আদৰ্শগাঁৱত জিলিকিছে নৈপৰীয়া সংস্কৃতি আৰু কুমাৰ শিল্প
এখন আদৰ্শ গাঁৱত দুই শিল্পক জীৱিকা হিচাপে লৈছে গাঁওবাসীয়ে । চাকৰিমুখী হোৱাতকৈ পূৰ্বপুৰুষে শিকাই যোৱা পৰম্পৰাৰে স্বাৱলম্বী হোৱাৰ শিক্ষা দিছে নৱপ্ৰজন্মক ।

Published : March 8, 2025 at 8:43 PM IST
যোৰহাট: নৈপৰীয়া পৰম্পৰা আৰু সংস্কৃতি আগত লৈ নতুন প্ৰজন্মক জীৱন জীৱিকাৰ বাট দেখুওৱা এখন আদৰ্শ গাঁও । গাঁওখনৰ প্ৰত্যেক ঘৰ লোকৰ আগফালে দেখা যায় আজাৰ, উৰিয়াম গছৰ কাঠ আৰু কুমাৰৰ মাটি । এই আদৰ্শ গাঁওখনে যেন দি গৈছে এক কৰ্মসংস্কৃতি আৰু সংগ্ৰামৰ বাৰ্তা । কাৰণ যি সময়ত সকলো চৰকাৰী চাকৰি পিছে পিছে ঘুৰি ফুৰিছে, সেইসময়ত যোৰহাট ঢেঁকীয়া খোৱা দগাচুক ইন্দিৰা আদৰ্শ গাঁৱৰ বাসিন্দাসকলে নিজৰ সন্তানক দেখুৱাইছে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা উৎকৃষ্ট পথ ।
বৰলুইতৰ বান-গৰাখহনীয়াত পৰি সকলো ভৰা লুইতৰ বুকুত সপি দি ঠিকনাবিহীন হোৱা মাজুলীৰ শালমৰাৰ ৫৩ টা পৰিয়ালক ২০০৪ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংস্থাপন দিছিল যোৰহাটৰ ঢেকীয়াখোৱা অঞ্চলত । বানত সকলো হেৰুৱাই তেওঁলোকে মাথো লৈ আহিছিল বোপা ককাৰ দিনৰ দুই পৰম্পৰা । বোপা ককাৰ দিনৰ পৰম্পৰাক হাতৰ বিদ্যালৈ পৰিণত কৰি তেওঁলোকে নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সৰুকৈ জড়িত হৈ পৰিছিল মৃৎশিল্প আৰু নাওশিল্পৰ লগত ।
ক্ৰমান্বয়ে সময় বাগৰি যোৱাৰ লগে লগে এই শিল্পৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰিলে । বৰ্তমান প্ৰত্যেক ঘৰতে এই শিল্পৰ ছবি ফুটি উঠিছে আৰু প্ৰত্যেক দিনাই প্ৰতিটো পৰিয়াল জড়িত হৈ থাকে নাও তৈয়াৰ কৰাৰ লগতে মাটিৰ পাত্ৰ তৈয়াৰ কৰাত । মহিলা-পুৰুষ সকলোৰে মাজত ইন্দিৰা আদৰ্শ গাঁৱত দেখা পোৱা যায় সীমাহীন ব্যস্ততা ।

তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা নাও আৰু মাটিৰ বাচন-বৰ্তন নৈপৰীয়া অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সিঁচৰতি হৈ পৰিছে । বিলুপ্তিৰ পথত থকা এই শিল্পক জীয়াই ৰখা গাঁওখন এতিয়া আৰ্থিকভাৱে টনকিয়াল আৰু কিবা প্ৰয়োজনীয় বস্তুৰ বাবে বেলেগৰ ওচৰত শৰণাপন্ন হ'ব নালাগে ।
আনহাতে নাওশিল্পৰ লগত জড়িত দুজন ব্যক্তিয়ে কয়, "২০০৪ চনত মাজুলী শালমৰাৰ ৫৩ টা পৰিয়ালক কংগ্ৰেছ চৰকাৰে আঢ়ৈ কঠাকৈ মাটি দি ইয়াত সংস্থাপিত কৰিছিল আৰু ক্ৰমান্বয়ে এই সংখ্যা শতকৰ ঘৰত অতিক্ৰম কৰিলে । সেই সময়ত আমি আহোতে প্ৰথমে খালি হাতেৰে আহিছিলো । লোকৰ ঘৰত অতি কম পইচাত হাজিৰা কৰিছিলো । কিন্তু এই পইচাৰে পৰিয়াল পোহপাল দিয়াটো কঠিন হৈ পৰিছিল । সেয়েহে আমাৰ বোপা ককাৰ দিনৰ দুটা বিদ্যা নাও আৰু কুমাৰ শিল্পক সাৰথি হিচাপে লৈ আগবাঢ়ি গ'লো ।"

লগতে তেওঁলোকে কয়, "এখন সৰু নাও তৈয়াৰ কৰোতে আমাক পাঁচৰ পৰা সাত দিন সময় লাগে । কিন্তু এখন ডাঙৰ নাও বনাবলৈ ২০ দিন সময় লাগে আৰু একোখন সৰু নাও আমি ১৪ ৰ পৰা ১৬ হাজাৰ টকাত বিক্ৰী কৰো । সাধাৰণতে নাও এখন তৈয়াৰ কৰিবলৈ আমাক মূলতঃ আজাৰ কাঠ লাগে ৷ কিন্তু আজাৰ কাঠৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে আমি উৰিয়াম কাঠ ব্যৱহাৰ কৰিবলগীয়া হয় । আমাৰ নাও আমাৰ পদূলিৰ পৰাই বিক্ৰী হৈ যায় ।"

আনহাতে কুমাৰ শিল্পৰ লগত জড়িত এগৰাকী মহিলাই কয়, "মাজুলীতকৈ আমি থকা ঠাইত এই ব্যৱসায়টো বহুত উন্নত হৈছে আৰু ইয়াত মাটিৰে তৈয়াৰ কৰা সকলো পাত্ৰই পাব । এইসমূহ মাটিৰ পাত্ৰ যোৰহাট জিলাৰ লগতে কাষৰীয়া শিৱসাগৰ আৰু গোলাঘাটলৈ নিয়ে ।" উল্লেখ্য যে কুমাৰ শিল্পৰ ক্ষেত্ৰত চৰকাৰে অলপ পৰিমাণে সহায় কৰিলেও বিলুপ্তপ্ৰায় নাওশিল্পৰ ক্ষেত্ৰত কোনো সহায় সহযোগিতা কৰা নাই বুলি তেওঁলোকে আক্ষেপ কৰে ।

