ETV Bharat / state

পথৰ মাজত পুখুৰী নে পুখুৰীৰ মাজত পথ, জৰাজীৰ্ণ পথে উদঙালে উন্নয়নৰ প্ৰকৃত ছবি

এটা পথে জলা-কলা খুৱাইছে এটা অঞ্চলৰ ৰাইজক । ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ ল'বলৈ যেন আহৰি নাই জনপ্ৰতিনিধিৰ ।

People of a village in Teok react to the pathetic road condition
জৰাজীৰ্ণ পথে উদঙালে উন্নয়নৰ প্ৰকৃত ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

টীয়ক: ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ বাট-পথৰ ব্যাপক উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাইছে চৰকাৰে । কিন্তু এতিয়াও এনে কিছু ৰাস্তা-ঘাট আছে যিসমূহৰ অৱস্থা দেখিলে চকু কঁপালত উঠিব আপোনাৰো । পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ একো ধৰিবকে নোৱাৰি । বছৰ বছৰ ধৰি বহু আবেদন-নিবেদন কৰি অহা পাছতো কোনো উন্নয়ন সাধন হোৱা নাই সেই পথসমূহৰ । তেনে এক সদাব্যস্ত পথ টীয়কৰ টীয়ক-মাজগাঁও-কাৱৈমাৰী সংযোগী পথছোৱা ।

টীয়কৰ অন্যতম গড়কাপ্তানী পথ টীয়ক মাজগাঁও কাৱৈমাৰী সংযোগী পথৰ দুৰৱস্থাই এতিয়া চৰকাৰখনৰ উন্নয়নৰ নমুনা উদঙাই তুলিছে । প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘৰ উক্ত পথচোৱা মেৰামতিৰ বাবে আজিৰ পৰা প্ৰায় তিনিটা বছৰৰ আগতে বিভাগে ধন আবণ্টন দিছিল যদিও ঠিকাদাৰে পথটোৰ নূন্যতম কাম কৰিয়েই ৰহস্যজনকভাৱে পথ মেৰামতিৰ কাম সামৰিলে । ইপিনে বিগত সময়চোৱাত উক্ত পথৰ স্থানীয় বাসিন্দাই বহুবাৰ উৰ্ধতম কৰ্তৃপক্ষক পথচোৱা মেৰামতিৰ বাবে আহ্বান জনাই আহিছে যদিও পথচোৱা সম্পূৰ্ণ নহ'ল আজি পৰ্যন্ত ।

জৰাজীৰ্ণ পথে উদঙালে উন্নয়নৰ প্ৰকৃত ছবি (ETV Bharat Assam)

যাৰ ফলত পথটোত অধিকাংশ স্থানতে ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । যাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথাচাৰী অহা-যোৱাত যথেষ্ট অসুবিধাত পৰিছে । ৰাইজৰ দাবী কিছুদিনৰ পূৰ্বে টেম্প'ত অলপ শিলগুটি আনি ঠায়ে ঠায়ে ছটিয়াই ধুমুচ মাৰি দায় সৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

দীৰ্ঘদিন ধৰি পথছোৱাৰ বাবে দুৰ্ভোগ ভুগি অহা এগৰাকী স্থানীয় লোকে কয়, "বছৰ বছৰ ধৰি আমি যমৰ যাতনা ভুগি আহিছোঁ । মেৰামতিৰ নামত এখন টেম্প'ত অলপ শিলগুটি আনি ছটিয়ালে, ঠায়ে ঠায়ে দ গাঁতত ধুমুচ মাৰি কাম সামৰিলে । এই বাৰিষাৰ আৰম্ভণিতে পথটোৰ এই অৱস্থা যেতিয়া আগলৈ চাগে আমাৰ আৰু দুৰ্যোগ হ'ব । সেয়ে পথচোৱা মেৰামতি কৰি আমাক উপকৃত কৰে যেন । আমি মুখ্যমন্ত্ৰীলৈও জিঅ' টেক কৰি ইতিমধ্যে ফটো পঠাইছোঁ । আশা কৰো তেওঁ আমাক সহায় কৰিব ।"

লগতে পঢ়ক: কুলশী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিবাদ - PROTEST AGAINST KULSI DAM

ধুবুৰীৰ পাছত লখিমপুৰ; নামঘৰৰ সন্মুখত কোনে পেলাই থৈ গ'ল গো-মুণ্ড ? - CATTLE HEAD FOUND NEAR NAMGHAR