লাহৰীঘাটত বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰা স্থায়ী আশ্ৰয় গৃহ মুকলি - Shelter for Flood Affected People
Shelter Home inaugurated at Laharighat : মহাবাহু ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰা লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কাঠনি চাপৰিত বানাক্ৰান্তৰ বাবে বান আশ্রয় গৃহ নির্মাণ । এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা এই আশ্ৰয় গৃহটো উদ্বোধন কৰে মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

Published : September 23, 2024 at 10:21 PM IST
ধিং, ২৩ ছেপ্টেম্বৰ : লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কাঠনি চাপৰিত এক আদৰণীয় পদক্ষেপ গ্রহণ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে এটা স্বেচ্ছাসেৱী সংগঠনে । ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰা লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত কাঠনি চাপৰিত বানাক্ৰান্তৰ বাবে সংগঠনটোৱে নিৰ্মাণ কৰি উলিয়াইছে এটা বান আশ্রয় গৃহ ।
মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ প্রচেষ্টাত আৰু যোৰহাটৰ স্বেচ্ছাসেৱী সংস্থা শৰৎ চন্দ্র কাগতি চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা নির্মাণকার্য সম্পাদন কৰা উক্ত গৃহটো সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ।
ব্ৰহ্মপুত্রৰ কাষতে বৃহৎ পৰিমাণৰ ধন খৰচ কৰি নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটো উদ্বোধন কৰি আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "বন্যার্তৰ দুখ-দুর্গতি দেখি শৰৎ চন্দ্র কাগতি ট্ৰাষ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এই বান আশ্রয় গৃহটো নির্মাণ কৰি দিছে । এইটো বৰ ভাল কাম হৈছে । মানৱতাৰ কাম হৈছে । বানৰ সময়ত নিৰাপত্তাহীনতাত ভোগা, এডোখৰ ঠাই বিচাৰি হাহাকাৰ কৰা মানুহখিনিৰ বাবে এনেদৰে বান আশ্রয় গৃহ নির্মাণ কৰি এক নিদর্শন দাঙি ধৰিছে যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে । ইয়াৰ বাবে সংস্থাটো ধন্যবাদৰ পাত্র ।"
ইয়াৰ সমান্তৰালভাৱে মৰিগাঁও জিলাৰ আয়ুক্তগৰাকীকো ধন্যবাদ দিয়ে কাঠনি গাঁৱৰ ৰাইজে । দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে । আনহাতে, বান আশ্ৰয় গৃহটো সাজি দিয়া শৰৎ চন্দ্র কাগতি চেৰিটেবল ট্রাষ্টৰ বিষয়ববীয়াসকলকো কাঠনি গাঁৱৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ।
ট্রাষ্টৰ সভাপতিয়ে কয়, "দুর্গতসকলৰ বাবে কিবা এটা কৰিবলৈ পাই আমি সুখী হৈছো । আমি এই কামৰ ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম ।"
ইফালে বানপীড়িত অঞ্চলৰ ৰাইজৰ সমস্যাৰ কথা হৃদয়ংগম কৰি জিলা আয়ুক্ত দেৱাশীষ শর্মাই যোৰহাটৰ স্বেচ্ছাসেৱী সংস্থাটোক আমন্ত্রণ কৰি আনি লাহৰীঘাটৰ কাঠনিৰ দুৰ্গতসকলৰ বাবে এনেদৰে এটা বৃহৎ বানৰ স্থায়ী আশ্রয় গৃহ নির্মাণ কৰোৱা কার্যক সকলোৱে একেমুখে শলাগ লৈছে ।
এইকামৰ বাবে শলাগ লৈ স্থানীয় লোকৰ ভাষ্য, "জিলাখনৰ মুৰব্বী প্রশাসনিক বিষয়াগৰাকী জিলাখনৰ অভিভাৱক । মৰিগাঁৱৰ আয়ুক্তগৰাকীয়ে সেই অভিভাৱকৰ দায়িত্ব পালন কৰাই নহয়, তেওঁ এই কথাও প্রমাণ কৰি দেখুৱালে যে ইচ্ছা তথা আত্মবিশ্বাসেৰে আগবাঢ়িলে চৰকাৰী ধন তথা আঁচনিৰ প্ৰতি আশা নকৰাকৈ বহু কামেই কৰিব পাৰি ।"
উল্লেখ্য যে কাঠনি স্থায়ী বান আশ্রয় শিবিৰটো স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ পৰা বিভাগীয়ভাৱে চমজি লৈ ইয়াৰ তদাৰকীৰ দায়িত্ব লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হাতত অর্পণ কৰা হয় । আনহাতে, জিলা প্রশাসনৰ মুৰব্বী বিষয়া হিচাপে জিলা আয়ুক্ত দেৱাশীষ শর্মাই বানপীড়িত অঞ্চলৰ ৰাইজৰ বাবে বান আশ্রয় গৃহটো সাজি দিয়া শৰৎ চন্দ্র কাগতি ট্ৰাষ্টকো কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই ভাল কামটোত সহযোগ কৰা সকলো পক্ষকে ধন্যবাদ জনায় ।

