যোৰহাট: নিৰ্বাচন আহিলেই নগালেণ্ড সীমান্তৱৰ্তী ৰাইজলৈ মনত পৰে জনপ্ৰতিনিধিৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ । প্ৰতিটো নিৰ্বাচনৰ আগে আগে তেওঁলোকে সীমান্তৱৰ্তী অঞ্চলত খোজ পেলায় ৰাইজৰ খবৰ ল'বলৈ । নিৰ্বাচনৰ পিচত পাহৰি যায় সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক । সমাধান নহয় ৰাইজৰ জ্বলন্ত সমস্য়াৰ । সেয়েহে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে ভোট বৰ্জনৰ । তেওঁলোকে বৰ্জন কৰিব নিৰ্বাচন ।
পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ ক্ষুব্ধ জনতাই । কাৰণ এই অঞ্চলসমূহত আজিলৈকে সমাধান নহ'ল বিশুদ্ধ খোৱাপানী আৰু বাট-পথৰ সমস্য়াৰ । সমাগত পঞ্চায়ত নিৰ্বাচন । গাঁৱে গাঁৱে শাসকীয় পক্ষ আৰু বিৰোধীয়ে ভোট বিচাৰি ইতিমধ্যে ৰাইজৰ কাষ চাপিছে ।
ৰাইজক দিছে বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতি । কিন্তু ৰজাঘৰৰ এনে প্ৰতিশ্ৰুতি আৰু উন্নয়নে স্পৰ্শ কৰিব পৰা নাই অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত । ইয়াৰ জ্বলন্ত উদাহৰণ যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী সমষ্টিৰ নিউ সোণোৱালৰ সেউজী গাঁও ।
উন্নয়নে ঢুকি নোপোৱা অঞ্চল :
১৯৭৫ চনতে স্থাপিত হোৱা গাঁওখনৰ লোকসকল প্ৰধানঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল । ইয়াত কোনো চৰকাৰী চাকৰিয়াল নাই বুলি ক'লেও ভুল কৰা নহ'ব । সমষ্টিটোৰ ৬১নং কাটনি গাঁও পঞ্চায়তৰ ৭ নং বাৰ্ডত আছে এই অঞ্চলটো । বিগত সময়ছোৱাত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ ,প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈসহ কোনো এগৰাকীয়ে উক্ত অঞ্চলটোলৈ গৈ নাপালে ।
আনকি কাটনি জিলা পৰিষদৰ সদস্য, ৬১নং কাঠনি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু ৱাৰ্ড সদস্যগৰাকীও গৈ নাপালে সীমান্তৱৰ্তী অঞ্চলটোত । ফলত খোৱাপানীৰ পৰা বঞ্চিত হোৱাৰ লগতে বাট-পথকে আদি কৰি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে অঞ্চলটো ।
ওলাই আহিল প্ৰাপ্য অধিকাৰ বিচাৰি :
দীৰ্ঘদিনে উক্ত সমস্যাৰ লগত সংৰ্ঘষ কৰি থকা গাঁওবাসী আজি ওলাই আহিল প্ৰাপ্য অধিকাৰ বিচাৰি । তেওঁলোকে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী । ''ৰাস্তা নাই, ভোট নাই'', ''পানী নাই,ভোট নাই'' আদি শ্ল'গানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।

খোৱাপানীকে আদি কৰি বিভিন্ন সমস্যা সমাধানত যদি গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনকে ধৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত ভোট বৰ্জন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰতিবাদী ৰাইজে চৰকাৰক সকীয়াই দিয়ে ।
এই সন্দৰ্ভত এগৰাকী ক্ষুব্ধ মহিলাই কয়, "নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে পূৰণ কৰা নাই । আমাৰ ইয়াত জলজীৱন আঁচনিৰ পাইপ পোতা হ'ল যদিও বৰ্তমানলৈকে পাইপেদি নাহিল পানী ।"
উল্লেখ্য যে, অসম-নগালেণ্ড সীমান্তৱৰ্তী উক্ত অঞ্চলটোত ৰাইজে খোৱাপানী, ৰাস্তা আদিৰ লগতে নাপালে ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ আৰু শিক্ষানুষ্ঠান ।