উইকেণ্ডত ঘৰৰ পৰা দুচকীয়া বা চাৰিচকীয়া বাহন লৈ ক'ৰবালৈ ওলাই যোৱাৰ আগত দুনাই ভাৱক - NE India Petroleum Dealers
NE India Petroleum Dealers: যদিহে আপুনি অসমৰ কামৰূপ মহানগৰ, কামৰূপ বা মৰিগাঁও জিলাৰ বাসিন্দা আৰু আপোনাৰ ঘৰত এখন ব্যক্তিগত বাহন আছে তেনেহ’লে সেই বাহনখন লৈ অনাগত দুটা দিনত ক’ৰবালৈ ওলাই যোৱাৰ আগত এই প্ৰতিবেদনখন পঢ়ি লওক ৷

Published : March 29, 2024 at 2:22 PM IST
গুৱাহাটী, 29 মাৰ্চ : চলিত সপ্তাহৰ শেষৰ দিনকেইটাত ক’ৰবাত জৰুৰী কামত বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ? তাকো নিজৰ দুচকীয়া বা চাৰিচকীয়া বাহনখন লৈ ? তেনেহ’লে তেনে কৰাৰ আগত আকৌ ভাৱক ৷ আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ ৷ নহ’লে আদবাটতে লাগিব পয়মাল ৷
দৰাচলতে কাইলৈৰ পৰা 48 ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্র’ল পাম্প ৷ এই বন্ধৰ ঘোষণা কৰিছে নর্থ-ইষ্ট ইণ্ডিয়া পেট্র'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছে । 30 মাৰ্চৰ পুৱা 5 বজাৰ পৰা 1 এপ্রিলৰ পুৱা 5 বজালৈ বন্ধ থাকিব পেট্র’ল পাম্প বন্ধ থাকিব বুলি এছ'চিয়েচনছে জনায় ৷

কামৰূপ মহানগৰ জিলাৰ লগতে কামৰূপ জিলা আৰু মৰিগাঁও জিলাৰ পেট্র’ল পাম্পসমূহ 48 ঘণ্টাৰ বাবে বন্ধ থাকিব । অইল কোম্পানীসমূহৰ অনৈতিক কাম-কাজত অতিষ্ঠ হৈছে নর্থ-ইষ্ট ইণ্ডিয়া পেট্র'লিয়াম ডিলাৰ্ছ এছ'চিয়েচনছ চমুকৈ 'নেইপডা'ৰ গ্রেটাৰ গুৱাহাটী শাখা । সেয়ে নেইপডাই অইল কোম্পানীসমূহৰ এনে নীতি বিৰুদ্ধ কাম-কাজৰ তীব্র বিৰোধিতা কৰি 48 ঘণ্টাৰ বাবে পেট্র’ল পাম্প বন্ধৰ ঘোষণা কৰিছে ।

নেইপডাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে এই সন্দৰ্ভত কয়, "অহা 30 মার্চৰ পুৱা 5 বজাৰ পৰা 1 এপ্রিলৰ পুৱা 5 বজালৈ পেট্র’ল পাম্প বন্ধ থাকিব । এই সময়ছোৱাত কামৰূপ মহানগৰ জিলাৰ লগতে কামৰূপ জিলা আৰু মৰিগাঁও জিলাৰ পেট্র’ল পাম্পসমূহ 48 ঘণ্টাৰ বাবে বন্ধ ৰাখি নেইপডাই অইল কোম্পানীসমূহৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব ৷"
গোস্বামীয়ে এই সন্দৰ্ভত পুনৰ কয়, "শেহতীয়াকৈ অইল কোম্পানীসমূহে বজাৰত চাহিদা নথকা প্রিমিয়াম পেট্র'ল-লুব্রিকেন্ট বিক্রী কৰিবলৈ পেট্র’ল পাম্পসমূহক হেঁচা প্রয়োগ কৰিছে । এনে কাৰণত পেট্র’ল পাম্প কর্তৃপক্ষ যথেষ্ট লোকচানৰ সম্মুখীন হৈছে । কিয়নো সাধাৰণ গ্রাহকে প্রিমিয়াম পেট্র'ল ক্রয় কৰিবলৈ তেনেই অপাৰগ । সেই ক্ষেত্রত অইল কোম্পানীসমূহে পেট্র’ল পাম্পক বাধ্যতামূলকভাবে প্রিমিয়াম পেট্র'ল বিক্রী কৰিবলৈ হেঁচা প্রয়োগ কৰাত নেইপডা অতিষ্ঠ হৈছে ।"
তদুপৰি এক টেংকাৰ প্রিমিয়াম পেট্র'ল বিক্ৰীৰ বাবে একোটা পেট্র’ল পাম্পক 15-20 দিন প্ৰয়োজন হয় ৷ যাৰ ফলত পেট্র’ল পাম্প কর্তৃপক্ষ যথেষ্ট লোকচানৰ সম্মুখীন হৈ আহিছে ।
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে দেশবাসীক উপহাৰ, আজিৰে পৰা অসমকে ধৰি দেশত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

