ETV Bharat / state

সন্তানহীন দম্পতীৰ বাবে সুখবৰ : ছাৰোগেচীৰ বাবে ৰাজ্যৰ পাঁচখন হাস্পতাললৈ অনুমতি - SURROGACY IN ASSAM

ৰাজ্যৰ পাঁচখন স্বাস্থ্য প্ৰতিষ্ঠানক এ আৰ টি ক্লিনিক, এ আৰ টি বেংক আৰু ছাৰোগেচী ক্লিনিক স্থাপনৰ বাবে প্ৰমাণপত্ৰ বিতৰণ ।

Health Minister Ashok Singhal
স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰদান কৰিছে অনুমতি পত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2025 at 8:45 PM IST

3 Min Read

গুৱাহাটী: সন্তানহীন দম্পতীৰ বাবে ভাল খবৰ । অসম চৰকাৰে ছাৰোগেচীৰ বাবে ৰাজ্যৰ পাঁচখন হাস্পতালক প্ৰদান কৰিছে অনুমতি । ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে পাঁচখন স্বাস্থ্য প্ৰতিষ্ঠানক এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন’লজী (এ আৰ টি) ক্লিনিক, এ আৰ টি বেংক আৰু ছাৰোগেচী ক্লিনিক স্থাপনৰ বাবে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে ।

দিছপুৰৰ জনতা ভৱনত শুকুৰবাৰে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে যোগ্য স্বাস্থ্য প্ৰতিষ্ঠানসমূহক এই প্ৰমাণপত্ৰসমূহ বিতৰণ কৰে । উল্লেখ্য যে ভাৰত চৰকাৰে প্ৰণয়ন কৰা এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকন’লজী (ৰেগুলেচন) আইন, ২০২১ আৰু ছাৰোগেচী (ৰেগুলেচন) আইন, ২০২১ৰ বিধান অনুসৰি অসম চৰকাৰৰ দ্বাৰা গঠিত আৰু অধিসূচিত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা পৰিদৰ্শনৰ পিছত এই প্ৰতিষ্ঠানসমূহৰ যোগ্যতা নিৰূপণ কৰা হৈছিল । আজি প্ৰমাণপত্ৰ লাভ কৰা পাঁচখন প্ৰতিষ্ঠান হৈছে জি এম চি এইচ ফাৰ্টিলিটী এণ্ড আই ভি এফ চেণ্টাৰ, গুৱাহাটীৰ এপ’ল’ ফাৰ্টিলিটী, গুৱাহাটীৰ ডাউন টাউন হাস্পতাল লিমিটেড, গুৱাহাটীৰ ইনষ্টিটিউট অৱ হিউমেন ৰিপ্ৰডাকচন আৰু কামৰূপৰ ৰঙিয়াৰ স্বস্তি হাস্পতাল ।

স্বাস্থ্যমন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

এই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয়, "আজিৰ দিনটো অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু আৱেগিক মুহূৰ্ত । কাৰণ সন্তানহীন অসংখ্য দুৰ্ভগীয়া দম্পতীৰ পিতৃ-মাতৃত্বৰ সপোন এতিয়া এক স্বচ্ছ আৰু নিয়ন্ত্ৰিত ব্যৱস্থাৰ দ্বাৰা বাস্তৱায়িত হোৱা সম্ভৱ হৈ উঠিব ।" এই পদেক্ষপক এক মাইলৰ খুঁটি বুলি অভিহিত কৰি তেওঁ কয়, "অসমত প্ৰজনন স্বাস্থ্য সেৱাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা কৰিছে আৰু ছাৰোগেচীৰ পথ বাছি লোৱা ইচ্ছুক দম্পতীৰ অধিকাৰ আৰু যাত্ৰাক স্বীকৃতি প্ৰদান কৰিছে । স্বীকৃতি লাভ কৰা প্ৰতিষ্ঠানসমূহক নৈতিক, নিৰাপদ আৰু উচ্চমানৰ প্ৰজনন সেৱা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আৰু সশক্তিকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত থাকিব ।"

Health Minister Ashok Singhal
স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰদান কৰিছে অনুমতি পত্ৰ (ETV Bharat Assam)

ৰাষ্ট্ৰীয় এ আৰ টি আৰু ছাৰোগেচী প’ৰ্টেল :

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "এয়া এক অবিৰত প্ৰক্ৰিয়া আৰু নিয়ম অনুসৰি আবেদন কৰা সকলো যোগ্য প্ৰতিষ্ঠানৰ মূল্যায়ন কৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব ।" উল্লেখ্য যে ৰাষ্ট্ৰীয় এ আৰ টি আৰু ছাৰোগেচী প’ৰ্টেলৰ কাৰ্যকৰী উদ্বোধন হৈছে, যাৰ জৰিয়তে প্ৰতিষ্ঠানসমূহে পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰে । আবেদন জমা আৰু মাচুল পৰিশোধৰ পিছত নিয়ম মানি চলা নিশ্চিত কৰিবলৈ পৰিদৰ্শন কৰা হয় আৰু তাৰ পিছত প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

এই বছৰৰ আৰম্ভণিতে উপযুক্ত কৰ্তৃপক্ষই প্ৰথমবাৰৰ বাবে এযোৰা দম্পতী আৰু এগৰাকী ছাৰোগেট মাতৃক প্ৰমাণপত্ৰ প্ৰদান কৰিছিল, যি অসমত নিয়ন্ত্ৰিত ছাৰোগেচী সেৱাৰ সূচনা কৰিছিল । এই অনুষ্ঠানটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিবদ্বয় পি অশোক বাবু আৰু বৰ্ণালী শৰ্মা, স্বাস্থ্যসেৱা সঞ্চালক উমেশ ফাংছ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক (মুখ্য কাৰ্যালয়) তথা ছাৰোগেচীৰ ন’ডেল অফিচাৰ ডাঃ হেৰম্ব ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ স্বাস্থ্য বিষয়া তথা অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:সংখ্যাত বহু চিকিৎসালয় : অভাৱ চিকিৎসক-চিকিৎসা কৰ্মীৰহে, খালী হাজাৰ হাজাৰ পদ - MEDICAL COLLEGE DOCTOR IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.