ।"

লগতে পঢ়ক: গোচৰ দিলেও তেওঁ সংশোধন নহয়: মুখ্যমন্ত্ৰীক উদ্দেশ্যি অখিল গগৈৰ কঠোৰ বাক্যবাণ - AKHIL GOGOI

হৰ্ণ বজোৱাই অপৰাধ: জন্মদিনৰ বজাৰ কৰিবলৈ যোৱা যুৱকক ভয়ংকৰ আক্ৰমণ - YOUTH ATTACKED