ট্ৰাই চাইকেলৰ চকা ঘূৰিলেহে জ্বলে পাকঘৰৰ চৌকা
দুৰ্ঘটনাই সলনি কৰিছিল লোকজনৰ জীৱনৰ গতিপথ । তথাপি তেওঁ হাৰমনা নাই । শাৰীৰিক প্ৰতিবন্ধকতাক প্ৰত্য়াহ্বান জনাই আগুৱাই নিছে জীৱনচক্ৰ ।

Published : July 12, 2025 at 6:58 PM IST
যোৰহাট : এখন ট্ৰাই চাইকেল । এই ট্ৰাই চাইকেলখনৰ চকা ঘূৰিলেহে এটা পৰিয়ালৰ পেটৰ ভাতমুঠি মোকলাব পাৰে । পৰিয়ালটোক পোহপাল দিয়াৰ বাবে এই ট্ৰাই চাইকেলৰ বাহিৰে উপাৰ্জনৰ নাই কোনো বিকল্প পথ । সেয়েহে জীৱন-জীৱিকাৰ বাবে এজন লোকে এই ট্ৰাই চাইকেলখনকে পৰ্যবসিত কৰিছে ভ্ৰাম্যমাণ দোকানলৈ । ইয়াৰ আঁৰতো আছে এক কৰুণ কাহিনী ।
যোৰহাট নগৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ নিলগত পথৰ ওপৰতেই আছে এই ট্ৰাই চাইকেলখন । পিছে বহুতেই নাজানে এইখন যে ট্ৰাই চাইকেল । কাৰণ ট্ৰাই চাইকেলখনৰ চাৰিওফালে ওলমি থাকে চিপচৰ লগতে বাদাম, চানাচুৰ আৰু পাণ মচলাৰ পেকেট । পুৱাৰে পৰাই দেখা পোৱা ট্ৰাই চাইকেলখনত বহি থাকে এজন লোক । এই লোকজন শাৰীৰিকভাৱে প্ৰতিবন্ধী যদিও পৰিয়ালক পোহপাল দিবলৈ এইদৰে ট্ৰাই চাইকেলখনকেই ব্য়ৱহাৰ কৰিছে ভ্ৰাম্য়মান দোকান হিচাপে ।
এই অঞ্চলটোৰ প্ৰায়ভাগ লোকেই তেওঁৰ পৰিচিত । কেইবছৰমান পূৰ্বে তেওঁ এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । উপযুক্ত চিকিৎসা কৰিব নোৱৰা বাবে সম্পূৰ্ণভাৱে সুস্থ হৈ নুঠিল । তেওঁৰ ওপৰতেই আছে আকৌ এটি পাঁচজনীয়া পৰিয়ালক পোহপাল দিয়াৰ দায়িত্ব । সেয়েহে তেওঁ এইদৰে জীৱিকাৰ পথ মোকালাবলৈ বাধ্য় হ'ল । এই লোকজন হৈছে চেঙেলী গাঁৱৰ বাবুল দত্ত ।
তেওঁ যোৰহাট, ডিব্ৰুগড় আৰু গুৱাহাটীত চিকিৎসা কৰাইছিল যদিও সম্পূৰ্ণভাৱে সুস্থ হৈ নুঠিল । তেওঁ এতিয়া ভালদৰে খোজ কাঢ়িবও নোৱাৰে । নিজৰ ভৰিত থিয় হৈ চলা-ফুৰা কৰিব নোৱাৰিলেও আনৰ বোজা হৈ জীয়াই থাকিবও নোখোজে । সেয়েহে ট্ৰাই চাইকেলখনকেই ব্য়ৱহাৰ কৰিছে ভ্ৰাম্য়মাণ দোকান ৰূপে । তেওঁ কিন্তু হাতেৰে ঘূৰাই ঘূৰাই ট্ৰাই চাইকেলখন বহু দূৰলৈ চলাই নিব নোৱাৰে । মাত্ৰ এক কিলোমিটাৰ মানলৈকে চলাব পাৰে ।

ট্ৰাই চাইকেলখনত চিপচ, পাণ মচলাৰ পেকেট, তামোল ওলোমাই ভোগদৈ দলঙৰ পৰা কেন্দুগুৰি বাইপাচলৈ চলাই প্ৰত্যক দিনাই তেওঁ বিক্ৰী কৰি আহিছে এইবোৰ । বাবুল দত্তই শাৰীৰিক প্ৰতিবন্ধকতাৰ স্বত্বেও স্বাভিমানেৰে উপাৰ্জন কৰি পৰিয়াল চলাইছে । কিন্তু বাবুল দত্তই হাতেৰে চলোৱা ট্ৰাই চাইকেলত দোকান বান্ধি প্ৰতিদিনে চলা-ফুৰা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । সেয়ে তেওঁ এখন মটৰ চালিত বাহনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে ।
বাবুল দত্তই ২০১৯ ত আৰম্ভ কৰে তেওঁৰ ভ্ৰাম্যমাণ দোকানখন । যোৰহাটৰ কেন্দুগুৰীস্থিত ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ শিক্ষয়িত্ৰী ৰেণু দত্তই বাবুল দত্তক এখন ট্ৰাই চাইকেল উপহাৰ দিয়ে । তেতিয়াৰে পৰাই তেওঁ এনেদৰে চলাই নিছে জীৱন সংগ্ৰাম ।
বাবুল দত্তই তেওঁৰ জীৱন কাহিনী বৰ্ণনা কৰি কয়, "মোৰ দুৰ্ঘটনা হোৱাৰ পিচত যোৰহাট, ডিব্ৰুগড় আৰু গুৱাহাটীত চিকিৎসা কৰাইছিলো যদিও ভাল নহ'ল । চিকিৎসকে চিকিৎসাৰ বাবে বাহিৰলৈ যাব লাগে বুলি কৈছিল যদিও ধনৰ অভাৱত যাব নোৱাৰিলো । ওচৰৰে শিক্ষয়িত্ৰী ৰেণু দত্তই মোক ট্ৰাই চাইকেল দিয়ে । এইখনেৰে মই ব্য়ৱসায় কৰি খাই আছো । এইখনেৰেই পাঁচজনীয়া পৰিয়ালটোক পোহপাল দি আছো ।"

