সপোন আছিল ডাঙৰ মানুহ হোৱাৰ ! কিন্তু এতিয়া ঘৰখনেই নাই, নাই বিদ্য়ালয়ো
ধিঙত উচ্ছেদিত লোকৰ উচুপনি । তেওঁলোকৰ সন্মুখত যেন অন্ধকাৰ ভৱিষ্য়ৎ ।

Published : August 29, 2025 at 4:48 PM IST
নগাঁও: নিজে সজা ঘৰখন নিজ হাতেৰেই ভাঙি আজি অসহায় বহুতো লোক । কেইদিনমান আগলৈকে থকা আপোন ঘৰখন আজি চকুৰ সন্মুখত নাই । তেওঁলোকে এতিয়া ৰ'দ, বতাহ-বৰষুণ নেওচি থাকিবলগীয়া হৈছে মুকলি আকাশৰ তলত । আশ্ৰয় লৈ কাঢ়িছে কেৱল হুমুনিয়াহ ।
অসমৰ ইতিহাসত নজিৰ সৃষ্টি কৰা নগাঁও জিলাৰ ধিঙৰ ডুমডুমীয়াৰ জেঙনি, বলিকীয়াৰ চৰকাৰী ভূমি বেদখলকাৰীয়ে এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে মুকলি আকাশৰ তলত । দুই-এক পৰিয়ালে নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লোৱাৰ বিপৰীতে কোনোবাই যদি বাঁহবাৰী, আন কোনোবাই মুকলি আকাশৰ তলতেই আশ্ৰয় লৈছে । এফালে আশ্রয়ৰ অভাৱ আৰু আনফালে এমুঠি অন্নৰ চিন্তা ।
এনে এক পৰিবেশৰ মাজতেই তিনিটা দিন অতিবাহিত কৰিছে জেঙনি আৰু বলিকীয়াৰ একাধিক পৰিয়ালে । দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰা এনে তিনিটাকৈ পৰিয়াল এতিয়া একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে । কেৱল এয়াই নহয়, ভৱিষ্যতৰ সু-নাগৰিক এতিয়া শিক্ষাৰ পৰাও বঞ্চিত দিশত ।
শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী:

“ভাবিষ্যতে ডাঙৰ মানুহ হোৱাৰ সপোন আছিল । পঢ়া-শুনা কৰি সফল হোৱাৰ মন আছিল; কিন্তু এতিয়া থাকিবলৈ আমাৰ ঘৰখনেই নাই । পঢ়িবলৈ কোনো পৰিবেশ নাই। বিদ্যালয়খনো ভাঙি পেলোৱা হৈছে।” নিজৰ অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ এইদৰে ক'লে সাহিদা, কহিনুৰহঁতৰ দৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে । চৰকাৰী মাটিত ঘৰ সাজি ভুল কৰিছিল অভিভাৱকে; কিন্তু এতিয়া যেন তাৰ ফল ভোগ কৰিবলগীয়া হৈছে কাইলৈৰ দেশৰ সু নাগৰিক বুলি গণ্য কৰা নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত জেঙনিৰ শতাধিক শিশুৱে ।
কোনোবাই গম পায়, আন কোনোবাই গমেই নাপায় তেওঁলোকে অধ্যয়ন কৰা বিদ্যালয়খনো যে আৰু নাই । বিদ্যালয়খন নুৰুন নেহাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল । ২০০৫ চনতেই স্থানীয় একাংশ শিক্ষিত লোকে জেঙনি তিনিআলিৰ চৰকাৰী ভূমিত স্থাপন কৰিছিল নুৰুন নেহাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন । সম্প্ৰতি স্কুলখনত ৭০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ শিক্ষক জেহেৰুল ইছলামে । তেওঁ কয়, "বিদ্য়ালয়খন চৰকাৰী মাটিত আছিল আৰু সেইবাবে আমি নিজেই ভাঙিছো । আমাৰ ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আছে । ছয় মাহিলী পৰীক্ষা আহি আছে, সেইবাবে সমস্য়াৰ সৃষ্টি হৈছে ।"

জিলা প্ৰশাসনৰ জাননী লাভ কৰি বিদ্যালয় কৰ্তৃপক্ষই নিজেই বিদ্যালয়খন ভাঙি বেদখলমুক্ত কৰে চৰকাৰী ভূমি । কাৰ অনুমতিত চৰকাৰী মাটিত স্কুল স্থাপন কৰা হৈছিল তাৰ কোনো সঠিক উত্তৰ দিব পৰা নাই শিক্ষকগৰাকীয়ে । সেয়া যিয়েই নহওঁক, কাৰোবাৰ ভুলৰ বাবে এতিয়া যেন একপ্ৰকাৰ অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে বিদ্যালয়খনত অধ্যয়ন কৰা সাত শতাধিক ছাত্ৰী-ছাত্ৰী । ছমহীয়া পৰীক্ষাৰ প্ৰাকমুহূৰ্তত বিদ্যালয় এইদৰে উচ্ছেদ হোৱাত বিশেষকৈ মেট্ৰিক দিবলগীয়া ছাত্ৰী-ছাত্ৰীৰ লগতে বিমোৰত পৰিছে অভিভাৱকসকলো ।

মুকলি আকাশৰ তলত আশ্ৰয় বিশেষভাৱে সক্ষম পৰিয়ালৰ:
নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ বলিকটীয়া আৰু জেঙনি তিনিআলিৰ চৰকাৰী ভূমিত বসবাস কৰি অৱশেষত নিজে নিজে চৰকাৰী ভূমিত থকা ঘৰ উচ্ছেদ কৰি এক নিদৰ্শন দেখুওৱা ৫১ টাকৈ পৰিয়ালৰ বহুতে এতিয়া আশ্ৰয়ৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে । ভূমিহীন বহু পৰিয়াল এতিয়াও আশ্ৰয়ৰ অভাৱত পথৰ দাঁতিতেই আশ্ৰয় লৈছে মুকলি আকাশৰ তলত । ইয়াৰ মাজতে তিনিটাকৈ বিশেষভাবে সক্ষম পৰিয়ালে যেন চকুৰে সৰিয়হ ফুল দেখা পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে ।

আবুল কালামৰ দৃষ্টিহীন পৰিয়ালটোৰ লগতে আন দুটাকৈ বিশেষভাবে সক্ষম পৰিয়ালে দিনভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আহিছিল । ভিক্ষাবৃত্তিত জড়িত হৈ দিনটোত পোৱা ধন অথবা চাউলেৰে নিশা এসাজ খোৱা পৰিয়ালটো আজি আশ্ৰয়ৰ চিন্তাত মুকলি আকাশৰ তলত লঘোণে কটাবলগীয়া হৈছে । আনকি পৰিয়ালটোৰ কণ কণ সন্তানো এতিয়া স্কুললৈ যোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । এই কথা ব্যক্ত কৰি উচুপি উঠে বিশেষভাবে সক্ষম আবুল কালামে ।

সংস্থাপনহীন শতাধিক শিক্ষিত নিবনুৱা:
প্ৰশাসনৰ বুলড'জাৰ অবিহনেই জাননী জাৰি কৰা ধিং ৰাজহ চক্ৰৰ অধীনৰ বলিকীয়াৰ ৫১ টা পৰিয়ালৰ লগতে জেঙনি তিনিআলিত থকা ১২০ টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান স্বেচ্ছাই উচ্ছেদ কৰিলে ক্ষুদ্ৰ ব্যৱসায়ীসকলে । ১২০ খনকৈ দোকান ভাঙি পেলোৱা জেঙনি তিনিআলিৰ এই বজাৰখনৰ নামেই আছিল শিক্ষিত মাৰ্কেট । বজাৰখনত থকা ব্যৱসায়ীসকলৰ প্ৰতিগৰাকীয়েই আছিল শিক্ষিত যুৱক । স্থানীয় লোকে জনোৱা মতে, “উচ্চতৰ মাধ্যমিকৰ লগতে স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকেও এই বজাৰখনত সৰু-সুৰা ব্যৱসায় কৰি নিজকে সংস্থাপিত কৰিছিল; কিন্তু বজাৰখন সম্পূৰ্ণ উচ্ছেদ হোৱাত এতিয়া সংস্থাপনহীন হৈ পৰিল শতাধিক শিক্ষক যুৱক।”

চৰকাৰ তথা প্ৰশাসনৰ আহ্বানক সন্মান জনাই স্বেচ্ছাই নিজৰ ঘৰ, দোকান উচ্ছেদ কৰি দিশহাৰা হোৱা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপন, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় স্থাপনৰ লগতে নিবনুৱা হৈ পৰা শিক্ষিত যুৱকসকলকো পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই স্থানীয় লোকৰ লগতে ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰে ।

