ETV Bharat / state

মৃতদেহ লাগে যদি ৭০ হাজাৰ টকা দিয়ক !

যৌতুক দাবী কৰি পত্নীৰ মৃতদেহৰ ফটো প্ৰেৰণ কৰিলে শহুৰেকৰ ঘৰলৈ । ইয়াৰ পূৰ্বে প্ৰেৰণ কৰিছিল ৰক্তাক্ত দেহৰ ভিডিঅ' ।

Photo of wife's deadbody sent to father-in-law's house demanding dowry
মৃতদেহ লাগে যদি ৭০ হাজাৰ টকা দিয়ক ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 8:06 PM IST

2 Min Read
Choose ETV Bharat

কাছাৰ: কাছাৰ ধলাইত চাঞ্চল্যকৰ ঘটনা । পত্নীৰ মৃতদেহৰ ফটো শহুৰেকৰ ঘৰলৈ পঠিয়াই জোঁৱায়ে দাবী কৰিলে মোটা অংকৰ ধন । দীৰ্ঘদিনে ধন দাবী কৰি অহাৰ অভিযোগ পত্নীৰ পৰিয়ালৰ । অসহায় পৰিয়ালটো এতিয়া কাষ চাপিছে আৰক্ষীৰ । ইতিমধ্যে ধলাই আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।

ঘটনা অনুসৰি, ফেচবুকত চিনাকি হৈ প্ৰেমৰ সম্পৰ্ক হৈছিল কাছাৰৰ ধলাই সপ্তগ্ৰামৰ ৰাবিয়া বেগম আৰু শ্ৰীভূমি জিলাৰ নিভিয়াৰ ওচমান আলীৰ । দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত পলাই বিবাহপাশত আবদ্ধ হৈছিল ৰাবিয়া আৰু ওচমানে । ইমানলৈকে সকলো ঠিকেই আছিল । কিন্তু বিয়াৰ কিছুদিনৰ পাছৰে পৰা যৌতুকৰ দাবীত ৰাবিয়া বেগমৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন আৰম্ভ কৰে স্বামী ওচমান আলীয়ে । সময়ে সময়ে সাধ্য অনুসৰি জোঁৱাইৰ দাবী পূৰণ কৰিছিল বাৰিয়াৰ পৰিয়ালে ।

ৰাবিয়া বেগমৰ মাতৃ পৰিয়াল (ETV Bharat Assam)

পিছে যোৱা পাঁচ মাহ পূৰ্বে বাৰিয়াক লৈ স্বামী ওচমান আলী কামৰ সন্ধানত যায় বেংগালুৰুলৈ । বেংগালুৰুত গৈয়ো যৌতুকৰ দাবীত বোৱাৰীগৰাকীৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰে স্বামী ওচমান আলীয়ে । কিন্তু বৰ্তমান যেন সীমা চেৰাই গ'ল ওচমান । শেহতীয়াকৈ দেওবাৰে স্বামী ওচমান আলীয়ে বাৰিয়াৰ মাতৃৰ মোবাইলৈ বাৰিয়াৰ ৰক্তাক্ত এটি ভিডিঅ' প্ৰেৰণ কৰে ।

ৰাবিয়াৰ মাতৃ ছাইনা বেগমে কয়, "জোঁৱাই ওছমান আলীয়ে প্ৰতিমাহে ফোনযোগে ভাবুকি দি তেওঁলোকৰ একাউণ্টলৈ ধন পঠিয়াবলৈ কয় ৷ মই নিজৰ সৰু পৰিয়ালটো পোহপাল দিবলৈ মানুহৰ ঘৰত কাম কৰো, কিন্তু ওছমানে মোক ছোৱালীক হত্যা কৰাৰ ভাবুকি দিছিল ।" ছাইনা বেগমে লগতে কয়, " যেতিয়া মই এনে ঘটনাৰ কথা গম পাইছিল, মই তাইক বেংগালুৰুলৈ পঠিয়াবলৈ মান্তি হোৱা নাছিলো ৷ কিন্তু ওছমানে জোৰকৈ লৈ গৈছিল ।"

ফোন কৰাত ওচমানে জনায় যে বাৰিয়াক তেওঁ চোকা অস্ত্ৰৰে আঘাত কৰিছে । পিছদিনা বগা কাপোৰেৰে বন্ধা এটা মৃতদেহৰ ফটো প্ৰেৰণ কৰি জোঁৱাই ওচমান আলীয়ে শহুৰেকৰ ঘৰলৈ কন্যাৰ মৃতদেহ নিবলৈ হ'লে ৭০ হাজাৰ টকা দাবী কৰে । জোঁৱাইৰ এনে একাধিক ফোন কলত উদ্বিগ্ন হৈ পৰিছে এতিয়া ৰাবিয়াৰ পৰিয়ালৰ লোকসকল । ঘটনাক লৈ ৰাবিয়াৰ পৰিয়ালে কাছাৰৰ ধলাই আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি আৰক্ষীৰ সহায় বিচাৰিছে ।

লগতে পঢ়ক: দুলাল আলীয়ে হাহাকাৰ লগাইছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত - ACCUSED ESCAPE FROM JAIL

কাজিৰঙাৰ পৰা বহু শিকিবলগীয়া আছে... উপলব্ধি কৰিছে বিশ্বই - KAZIRANGA NATIONAL PARK