ETV Bharat / state

মায়াবিনী ৰাতিৰ বুকুত... গীত গাই সংগীতৰ ভগৱানক শেষ শ্ৰদ্ধা অনুৰাগীৰ

জয় জুবিন দা..., আমাৰ জুবিন দাক উভতাই দিয়ক... আদি ধ্বনিৰে শিল্পীগৰাকীৰ কাহিলীপাৰা বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীৰ ।

TRIBUTE TO ZUBEEN DA
অজান দেশলৈ গুচি গ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ (DIPR Assam, you tube)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 8:53 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : হৃদস্পন্দন বিহীন প্ৰথমটো দিন পাৰ কৰিলে ৰাজ্যবাসীয়ে । গান, ছবিৰ বর্ণিল অধ্যায় সামৰি চিৰদিনলৈ অজান দেশলৈ গুচি গ'ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ।

মৃত্যু চিৰন্তৰ সত্য... কিন্তু এই চিৰন্তৰ সত্যই যেন মানি ল'ব বিচৰা নাই অসমবাসীয়ে । শুকুৰবাৰৰ দিনটোত কোনেও শুনিব নোখোজা সেই অকল্পনীয় খবৰটো অহাৰ পাছৰে পৰা হাহাকাৰ সৃষ্টি হৈছিল প্ৰতিগৰাকী অসমীয়াৰ মাজত ।

মায়াবিনী ৰাতিৰ বুকুত... (ETV Bharat Assam)

''জয় জুবিন দা...'', ''আমাৰ জুবিন দাক উভতাই দিয়ক...'' আদি ধ্বনিৰে শিল্পীগৰাকীৰ কাহিলীপাৰা বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা অনুৰাগীসকলে । অনুৰাগীয়ে গালে ''মায়াবিনী ৰাতিৰ বুকুত...''।

প্ৰতিগৰাকী অনুৰাগীয়ে কৈ গ'ল- ''অমৰ হওঁক জুবিন দা । জুবিন দাৰ মৃত্যু নাই হোৱা, আমাৰ মনত তেওঁ সদায় জীয়াই থাকিব ।''

ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তও বিচাৰিলে বহু অনুৰাগীয়ে । অনুৰাগীৰ মন্তব্য, ''চৰকাৰে উচিত তদন্ত কৰক । দোষীয়ে যাতে কোনো কাৰণত সাৰি যাব নোৱাৰে ।''

Peaceful last tribute to Zubeen Garg at his residence
জুবিন দাক কাহিলীপাৰা বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন (ETV Bharat Assam)

ইফালে শিল্পীগৰাকী সৈতে কেইবাবছৰো একেলগে থকা একালৰ সহযোগী মাজুলীৰ মহেন্দ্ৰ বৰাক দেখা গ'ল অন্য এটা ৰূপত । চুৰিয়া পৰিধান কৰি তিনিদিনলৈ জুবিন গাৰ্গৰ ভাতৃৰ ৰূপত কৰ্তব্য পালন কৰিব বুলি মন্তব্য কৰিলে বৰাই ।

বৰাই কয়, ''বহু বছৰ ধৰি মই দাদাৰ সৈতে আছিলো । মোক ভাতৃৰ দৰে মৰম কৰিছিল দাদাই । সেয়ে ভাতৃৰ দায়িত্ব পালন কৰি তিনিদিনলৈ মই এনেদৰে থকাৰ সিদ্ধান্ত লৈছো ।''

এই অবাঞ্চিত খবৰটোৰ পাছতে যেন চিৰদিনলৈ স্তব্ধ হ'ল অসমীয়া জাতিৰ সোণালী কণ্ঠ । অন্ত হ'ল এটা সুৰৰ । অৱসান হ'ল এটা যুগৰ । সমগ্ৰ ৰাজ্যতে এতিয়া বৈছে শোকৰ বন্যা ।

শনিবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰী স্বতঃস্ফুতভাৱে বন্ধ হৈ পৰিল । অনুৰাগীয়ে ঠায়ে ঠায়ে জুবিনৰ ফটোত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে হিয়াৰ আমঠুগৰাকীক ।

লগতে পঢ়ক : জুবিনৰ শেষযাত্ৰাত অংশ ল'বলৈ দিয়ক সিদ্ধাৰ্থক: চকুলো টুকি ক'লে গৰিমা শইকীয়া গাৰ্গে

লগতে পঢ়ক : শোক সাগৰত ৰাজ্যবাসী: গীতে-মাতে প্ৰিয় শিল্পীক স্মৰণ, সাজু কৰা হৈছে পুষ্পসজ্জিত বাহন