কোচ ৰাজবংশী সন্মিলিত মঞ্চক অসম বন্ধ প্ৰত্যাহাৰৰ আহ্বান মন্ত্রী পীযুষ হাজৰীকাৰ
অহা ২১ জানুৱাৰীত অসম বন্ধৰ আহ্বান জনাইছিল কোচ ৰাজবংশী সন্মিলিত মঞ্চ আৰু আক্ৰাছুৱে । বন্ধ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে কিয় জনালে আহ্বান ?

Published : January 19, 2025 at 8:39 PM IST
গুৱাহাটী :সন্মিলিত কোচ ৰাজবংশী সংগঠনক অসম বন্ধ প্ৰত্যাহাৰ কৰাৰ আহ্বান জনালে মন্ত্ৰী পীযুষ হাজৰীকাই । দেওবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রীগৰাকীয়ে সন্মিলিত কোচ ৰাজবংশী সংগঠনক অসম বন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনায় ।
উল্লেখ্য যে জনজাতিকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত কোচ ৰাজবংশী সন্মিলিত মঞ্চ আৰু আক্ৰাছুৱে ২১ জানুৱাৰীত অসম বন্ধৰ আহ্বান কৰিছে । অহা ২১ জানুৱাৰীৰ এই অসম বন্ধ প্ৰত্যাহাৰৰ আহ্বান জনাই দেওবাৰে দিছপুৰত মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদমেলখন সম্বোধন কৰে । মন্ত্রীগৰাকীয়ে কয়," সদৌ কোচ ৰাজবংশী ছাত্র সন্থাৰ নেতৃত্বত সন্মিলিত মঞ্চই ২১ জানুৱাৰীত অসম বন্ধ ঘোষণা কৰিছে । মই তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আহ্বান জনাইছো যে তেওঁলোকে বন্ধটো উঠাই লৈ চৰকাৰৰ লগত আলোচনাত বহে । শনিবাৰে তেওঁলোকৰ উচ্চস্তৰীয় এটা প্ৰতিনিধিৰ দলৰ লগত আমাৰ এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিল । "
মন্ত্রীগৰাকীয়ে পুনৰ কয়," বৈঠকত তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছিল । মূলতঃ চাৰিটা দাবীকলৈ তেওঁলোকে বন্ধ ঘোষণা কৰিছে । মই তেওঁলোকক অনুৰোধ কৰিছো যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত আমাৰ চৰকাৰৰ কোনো বাধা নাথাকে । কিন্তু আন্দোলনৰ নামত বন্ধ দিব নালাগে । বন্ধ দিলে ইয়াৰ বিৰূপ প্ৰভাৱ অসমৰ অৰ্থনীতিত তথা সমাজ জীৱনত পৰে । গতিকে অসম বন্ধ নিদিবলৈ মই তেওঁলোকক অনুৰোধ জনাইছো । "
বৈঠকত তেওঁলোকৰ উচ্চস্তৰীয় প্ৰতিনিধিৰ দলটোক মই মুখ্যমন্ত্রীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি উল্লেখ কৰি তেওঁ কয়," মই কোচ ৰাজবংশী ছাত্র সন্থা আৰু সন্মিলিত মঞ্চৰ নেতৃত্বক অসম বন্ধটো উঠাই লোৱাৰ বাবে পুনৰ অনুৰোধ জনাইছো । অহা ৩০-৩১ জানুৱাৰী নাইবা ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রীৰ লগত তেওঁলোকৰ দাবী সন্দৰ্ভত আলোচনা কৰিলে নিশ্চয় কিছু সমস্যাৰ সমাধান ওলাব । বৰ্তমান মুখ্যমন্ত্রী এডভাণ্টেজ অসমৰ বাবে দেশৰ বাহিৰত আছে । আহিলে মুখ্যমন্ত্রীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ'ব বুলি প্ৰতিশ্ৰুতি দিছো । আলোচনাৰ মাজেৰেহে সমস্যাৰ সমাধান হ'ব ।"

