গুৱাহাটী : স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকাৰ পিচতো মহানগৰীত পিটপিটাই আছে উগ্ৰপন্থী সংগঠনৰ সদস্য় । গোপনে চলাই আছে কাম-কাজ । মহানগৰ আৰক্ষীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতেই গ্ৰেপ্তাৰ হ'ল এটা মণিপুৰী উগ্ৰপন্থী । গজৰাজ ইন্টেলিজেন্সৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মণিপুৰী উগ্ৰপন্থীটোক ।
পিপ'লছ লিবাৰেচন আৰ্মীৰ খোপনি :
গুৱাহাটীত মণিপুৰী উগ্ৰপন্থী সংগঠন পিপ'লছ লিবাৰেচন আৰ্মীৰ দুৰ্ধৰ্ষ সদস্যজনক গ্ৰেপ্তাৰ কৰাৰ পিচতেই আৰক্ষীৰ শীৰ্ষ বিষয়া এগৰাকীয়ে এই অভিযানৰ বিষয়ে সদৰী কৰিছে । আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, সেনাৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে পল্টনবজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে পিপ'লছ লিবাৰেচন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটোৰ দুৰ্ধৰ্ষ সদস্যজনক ।
এই ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই সংবাদ মাধ্যমৰ আগত কয়, "পিপ'লছ লিবাৰেচন আৰ্মীৰ সদস্য় মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গজৰাজ ইন্টেলিজেন্সৰ সহযোগত বশিষ্ঠ আৰক্ষীয়ে পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে । বৰ্তমান বশিষ্ঠ আৰক্ষীয়ে জেৰা চলাই আছে উগ্ৰপন্থীটোক । গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীটোৰ নাম মায়ংলাংবাম ববী সিং (৩১) । "

মণিপুৰ আৰক্ষীৰ ৱান্টেডে বাহৰ পাতিছিল মহানগৰীত :
উপ-আৰক্ষী আয়ুক্ত মৃণাল ডেকাই লগতে কয়, "মণিপুৰৰ বহুতো উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল উগ্ৰপন্থীটো । উগ্ৰপন্থীটোৰ পৰা নথি-পত্ৰ আৰু ইলেকট্ৰিকেল ডিভাইচ পোৱা গৈছে । পূৰ্বৰ কেইদিন বেহাৰবাৰীৰ হোটেলৰ বাহৰ পাতি আছিল উগ্ৰপন্থীটো । ধৃত উগ্ৰপন্থীটোৰ বিৰুদ্ধে মণিপুৰত কেইবাটাও গোচৰ ৰুজু হৈ থকাৰ লগতে মণিপুৰ আৰক্ষীয়ে ৱান্টেড ঘোষণা কৰিছিল ।"