লখিমপুৰত বানৰ অশনি সংকেত ! - NEEPCO releases water
Flood scare: পুৱতি নিশাৰে পৰা নীপকোৱে ৰঙানদীত এৰি দিছে পানী । শাৰদীয় বতৰত লখিমপুৰত সম্ভাব্য বানক লৈ আতংকময় পৰিৱেশ ।

Published : October 4, 2024 at 5:22 PM IST
লখিমপুৰ, ৪ অক্টোবৰ : শৰতৰ আগমনৰ লগে লগে ৰাজ্যত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যবাসী দুৰ্গা পূজাক লৈ ব্যস্ত হৈ পৰিছে । তাৰ মাজতে সম্ভাব্য বানক লৈ লখিমপুৰত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি । কিয়নো নীপকোৱে পুনৰ ৰঙানদীত পানী এৰিলে । নিশা জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰি পুৱতি নিশাৰ পৰা নীপকোৱে ৰঙানদীত প্ৰকল্পৰ পানী এৰি দিবলৈ আৰম্ভ কৰে ।
ছাইৰেনৰ শব্দত কঁপিছে লখিমপুৰ
কেৱল বাৰিষাই নহয় খৰালিতো দুৰ্যোগৰ পৰা পৰিত্ৰাণ পোৱা নাই লখিমপুৰবাসীয়ে । নীপকোৱে পানী এৰি দিয়াৰ লগে লগে বিপদৰ আশংকাৰে সঘনাই বাজি উঠিছে ছাইৰেন । যাৰ বাবে ৰাইজ এতিয়া শংকিত হৈ পৰিছে । বিকট ছাইৰেনৰ শব্দত কঁপি উঠিছে লখিমপুৰ । বিশেষকৈ নগৰৰ সমীপেৰে বৈ যোৱা ৰঙানদীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ছাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে । অৰুণাচলৰ য়াজালীত স্থাপন কৰা ৪০৫ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰঙানদীত পানী এৰি দিয়াৰ বাবে নৈপৰীয়া ৰাইজক বিপদৰ আগজাননী দি এনেদৰে ছাইৰেন বজাই সতৰ্ক কৰি দিয়া হৈছে ।
পুৱতি নিশাৰ পৰা নীপকোৱে পানী এৰিছে
জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত নীপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হয় । বাৰ্তাটোত অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱা বুলি উল্লেখ কৰি যিকোনো সময়ত জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থত অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিয়া হ'ব পাৰে বুলি উল্লেখ কৰা হয় । সেয়েহে বাৰ্তাটোৰ জৰিয়তে ৰাইজক নদীৰ পাৰলৈ যোৱা, মাছ ধৰা, পোহনীয়া জীৱ-জন্তু নৈৰ সমীপত ৰখা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হয় । সতৰ্কবাৰ্তা প্ৰেৰণ কৰাৰ পিছত পুৱতি নিশা ৩ মান বজাতে নীপকোৱে প্ৰকল্পৰ এখন গেটৰ ২০০ মিলিমিটাৰ খুলি দিয়ে । পাছত ৪ বজাত ৬০০, ৮ বজাত ৯০০ আৰু ৯.৩০ বজাত ১২০০ মিলিমিটাৰ পৰ্যন্ত গেট খুলি দিয়ে নীপকোৱে ।
সম্ভাব্য বানক লৈ আতংকিত ৰাইজ
নীপকোৱে এৰি দিয়া পানীৰ পৰিমাণ ক্ৰমে বঢ়াই গৈয়ে আছে । প্ৰকল্পৰ পৰা এনেদৰে পানী এৰি দিয়াৰ ফলত ৰঙানদী ফেনে-ফোটোকাৰে বাঢ়ি আহিছে । ক্ৰমে নদীৰ পানীয়ে বিপদসীমা স্পৰ্শ কৰিছে । যাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । শাৰদীয় বতৰত বান পৰিস্থিতিৰ আশংকাত নৈপৰীয়া ৰাইজ জীৱন আৰু সম্পত্তিৰ বাবে চিন্তিত হৈ পৰিছে । নিশালৈও যদি নীপকোৱে এনেদৰে পানী এৰি দিয়া অব্যাহত ৰাখে তেনেহ'লে পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিব বুলি আশংকা কৰা হৈছে ।
উল্লেখ্য যে বাৰিষাৰ ৬ মাহত এনে ঘটনাৰ বহুবাৰ পুনৰাবৃত্তি হয় । নীপকোৱে পানী এৰি দিয়াৰ ফলত বানে অঞ্চলটোত কালৰূপ ধাৰণ কৰে । প্ৰতিবছৰে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হয় । কিন্তু বাৰিষাৰ পিছতো খৰালিত নীপকোৱে পানী এৰি দিয়াৰ ঘটনাই লখিমপুৰৰ ৰাইজক হতাশ কৰি তুলিছে ।
লগতে পঢ়ক :এইবাৰ বতৰে ম্লান পেলাব নেকি দুৰ্গা পূজাৰ আনন্দ ? - IMD forecast Assam

