ETV Bharat / state

পবিতৰাৰ হাতীৰ গচকত মৃত্যু মাউতৰ: বন বিভাগৰ ৪ লাখ টকাৰ এককালীন সাহায্য - Pobitora Wildlife Sanctuary

Pobitora Elephant Attack Case : বুধবাৰে মায়ঙত হাতীৰ আক্ৰমণত নিহত হয় পবিতৰাৰ এজন বনকৰ্মী ৷ কথমপি ৰক্ষা পৰে আন এজনৰ প্ৰাণ । কিন্তু কি কাৰণে পোহনীয়া হাতীটোৱে এই অস্বাভাৱিক আচৰণ কৰিছে সেয়া এতিয়াও ঠাৱৰ কৰি পৰা নাই বন বিভাগে । নিহত হিয়া কুমাৰলৈ বন বিভাগে আগবঢ়াব ৪ লাখ টকাৰ এককালীন সাহায্য ।

Pobitora Elephant Attack Case
পবিতৰাৰ হাতীৰ গচকত মৃত্যু মাউতৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 31, 2024 at 9:22 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও, ৩১ জুলাই : বন্যহস্তী নহয়, এইবাৰ বিশ্ববিশ্ৰুত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ পোহনীয়া হাতীৰ আক্ৰমণত নিহত হৈছে স্বয়ং মাউত । বুধবাৰে মায়ঙত হাতীৰ আক্ৰমণত নিহত হয় পবিতৰাৰ বনকৰ্মীজন ৷ আনহাতে, কথমপি প্ৰাণ ৰক্ষা পৰে এজনৰ ।

পবিতৰাৰ হাতীৰ গচকত মৃত্যু মাউতৰ (ETV Bharat Assam)

কিন্তু কি কাৰণে পোহনীয়া হাতীটোৱে এই অস্বাভাৱিক আচৰণ কৰিছে তাৰ কাৰণ এতিয়াও উলিয়াব পৰা নাই বন বিভাগে । উল্লেখ্য যে নিহত বনকৰ্মীজন হৈছে মঙলদৈৰ হিয়া কুমাৰ ৷

ঘটনাৰ বিৱৰণী মতে, বুধবাৰে টুটু নামৰ এগৰাকী বনকৰ্মী আৰু নিহত হিয়া কুমাৰে হাতীটোক খাদ্য যোগান ধৰাৰ সময়তে টুটুক শুঁৰেৰে ঠেলা মাৰি দিয়াত চিটিকি পৰে । আনহাতে, কেজুৱেল মাউত হিচাপে কৰ্মৰত হিয়া কুমাৰৰ হাতীটোৰ গচকত ঘটনাস্থলীতে মৃত্যু হয় ।

এই ঘটনাই পবিতৰাত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । আনহাতে, পবিতৰা অভয়াৰণ্যৰ বন বিষয়া নয়নজ্যোতি দাসে টেলিফোনিক বাৰ্তালাপত সদৰী কৰে, "তিনি-চাৰি দিনৰ ছুটী লৈ ঘৰলৈ যোৱা হিয়া কুমাৰে মঙলবাৰে ঘৰৰ ৰুগীয়া পিতৃ আৰু পত্নীক এৰি আহি কৰ্মত যোগদান কৰে । মাউতগৰাকীৰ মৃত্যু দুৰ্ভাগ্যজনক । আমি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো ।"

তেওঁ লগতে কয়, "বন বিভাগৰ নীতি অনুসৰি বন বিভাগৰ তৰফৰ পৰা নিহত হিয়া কুমাৰৰ পৰিয়াললৈ এককালীন সাহায্য হিচাপে চাৰি লাখ টকা আগবঢ়োৱা হ'ব । ইয়াৰ সমান্তৰালকৈ আন বহুকেইটা বন্যপ্ৰাণী সুৰক্ষা সংগঠনেও শোকস্তব্ধ পৰিয়ালটোক আৰ্থিক সাহায্য আগবঢ়াব । হাতীটোৰ এই আচৰণৰ সন্দৰ্ভত পশু চিকিৎসকে কাৰণ অৱগত কৰিব পাৰিব ।" উল্লেখ্য যে নিহত মাউত হিয়া কুমাৰৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে বন বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনাস্থলীলৈ পৰিয়ালৰ লোক আহি থকা বুলি বাৰ্তালাপত বন বিষয়াগৰাকীয়ে উল্লেখ কৰে। জানিব পৰা মতে, বানপানীৰ পৰিপ্ৰেক্ষিতত পবিতৰা অভয়াৰণ্যৰ পোহনীয়া হাতীকেইটা বুঢ়া মায়ং পাহাৰলৈ স্থানান্তৰ কৰা হৈছিল ।

বুধবাৰে পুৱাৰ ভাগত বুঢ়া মায়ং পাহাৰত হাতীক খাদ্য দিয়াৰ সময়তে মাউতক ভৰিৰে গচকি হত্যা কৰে পবিতৰাৰ বিক্ৰম নামৰ হাতীটোৱে ৷ আন এক সূত্ৰ মতে, ইয়াৰ পূৰ্বেও আন দুজনক হত্যা কৰিছে বিক্ৰম নামৰ এই হাতীটোৱে ৷

লগতে পঢ়ক :শুই থাকোঁতেই হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ - WILD ELEPHANT MENACE
লগতে পঢ়ক :তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমণত কিশোৰী আহত - Wild elephant terror