বনৰীয়া ম’হৰ আক্ৰমণত দুজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত
সোমবাৰৰ দিনটো ভালেৰে নগ’ল তেজপুৰবাসীৰ ৷ এটা বনৰীয়া ম’হে সোমবাৰৰ দিনটোত আক্ৰমণ চলাই প্ৰাণ ল’লে দুজনকৈ ব্যক্তিৰ ৷

Published : June 2, 2025 at 11:08 PM IST
তেজপুৰ: সোমবাৰে তেজপুৰ চহৰৰ মাজমজিয়াত বনৰীয়া ম’হৰ আক্ৰমণত দুজন লোক নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ প্ৰাতঃভ্রমণৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে বন বিভাগে ৷
অইন দিনাৰ দৰে প্ৰাতঃভ্ৰমণলৈ বুলি ওলাই অহা ধৰচন দাস নামৰ ব্যক্তিগৰাকীক জাহাজঘাটত এটা বনৰীয়া ম’হে অতৰ্কিতে আক্ৰমণ কৰে ৷ ম’হটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ ব্যক্তিগৰাকী মৃত্যুমুখত পৰে ৷
পৰৱৰ্তী সময়ত ম’হটোৱে গণেশমিল চাৰিআলি মাষ্টাৰ কলনীৰ ভজন গোপ নামৰ বৃদ্ধলোকগৰাকীক আক্ৰমণ কৰে ৷ ম’হটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৮০ বছৰীয়া বৃদ্ধ ভজন গোপক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও নিয়তিৰ ওচৰত হাৰ মানে ব্যক্তিজনে ৷
আনহাতে, তেজপুৰ আঞ্চলিক বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকাই জানিবলৈ দিয়া মতে এই ঘটনাত ৰাগিনী চৌধুৰী, প্ৰদীপ ভৌমিক আৰু অপু ৰায় নামৰ আন তিনিজন লোকো আহত হৈছে ৷ সম্প্ৰতি চিকিৎসালয়ৰ আই চি ইউত ৰাগিনী চৌধুৰীয়ে জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে ৷

ম’হটোৱে ভজন গোপ নামৰ ব্যক্তিজনক আক্ৰমণ কৰাৰ পিছত তেজপুৰৰ পল’ ফিল্ডত প্ৰৱেশ কৰে ৷ তাৰ পৰা এঘৰ লোকৰ ঘৰৰ পকী দেৱাল পাৰ মাৰি সম্প্ৰতি এক পিটনিত অৱস্থান কৰি আছে ম’হটোৱে । বন বিভাগে ম'হটো অৱস্থিতি বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে যদিও সঠিক তথ্য লাভ কৰা নাই ৷
আঞ্চলিক বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকাই কয়, ‘‘ইতিমধ্যে বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীস্থিত উদ্ধাৰকাৰী দলক তাৎক্ষণিকভাৱে ম’হটোক ট্ৰেংকুলাইজ কৰিবলৈ খবৰ দিছে । আকস্মিকভাৱে এই কৰুণ ঘটনা সংঘটিত হৈছে ৷ বৰ্তমান তেজপুৰ চহৰৰ ৰাইজক ৰাজপথত সাৱধানতা অৱলম্বন কৰিবলৈ মাইকযোগে জনোৱাৰ ব্যৱস্থা কৰা হৈছে, যেতিয়ালৈকে ম’হটো ধৰিব পৰা নাযায় ৷’’
লগতে পঢ়ক: স্বস্তিৰ নিশ্বাস ! খোৱাঙত ১১ জাই গুলী ফুটাই খেদিলে ম'হ - Wild Buffalo terror in Assam

