পুনৰ মৰেল পুলিচিঙৰ ঘটনাত এজনৰ মৃত্য়ু, গ্ৰেপ্তাৰ ৭
উন্মত্ত লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি নলাত পেলাই দিছিল দুজন লোকক আৰু তাৰপিছত…

Published : August 8, 2025 at 7:38 PM IST
গুৱাহাটী : মহানগৰীত উন্মত্ত লোকৰ প্ৰহাৰত এজনৰ মৃত্যু । এই ঘটনাটো সংঘটিত হৈছে মহানাগৰীৰ পানবজাৰত । বিএছএনএল কাৰ্যালয়ৰ সমীপত থকা পদপথৰ দোকানৰ সামগ্ৰী চুৰি কৰাৰ সন্দেহত একাংশ ব্যৱসায়ীয়ে নিৰ্মম ভাৱে প্ৰহাৰ কৰাত মৃত্যু হয় লোকজনৰ ।
প্ৰায় দুবছৰ পূৰ্বে কামৰ সন্ধানত নগাঁৱৰ পৰা গুৱাহাটীলৈ আহিছিল তিলক দাস নামৰ লোকজন । তিলক দাসে প্ৰথমে পাণবজাৰৰ পদপথৰ হোটেলত কাম কৰিছিল । তদুপৰি তেওঁ ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছিল । শুকুৰবাৰে পুৱা পাণবজাৰ খাওগলিত নগাঁৱৰ তিলক দাস আৰু মৰিগাঁৱৰ দীপাংকৰ হাজৰিকা নামৰ লোক দুজনক চুৰি কৰাৰ সন্দেহত খাওগলিৰ একাংশ ব্যৱসায়ীয়ে প্ৰহাৰ কৰে । উন্মত্ত লোকসকলে নিৰ্মমভাৱে প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি নলাত পেলাই দিয়ে । মুৰ আৰু বুকুত আঘাট পোৱা তিলক দাস আৰু দিপাংক হাজৰিকাক গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ নিয়া হয় যদিও তিলক দাসৰ মৃত্যু হয় ।
এই মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে কয়, "আজি পুৱা প্ৰায় ৯.৩০ বজাত পাণবজাৰ থানালৈ খবৰ আহিছিল যে খাওগলিত মাৰপিটৰ ঘটনা হৈছে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তিলক দাসক উদ্ধাৰ কৰি জি এম চি এইচলৈ লৈ যায়; কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ইয়াৰ পিছতেই পুনৰ ঘটনাস্থলীলৈ আৰক্ষীৰ আন এটা দল আহে আৰু পৰি থকা অৱস্থাত দিপাংকৰ হাজৰিকাক উদ্ধাৰ কৰি জিএমচিএইচলৈ লৈ যায় ।"
উপ-আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে পুনৰ কয়,"বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৰংমিস্ত্ৰি হিচাপে কাম কৰা দিপাংকৰ হাজৰিকা । ঘটনাস্থলী পৰিদৰ্শন কৰিছে চি আই ডিৰ দলে । ঘটনাৰ তদন্ত অব্যাহত আছে । ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰা হৈছে । সাতজনক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনাৰ লগত জড়িত বাকী অভিযুক্তকো আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব ।"
আনহাতে পাণবজাৰৰ পদপথৰ কলিতা হোটেলৰ স্বতাধিকাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, "তিলক ভদ্ৰ ল'ৰা আছিল । কালি ৰাতি ১০ বজালৈ মোৰ লগত আছিল । মোৰ হোটেলতে কাম কৰিছিল । ১৫ দিন মান আগৰ পৰা ৰিক্সা চলাবলৈ লৈছিল । মোক সহায় কৰিছিল । বিশ্বাস নহয় সি চুৰি কৰা বুলি । তেনেকুৱা হ'লে মোৰ পৰাও কৰিলেহেতেন । মই দোকান আহি পাওতে দেৰি হ'লে তাক দোকান খুলিবলৈ দিছিলো ।"

